ETV Bharat / entertainment

এছিয়াৰ সৰ্ববৃহৎ ট্ৰেভেল বাণিজ্য প্ৰদৰ্শনীত অংশগ্ৰহণ ৰামোজী ফিল্ম চিটিৰ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 11:03 PM IST

Ramoji Film City : মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত এছিয়াৰ সৰ্ববৃহৎ ট্ৰেভেল বাণিজ্যিক প্ৰদৰ্শনী ‘অ’টিএম মুম্বাই ২০২৪’ত স্থাপন কৰা ৰামোজী ফিল্ম চিটিৰ ষ্টলত দৰ্শনাৰ্থীৰ ভিৰ ৷

Ramoji Film City
ৰামোজী ফিল্ম চিটি

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী : ৮ ফেব্ৰুৱাৰীৰ পৰা উপনগৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বি কে চি)স্থিত জিঅ’ ৱৰ্ল্ড কনভেকচন চেণ্টাৰত ‘অ’টিএম মুম্বাই ২০২৪’ শীৰ্ষক এছিয়াৰ সৰ্ববৃহৎ ট্ৰেভেল ট্ৰেড শ্ব’ প্ৰদৰ্শনী আৰম্ভ হৈছে ৷ এই প্ৰদৰ্শনীত দেশ-বিদেশৰ পৰ্যটন ব্যৱসায়ীসকলে নিজৰ ষ্টল স্থাপন কৰিছে ৷ হায়দৰাবাদৰ সুপৰিচিত ৰামোজী ফিল্ম চিটিৰ ষ্টল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

দেশ আৰু বিশ্বৰ পৰ্যটন ব্যৱসায়ৰ প্ৰচাৰৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত হয় ‘অ’টিএম মুম্বাই’ ৷ 10 ফেব্ৰুৱাৰীলৈকে চলিব এই প্ৰদৰ্শনী ৷ ভাৰতকে ধৰি 60 খনতকৈও অধিক দেশৰ 1300ৰো অধিক প্ৰদৰ্শকে এই ট্ৰেভেল বাণিজ্য প্ৰদৰ্শনীত যোগদান কৰিছে ৷

ৰামোজী ফিল্ম চিটিৰ বিষয়ে বিতং তথ্য ইয়াত প্ৰতিজন দৰ্শনাৰ্থীক দিয়া হৈছে ৷ দেশজুৰি পৰ্যটনস্থলীৰ প্ৰচাৰ কৰা ট্ৰেভেল এজেণ্ট অনুৰাগ শ্বাহুৱে কয় যে ৰামোজী ফিল্ম চিটি হৈছে আমাৰ প্ৰিয় ঠাই ৷

"ভুৱনেশ্বৰত আমি ডাঙৰ ৰূপত ৰামোজী ফিল্ম চিটিৰ প্ৰচাৰ কৰিছো ৷ ৰামোজী ফিল্ম চিটি ভাৰতৰ অন্যতম ভ্ৰমণ স্থান ৷ ইয়ালৈ অহাৰ পিছত আপুনি বিদেশত থকাৰ দৰে অনুভৱ কৰিব ৷ হায়দৰাবাদৰ এই ৰামোজী ফিল্ম চিটি হৈ পৰিছে পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ ৷" - শ্বাহুৱে লগতে কয় ৷

এই প্ৰদৰ্শনী সন্দৰ্ভত ভাষণ দি ৰামোজী ফিল্ম চিটিৰ মুখ্য বিক্ৰী আৰু বিপণন পৰিচালক সন্দীপ ৱাঘমাৰে কয় যে বৃহস্পতিবাৰে এই প্ৰদৰ্শনীৰ প্ৰথম দিন ৷ "আজি অতি উত্তম সঁহাৰি দেখা গ'ল ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, এই প্ৰদৰ্শনীখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যটনক প্ৰচাৰৰ এক সুন্দৰ সুযোগ ৷ অহা দুদিনো অতি ভালকৈ যাব ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ট্ৰেভেল এজেণ্টে প্ৰদৰ্শনীৰ ষ্টলসমূহ পৰিদৰ্শন কৰি আছে ৷"

ৱাঘমাৰে লগতে কয়, "বিবাহ আৰু হানিমুন ভ্ৰমণ পেকেজৰ লগতে বিভিন্ন ধৰণৰ পেকেজৰ বাবে সোধা-পোছা কৰা হৈছিল | ৰামোজী ফিল্ম চিটিত বিভিন্ন ধৰণৰ হোটেল আছে আৰু ৰামোজী ফিল্ম চিটিত সকলো পৰ্যটনৰ সুবিধা উপলব্ধ |" উল্লেখ্য যে, 1666 একৰ মাটিত বিস্তৃত ৰামোজী ফিল্ম চিটি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ ৷ দেশৰ ভিতৰতে সৰ্বোত্তম পৰ্যটনস্থলী ৰামোজী ফিল্ম চিটিলৈ হাজাৰ হাজাৰ পৰ্যটকৰ আগমণ ঘটে ৷

লগতে পঢ়ক : ইডিৰ কাৰ্যালয়ত দ্বাৰস্থ কমেডিয়ান কপিল শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.