ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে ৰামচৰণৰ কন্যাৰ মুখ দেখিলে অনুৰাগীয়ে - Ram Charan Daughter Face reveal

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 2:11 PM IST

Ram Charan Daughter Face reveal : পোন প্ৰথমবাৰৰ বাবে ৰাম চৰণৰ পত্নী উপাসনা কনিডেলাই শ্বেয়াৰ কৰিলে তেওঁলোকৰ কন্যাৰ ফটো ৷ শেহতীয়াকৈ ৰাম চৰণে সপৰিয়ালে থাইলেণ্ডত অৱসৰ বিনোদনৰ বাবে গৈছে ৷

Ram Charan Daughter Face reveal
প্ৰথমবাৰৰ বাবে ৰামচৰণৰ কন্যাৰ মুখ দেখিলে অনুৰাগীয়ে

চিটাৰা ডেস্ক, 7 এপ্ৰিল : মেগাষ্টাৰ ৰাম চৰণৰ পত্নী উপাসনা কনিডেলাই শেহতীয়াকৈ থাইলেণ্ড ভ্ৰমণৰ এখন ফটো আপলোড কৰাৰ পিচতেই ফটোখনে ব্যাপক চৰ্চা লাভ কৰিছে ৷ পোণ প্ৰথমবাৰৰ বাবে উপাসনা কনিডেলাই শ্বেয়াৰ কৰিলে তেওঁলোকৰ কন্যাৰ ফটো ৷ এই ফটোখনে অনুৰাগীসকলক অধিক উৎসাহিত কৰি তুলিছে ৷

ৰাম চৰণে সপৰিয়ালে থাইলেণ্ডত অৱসৰ বিনোদনৰ বাবে যোৱাৰ সময়ত তেওঁলোকে এটা হাতীক গা ধুৱাই থকাৰ সময়ৰ ফটোখন আপলোড কৰে ৷ ফটোখনত তেওঁলোকৰ কন্যা ক্লিন কাৰাৰ মুখখন স্পষ্টকৈ প্ৰকাশ পাইছে ৷

উল্লেখ্য যে, দম্পতীটোৱে তেওঁলোকৰ কন্যা ক্লিনৰ ফটো প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত পোষ্ট কৰিছে । এই আকৰ্ষণীয় পোষ্টটোৱে অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

প্ৰথমবাৰৰ বাবে জীয়েক ক্লিনৰ মুখখন প্ৰকাশ কৰি উপলাসনাই ফটোখনৰ শিৰোনাম দিছিল, "এক অবিশ্বাস্য অভিজ্ঞতাৰ বাবে ধন্যবাদ, শ্ৰীযুত চি/নানা । হাতী উদ্ধাৰ কৰা শিবিৰত থাকি বিভিন্ন কথা শিকিলো #bestdad।"

ফটোখনত, ৰাম চৰণক এডাল পানীৰ পাইপ লৈ নৱজাতক হাতীৰ ওপৰত পানী ছটিয়াই থকা দেখা গৈছে, আনহাতে উপাসনাই হাতীৰ কাষত থিয় হৈ আছে আৰু কেঁচুৱা ক্লিনক কোলাত লৈ আছে । মাতৃ-কন্যাৰ যুটিয়ে হাতীটোলৈ চাই আছিল ৷

ৰাম চৰণে ক'লা টি-চাৰ্ট আৰু হালধীয়া চৰ্ট পিন্ধিছিল ৷ তেওঁৰ লুকছটো সম্পূৰ্ণ কৰিবলৈ বগা টুপী আৰু গাগলচ পিন্ধিছিল ৷ আনহাতে উপাসনাই বগা ডাঙৰ আকাৰৰ টি-চাৰ্ট আৰু ক'লা লেগিংছ পিন্ধিছিল । আনহাতে, ক্লিন কাৰাক বহু ৰঙীন এটা ফ্ৰক পিন্ধা থোৱা দেখা গৈছিল ।

এই ফটোখন ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলে প্ৰথমবাৰৰ বাবে ক্লিন কাৰাৰ মুখখন দেখি উপাসনাৰ মন্তব্য শাখাত (Comment section) হৃদয়ৰ ইমোজিৰে ভৰ্তি কৰি দিছিল ৷ সকলোৱে ক্লিনক প্ৰশংসা কৰা দেখা যায় ৷

লগতে পঢ়ক: বলীউডৰ ছবিত অসমক উপস্থাপন কৰা কিয় প্ৰয়োজন ? - bollywood film on assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.