ETV Bharat / entertainment

য়ামী গৌতমৰ পিচত এতিয়া ৰিচা চাড্ডাই দিলে ভাল খবৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 4:26 PM IST

Richa Chadha pregnant: য়ামী গৌতমৰ পিচত এতিয়া সুখবৰ দিলে 'ফুক্ৰেৰ 'ভোলী পঞ্জাবন' অৰ্থাৎ ৰিচা চাড্ডাই । ছ’চিয়েল মিডিয়াত পোষ্টযোগে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

Richa Chadha - Ali Fazal Expecting Their First Child Together
মাতৃ হ’ব ৰিচা চাড্ডা

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: বলীউডৰ পৰা বৰ্তমান আহিছে ইটোৰ পিচত সিটোকৈ সুখবৰ । বলীউডত ইগৰাকীৰ পিচত সিগৰাকী অভিনেত্ৰীয়ে দিছে সুখবৰ ৷ শেহতীয়াকৈ য়ামী গৌতমে অন্তঃসত্বা হোৱাৰ কথা ঘোষণা কৰিছিল ৷ এতিয়া আকৌ বলীউডৰ পৰা আহিছে আন এটা ভাল খবৰ ৷ মাতৃ হ’ব ‘ফুক্ৰে’ অভিনেত্ৰী ৰিচা চাড্ডা । অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়াত । অৰ্থাৎ অতি সোনকালেই ৰিচা চাড্ডা আৰু আলী ফজল পিতৃ-মাতৃ হ’বলৈ গৈ আছে । দুয়োগৰাকী এই খবৰত অতি সুখী আৰু ছ’চিয়েল মিডিয়াত নিজৰ সুখ প্ৰকাশ কৰিছে ৷ এতিয়া অনুৰাগীয়ে দুয়োকে অভিনন্দন জ্ঞাপন কৰিছে ।

ছ’চিয়েল মিডিয়াত এটা সুন্দৰ পোষ্ট শ্বেয়াৰ কৰি ৰিচা চাড্ডা আৰু আলী ফজলে এই খবৰটো ঘোষণা কৰিছে । ‘১ + ১ = ৩’ বুলি এখন ফটো পোষ্ট কৰি এই খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে এই দম্পতীয়ে ৷ লগতে কেপচনত লিখিছে, ‘‘এটা সৰু হৃদয়ৰ হৃদস্পন্দন আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শব্দ’। আনহাতে দ্বিতীয়খন ছবিত ৰিচা চাড্ডা আৰু আলী ফজলক পৰ্দাৰ আঁৰত ইগৰাকীয়ে সিগৰাকীক মৰমেৰে চাই থকা পৰিলক্ষিত হৈছে ৷ এই ছবিখনত এগৰাকী গৰ্ভৱতী মহিলাৰ ইমোজিও সংযোগ কৰা হৈছে ।

উল্লেখ্য যে, ৰিচা চাড্ডাৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে য়ামী গৌতমে নিজৰ ছবি ‘আৰ্টিকেল ৩৭০’ৰ প্ৰচাৰৰ সময়ত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল ৷ য়ামীয়ে কয়,‘‘অতি সোনকালেই আমাৰ ঘৰলৈ এটি সৰু অতিথি আহিব । সময়ৰ লগে লগে আমি গম পাম যে আগন্তুক অতিথি লক্ষ্মী নে গণেশ ।’’ য়ামী গৌতম আৰু স্বামী আদিত্য ধৰ দুয়োকে বৰ সুখী যেন দেখা গৈছিল এই কথা প্ৰকাশ কৰাৰ সময়ত ।

ৰিচাক এই ৱেব ছিৰিজত দেখা যাব

উল্লেখ্য যে, ৰিচা চাড্ডাক শেষবাৰৰ বাবে ‘ফুক্ৰে ৪’ত ভোলী পঞ্জাবান হিচাপে দেখা গৈছিল । এতিয়া অতি সোনকালে তেওঁক সঞ্জয় লীলা ভাঞ্চালীৰ ৱেব ছিৰিজ ‘হীৰামণ্ডী’ত দেখা পোৱা যাব ।

লগতে পঢ়ক: গৰ্ভাৱস্থাত কেনেকৈ একশ্যন দৃশ্য শ্বুট কৰিছিল য়ামী গৌতমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.