ETV Bharat / entertainment

ৰাম মন্দিৰৰ সন্দৰ্ভত ৰজনীকান্তৰ প্ৰতিক্ৰিয়া

author img

By ANI

Published : Jan 24, 2024, 3:31 PM IST

Rajinikanth on Ram Mandir: অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হোৱা দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ তাৰকাসকলৰ ভিতৰত অন্যতম আছিল ৰজনীকান্ত । এতিয়া অভিনেতাগৰাকীয়ে অযোধ্যাৰ পৰা উভতি আহি ৰাম মন্দিৰৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে ।

Rajinikanth returns to Chennai after attending Ram Mandir 'Pran Pratishtha', says he had a "good darshan"
ৰাম মন্দিৰৰ সন্দৰ্ভত ৰজনীকান্তৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: ২২ জানুৱাৰীৰ দিনটো দেশবাসীৰ বাবে আছিল এক ঐতিহাসিক দিন ৷ কিয়নো বহু বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত সোমবাৰে অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ । এই মুহূৰ্তটো আছিল সমগ্ৰ দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত । এই ঐতিহাসিক দিনটোৰ সাক্ষী হয় বহু ৰাজনীতিবিদ । আনকি বলীউডৰ পৰা টলিউডলৈকে বহু চেলিব্ৰিটিয়েও ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লৈছিল । এই বিশেষ ক্ষণত উপস্থিত আছিল দক্ষিণৰ প্ৰবীণ অভিনেতা ৰজনীকান্ত । প্ৰাণ প্ৰতিষ্ঠাৰ পিচত মঙলবাৰে চেন্নাইলৈ উভতি আহিল ৰজনীকান্ত ৷ চেন্নাইলৈ উভতি অহাৰ পিচত বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰজনীকান্তে এই অনুষ্ঠানক ৰাজনৈতিক নহয়, ‘আধ্যাত্মিক’ বুলি অভিহিত কৰে ।

পৰিয়ালৰ সৈতে চেন্নাইলৈ উভতি অহা ৰজনীকান্তে প্ৰকাশ কৰে যে ৰাম লালাৰ প্ৰতিমূৰ্তিৰ ঐতিহাসিক প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হোৱা প্ৰথম ১৫০ জন লোকৰ ভিতৰত তেওঁ অন্যতম আছিল । তেওঁ তামিল ভাষাত কয়, "মই ৰামলালাৰ দৰ্শন কৰিছো । ৰাম মন্দিৰ মুকলি হোৱাৰ পিচত ৰামলালাৰ মূৰ্তি দৰ্শন কৰা প্ৰথম ১৫০ জন মানুহৰ ভিতৰত মই এজন আছিলোঁ আৰু ইয়াক লৈ মই যথেষ্ট সুখী ৷ মোৰ বাবে, ই আধ্যাত্মিকতা কাৰ্যসূচীহে, ৰাজনীতি নহয় । সকলোৰে মতামত বেলেগ বেলেগ হ’ব পাৰে আৰু সকলোৰে মতামত এক হ’ব বুলি কোনো কথা নাই ৷ "

প্ৰত্যেক বছৰে অযোধ্যালৈ আহিব ৰজনীকান্ত

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত অনুষ্ঠানৰ সময়ত আসন সঠিকভাৱে নোপোৱাৰ বাবে ৰজনীকান্তক বিচলিত হোৱা দেখা গৈছিল । এই বিষয়ে সোধাত ৰজনীকান্তে কয়, "তেনেকুৱা একো নাই ।" ইয়াৰ পূৰ্বে অযোধ্যাত সাংবাদিকৰ আগত ৰজনীকান্তে কয় যে এইটো এটা ঐতিহাসিক দিন আছিল আৰু মই অতি সৌভাগ্যৱান । মই নিশ্চয় প্ৰতি বছৰে অযোধ্যালৈ আহিম ।”

লগতে পঢ়ক: ৩০ বছৰত মোৰ মতামত সলনি হোৱা নাই- ৰাম মন্দিৰৰ উদ্বোধনী সন্দৰ্ভত কমল হাছানৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.