ETV Bharat / entertainment

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ উৰা মাৰিলে ৰজনীকান্ত - Narendra Modis oath taking ceremony

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 5:07 PM IST

Narendra Modi's oath-taking ceremony: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়াবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত শপত গ্ৰহণ কৰিব ৷ সকলো ৰাজনৈতিক নেতাৰ লগতে ইতিমধ্যে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীলৈ উৰা মাৰিছে অভিনেতা ৰজনীকান্তে ৷

Rajinikanth
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ উৰা মাৰিলে ৰজনীকান্তে (ETV BHARAT ENGLISH)

চিটাৰা ডেস্ক, 9 জুন : শেহতীয়াকৈ দক্ষিণৰ অভিনেতা ৰজনীকান্তে তেওঁৰ হিমালয়ৰ আধ্যাত্মিক যাত্ৰাৰ পৰা উভতি আহে ৷ ইয়াৰ পিচতে আজি নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ পুৱাই উৰা মাৰে ৰজনীকান্তে ৷ তাৰ পিচতে ছুপাৰষ্টাৰগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ হেট্ৰিকৰ বাবে তেওঁৰ মতামত ব্যক্ত কৰে ৷

প্ৰস্থানৰ পূৰ্বে সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ৰজনীকান্তে মন্তব্য কৰে যে, "প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ একেৰাহে এই তৃতীয় কাৰ্যকাল এক উল্লেখযোগ্য সাফল্য । তেওঁক মোৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ শেহতীয়া নিৰ্বাচনৰ ফলত এক শক্তিশালী বিৰোধীৰ উদ্ভৱ হৈছে, যি হৈছে গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ । মই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈও আমন্ত্ৰণ লাভ কৰিছো । মই আপোনাক সেই সন্দৰ্ভত মোৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিম ৷"

শাসকীয় দল আৰু বিৰোধী দুয়োৰে ন্যায় সংগত ৰজনীকান্তৰ ৰাজনীতিৰ প্ৰতি তেওঁৰ সন্তুলিত দৃষ্টিভংগী প্ৰতিফলিত কৰিছে । আনুষ্ঠানিকভাৱে ৰাজনীতিত প্ৰৱেশ নকৰাৰ সিদ্ধান্ত লোৱাৰ স্বত্বেও, এনে গুৰুত্বপূৰ্ণ ৰাজনৈতিক অনুষ্ঠানত ৰজনীকান্তৰ উপস্থিতিয়ে ভাৰতত তেওঁৰ প্ৰভাৱ আৰু সন্মান স্পষ্টকৈ ফুটাই তুলিছে । 9 জুনৰ সন্ধিয়া প্ৰায় 7.15 বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা দক্ষিণৰ একমাত্ৰ অভিনেতা ৰজনীকান্ত বুলি জানিব পৰা গৈছে ।

চলচ্চিত্ৰৰ ক্ষেত্ৰত, ৰজনীকান্তৰ আহিবলগীয়া ছবি ভেট্টায়ানৰ বাবে সকলো অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ ইয়াৰ উপৰিও, ৰজনীকান্তে লোকেশ কানাগাৰাজৰ দ্বাৰা পৰিচালিত কুলিৰ শ্বুটিং আৰম্ভ কৰিবলৈ সাজু হৈছে । চান পিকচাৰ্ছৰ সমৰ্থিত আৰু ছেপ্টেম্বৰ 2023 ত ঘোষণা কৰা ছবিখনৰ প্ৰযোজনা শীঘ্ৰেই আৰম্ভ হ'ব ।

লগতে পঢ়ক: ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ ৰিতেশ দেশমুখ-জেনেলিয়াৰ - Media Baron Ramoji Rao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.