ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত ৰিহানা-জাহ্নৱীৰ নৃত্যত মোহিত হ’ল অনুৰাগী

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:55 PM IST

Anant-Radhika's Pre-wedding: বৰ্তমান সময়ত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । পাৰ্টিৰ ভিতৰৰ ইটোৰ পিচত সিটোকৈ ভিডিঅ’ পোহৰলৈ আহিছে ৷ এতিয়া শেহতীয়াকৈ আন এটা নতুন ভিডিঅ’ ওলাইছে, য’ত ৰিহানা-জাহ্নৱীয়ে নৃত্য কৰা দেখা গৈছে ৷

Rihanna, Janhvi Kapoor Burn Dance Floor with Zingaat Moves at Anant-Radhika's Pre-wedding - Watch
ৰিহানা-জাহ্নৱীৰ নৃত্য

চিটাৰা ডেস্ক, ২ মাৰ্চ: যোৱা ১ মাৰ্চৰ পৰা গুজৰাটৰ জামনগৰত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান ধুমধামেৰে আৰম্ভ হৈছে ৷ য’ত ভাৰত আৰু বিদেশৰ বহু ডাঙৰ ব্যক্তিত্বই প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । বৰ্তমান অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনটোৰ বহু ছবি আৰু ভিডিঅ’ ইটোৰ পিচত সিটোকৈ পোহৰলৈ আহিছে, য’ত তাৰকাৰ পৰা আৰম্ভ কৰি আম্বানী পৰিয়াললৈকে সকলোৱে উদযাপনত মগ্ন হোৱা দেখা গৈছে ।

কিন্তু এতিয়া প্ৰি-ৱেডিং অনুষ্ঠানৰ পৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, যিটো দেখি আচৰিত হৈ পৰিব আপুনি ৷ এইকাৰণেই আচৰিত হ’ব কাৰণ এই ভিডিঅ’টোত দুগৰাকী তাৰকাই নিজৰ নৃত্যৰে ইগৰাকীয়ে সিগৰাকীক প্ৰতিযোগিতা দিয়া দেখা গৈছে ।

আচলতে আমি যাৰ কথা কৈছো সেয়া হৈছে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা ৰিহানা ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ পৰা ভাইৰেল হোৱা এই তাৰকা দুগৰাকীৰ ভিডিঅ’ই বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে । ভিডিঅ’টোত দুয়োগৰাকী তাৰকাক ননষ্টপ নৃত্য কৰি থকা দেখা গৈছে । দুয়োগৰাকীয়ে নিজৰ নৃত্যৰে সকলোকে মোহিত কৰি তুলিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভিডিঅ’টোত জাহ্নৱীৰ ছবি ‘ধড়ক’ৰ নৃত্য গীত জিংগাতত জাহ্নৱী আৰু ৰিহানাক নৃত্য কৰা দেখা গৈছে । এই সময়চোৱাত দুয়োৱে ককাল ঘূৰাই ইগৰাকীয়ে সিগৰাকীৰ সৈতে নৃত্য কৰা দেখা যায় ৷ ইফালে ৰিহানাৰ সৈতে নৃত্য পৰিৱেশন কৰাৰ সময়ত জাহ্নৱীৰ মুখত সুখ স্পষ্টকৈ দেখা যায় । ৰিহানা আৰু জাহ্নৱীৰ এই নৃত্য ভিডিঅ’টো ইমানেই আকৰ্ষণীয় যে ইয়াৰ পৰা দৃষ্টি আঁতৰাব পৰা নাই অনুৰাগীয়ে ৷

আজি অতিথিসকলে জংঘল ছাফাৰীলৈ যাব

উল্লেখ্য যে, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ চলিব । গুজৰাটৰ জামনগৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে, যাৰ বাবে সমগ্ৰ জামনগৰক কইনাৰ দৰে সজাই তোলা হৈছে । বলীউডৰ পৰা হলিউডলৈকে বহু প্ৰবীণ অভিনেতাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । ইয়াৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলেও ইয়াত উপস্থিত হৈছে ।

প্ৰি-ৱেডিঙৰ প্ৰথম দিনাই ককটেল পাৰ্টি আছিল য’ত আন্তঃৰাষ্ট্ৰীয় পপ গায়িকা ৰিহানাই নিজৰ ষ্টাইলেৰে সকলোৰে হৃদয় জয় কৰিছিল । ৰিহানা আৰু আম্বানী পৰিয়ালকো পাৰ্টিৰ মঞ্চত একেলগে নৃত্য কৰা দেখা গৈছিল । খবৰ অনুসৰি প্ৰি-ৱেডিঙৰ দ্বিতীয় দিনা অৰ্থাৎ আজি অতিথিসকলক জংঘল ছাফাৰীলৈ লৈ যোৱা হ’ব । ইয়াৰ বাবে পোছাক থিম ভিত্তিক হ’ব । ইয়াৰ পিচত সন্ধিয়া ‘মেলা ৰুজ’ৰো আয়োজন কৰা হ’ব ।

লগতে পঢ়ক: ৰাধিকা-অনন্তৰ প্ৰি-ৱেডিঙত অনুষ্ঠান পৰিৱেশন কৰি ভাৰতৰ পৰা উভতিল ৰিহানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.