ETV Bharat / entertainment

বিবাহপাশত আৱদ্ধ হ’ল ৰকুল প্ৰীত-জেকী ভগনানী, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 10:36 AM IST

Rakul Preet Singh and Jackky Bhaganni wedding: বিবাহপাশত আৱদ্ধ হ’ল ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী । দুয়োগৰাকীয়ে ২১ ফেব্ৰুৱাৰীত গোৱাত যুগ্ম জীৱনৰ পাতনি মেলে ।

Rakul Preet Singh and Jackky Bhagnani Share First Wedding Pictures - Check!
বিবাহপাশত আৱদ্ধ হ’ল ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী

চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: শেহতীয়াকৈ বলীউডৰ পৰা আহিছে ভাল খবৰ ৷ দৰাচলতে ২১ ফেব্ৰুৱাৰীত বলীউডৰ পৰা আহিছে দুটাকৈ ভাল খবৰ ৷ প্ৰথমে পুৱাই খবৰ পোৱা যায় যে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হৈছে ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত সকলোৱে এই দম্পতীক অভিনন্দন জ্ঞাপন কৰে ৷ এই খবৰৰ পিচতে নিশা বলীউডৰ পৰা আহে আন এটা ভাল খবৰ ৷ সেয়া হৈছে আটাইতকৈ প্ৰত্যাশিত বিয়া অৰ্থাৎ ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী বিয়াৰ খবৰ । হয়, বিবাহপাশত আৱদ্ধ হ’ল ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী ৷ ইয়াৰ পিচতে অনুৰাগীয়ে দুয়োৰে বিয়াৰ ফটোৰ বাবে অপেক্ষা কৰি আছিল । অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াৰ কিছু বিশেষ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

বিয়াৰ ছবিত ৰকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ সন্তোষ মুখত স্পষ্টকৈ দেখা গৈছে ৷ কইনাৰ সাজত ৰকুলে পৰিধান কৰিছিল পেষ্টেল পিংক শ্বেডৰ লেহেংগা, আনহাতে জেকীক ক্ৰীম ৰঙৰ শ্বেৰৱানী পৰিধান দেখা গৈছিল । আনহাতে দুয়োগৰাকীয়ে পৰিধান কৰিছিল গোলাপ ফুলৰ মালাও ।

উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি এই বিবাহ সন্দৰ্ভত ব্যাপক চৰ্চা হৈছিল । বলীউডৰ বহু চেলিব্ৰিটিক এই বিয়াত অংশগ্ৰহণ কৰিবলৈ গোৱালৈ ৰাওনা হোৱা দেখা গৈছিল ৷ ইয়াৰ পিচত গোৱাৰ পৰাও চেলিব্ৰিটিসকলে বিয়াত আনন্দ কৰা ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছিল ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিয়া বুধবাৰে দিনত পাঞ্জাবী ৰীতি-নীতি অনুসৰি সম্পন্ন হয় ৷ তাৰ পিচত সন্ধিয়া আকৌ হিন্দু ধৰ্ম অনুসৰি বিবাহপাশত আৱদ্ধ হয় এই প্ৰেমিক যুগল। দুয়োগৰাকীয়ে বহুদিনৰে পৰা ইগৰাকীয়ে সিগৰাকীক ডেট কৰি আছিল । ৰকুল-জেকীয়ে নিজৰ বিয়াৰ বাবে ইক’ ফ্ৰেণ্ডলী থিম বাছি লৈছিল । গোৱাত অনুষ্ঠিত হোৱা এই বিয়াত বলীউডৰ বহু তাৰকাই অংশগ্ৰহণ কৰিছিল । শ্বাহিদ-মীৰা, বৰুণ, অনন্যা, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফকে ধৰি বহু তাৰকাই এই বিয়াত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: পুত্ৰ অকায়ৰ জন্মৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল বিৰাট কোহলীক, লণ্ডনৰ পৰা আহিল বিৰাটৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.