ETV Bharat / entertainment

ইডিৰ কাৰ্যালয়ত দ্বাৰস্থ কমেডিয়ান কপিল শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:51 PM IST

Kapil Sharma On ED: কমেডিয়ান কপিল শৰ্মাই বাহন ডিজাইনাৰ দিলীপ ছাব্ৰিয়াৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে । এই গোচৰত পিএমএলএ আদালতে ছাব্ৰিয়াকে ধৰি ৬জন লোকৰ বিৰুদ্ধে চমন জাৰি কৰিছে ।

Kapil Sharma to ED: Car designer Dilip Chhabria 'illegally extracted money'
ইডিৰ কাৰ্যালয়লৈ কপিল শৰ্মা

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: হঠাৎ ইডিৰ কাষ চাপিছে ষ্টেণ্ড আপ কমেডিয়ান কপিল শৰ্মা ৷ আচলতে বাহন ডিজাইনাৰ দিলীপ ছাব্ৰিয়াৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে কমেডিয়ানগৰাকীয়ে । কপিলে ইডিক জনাইছে যে বহু চেলিব্ৰিটিক প্ৰতাৰণা কৰা দিলীপ ছাব্ৰিয়াক কাষ্টমাইজড ভেনিটি ভ্যান অৰ্ডাৰ দিছিল ৷ কিন্তু তেওঁ বাহনখন ডেলিভাৰী কৰা নাই ৷ বৰঞ্চ বাহনখন ডেলিভাৰী নকৰাৰ বাবে তেওঁকে ওলোটাই দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে কপিলে ।

দিলীপ ছাব্ৰিয়াৰ বিৰুদ্ধে অভিযোগ কপিল শৰ্মাৰ

পিটিআইৰ প্ৰতিবেদন অনুসৰি কপিল শৰ্মাই অভিযোগ কৰে যে ছাব্ৰিয়াই গাড়ীখন ডেলিভাৰী নিদিয়াৰ লগতে অবৈধ উপায়েৰে তেওঁৰ পৰা ধন আদায় কৰিবলৈ চেষ্টা কৰিছিল । ধন সৰবৰাহৰ গোচৰত ছাব্ৰিয়াৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ অংশ হিচাপে শৰ্মাৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি মহম্মদ হামিদৰ বক্তব্য লিপিবদ্ধ কৰিছে ইডিয়ে । বুধবাৰে গোচৰৰ শুনানি গ্ৰহণ কৰা ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ বিশেষ আদালতে অভিযোগনামাখনৰ সচেতনতা গ্ৰহণ কৰি ছাব্ৰিয়া আৰু গোচৰটোৰ আন ছয়জন অভিযুক্তক চমন জাৰি কৰি ২৬ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ কয় ।

সমগ্ৰ ঘটনাটো কি ?

ইডিৰ গোচৰটো অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা তিনিখন এজাহাৰৰ ওপৰত আধাৰিত, যাৰ ভিতৰত আছে কপিল শৰ্মাই দাখিল কৰা প্ৰৱঞ্চনাৰ গোচৰ । ইডিৰ সন্মুখত দিয়া বক্তব্যত অভিনেতাগৰাকীৰ প্ৰতিনিধিয়ে কয় যে কে ৯ প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী শৰ্মাই ২০১৬ চনৰ ডিচেম্বৰ মাহত ভেনিটি ভ্যান ক্ৰয়ৰ বাবে ছাব্ৰিয়াৰ সৈতে যোগাযোগ কৰিছিল । ইয়াৰ পিচত ২০১৭ চনৰ মাৰ্চ মাহত কে ৯ প্ৰডাকশ্যন আৰু দিলীপ ছাব্ৰিয়া ডিজাইন প্ৰাইভেট লিমিটেড (ডি চি ডি পি এল)ৰ মাজত ৪.৫ কোটি টকাত (কৰ বাদ দি) এখন ভেনিটি ভ্যান ডেলিভাৰীৰ বাবে চুক্তি স্বাক্ষৰিত হয় ।

বিবৃতিটোত কোৱা হৈছে যে নিষ্পত্তিৰ চৰ্ত অনুসৰি ৫.৩১ কোটি টকা (কৰকে ধৰি) শৰ্মাৰ প্ৰডাকশ্যন হাউছে প্ৰদান কৰিছিল । হামিদে কয় যে ডিচিডিপিএলে শৰ্মাক ভেনিটি ভ্যানখনো দিয়া নাছিল আৰু কোনো ধন ঘূৰাই দিয়া নাছিল । বিবৃতিটোত দাবী কৰা হৈছে যে গাড়ীখন ডেলিভাৰী কৰাত পলম হোৱাৰ বাবে শৰ্মাক জগৰীয়া কৰি অধিক ধন দাবী কৰিছিল ।

লগতে পঢ়ক: দিলীপ যোশী বা ৰূপালী গাংগুলী নহয়, এইজন টিভিৰ আটাইতকৈ ধনী অভিনেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.