ETV Bharat / entertainment

ৰণদ্বীপ হুড্ডালৈ লতা দীননাথ মংগেশকাৰ বঁটা - Randeep Hooda

author img

By ANI

Published : Apr 25, 2024, 10:57 AM IST

Randeep Hooda Lata Deenanath Mangeshkar Award
ৰণদ্বীপ হুড্ডালৈ লতা দীননাথ মংগেশকাৰ বঁটা

Randeep Hooda Lata Deenanath Mangeshkar Award: বলীউড অভিনেতা ৰণদ্বীপ হুড্ডাক লতা দীননাথ মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হৈছে ৷

চিটাৰা ডেস্ক, 25 এপ্ৰিল : বলীউড অভিনেতা ৰণদ্বীপ হুড্ডাৰ সদ্যমুক্তি প্ৰাপ্ত ছবি স্বতন্ত্ৰ বীৰ সাৱৰকাৰে বৃহৎ সফলতা লাভ কৰিছে ৷ এই ছবিখনত তেওঁৰ অভিনয়ক দৰ্শকে যথেষ্ট প্ৰশংসা কৰিছে । বুধবাৰে মুম্বাইৰ দীননাথ মংগেশকাৰ নাট্যগৃহত ৰণদ্বীপ হুড্ডাক লতা দীননাথ মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হয় ৷

এই বঁটা লাভ কৰি অভিনেতাগৰাকীয়ে কয়, "এইটো মোৰ বাবে অতি বিশেষ ৷ মোক বহুতো মহান ব্যক্তিসকলৰ সৈতে সন্মানিত কৰা হৈছে । সাৱৰকাৰজীৰ আত্মজীৱনীখনৰ বাবে মোক এই সন্মান দিয়া হৈছে ৷ মংগেশকাৰ পৰিয়াল বিশেষকৈ দীননাথজী সাৱৰকাৰৰ মিত্ৰ আছিল ৷ সাৱৰকাৰজীক চিনি পোৱা আৰু তেওঁক ইমান সন্মান কৰা এনে এটা পৰিয়ালৰ পৰা এই সন্মান লাভ কৰাটো মোৰ বাবে গৌৰৱ আৰু সুখৰ বিষয় ৷ এই মুহূৰ্ত অতি বিশেষ ৷"

স্বতন্ত্ৰ বীৰ সাৱৰকাৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ৰ ভাৰতৰ অন্যতম প্ৰভাৱশালী আৰু বিতৰ্কিত ব্যক্তি ৷ ছবিখন পৰিচালনা কৰিছে ৰণদ্বীপ হুড্ডাই । তেওঁ ছবিখনত নিজেই সাৱৰকাৰৰ চৰিত্ৰতো অভিনয় কৰিছিল । এই ছবিখনত ৰণদ্বীপ হুড্ডা, অংকিতা লোখণ্ডে আৰু অমিত শিয়ালেও অভিনয় কৰিছিল ৷ এই ছবিখন যোৱা 22 মাৰ্চত দুটা ভাষাত মুক্তি লাভ কৰিছিল । হিন্দী আৰু মাৰাঠী ।

ইয়াৰোপৰি বলীউডৰ মেগাষ্টাৰ বিগ বি অমিতাভ বচ্চনকো লতা দীননাথ মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হৈছিল । মুম্বাইত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত বিগ বিৰ ছবিজগতত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷ কণ্ঠশিল্পী ঊষা মংগেশকাৰে বিগ বিক এই বঁটা প্ৰদান কৰে ।

লগতে পঢ়ক: ৰাজনীতিত যোগদানক লৈ কি ক’লে ৰণদ্বীপ হুড্ডাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.