ETV Bharat / entertainment

কন্যাৰ ছবিত অভিনয়ৰ বাবে মোটা অংকৰ ধন লৈছে ৰজনীকান্তে

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:22 PM IST

Rajinikanth Fees: ৰজনীকান্তক দেখা যাব লাল চালাম ছবিখনত । ছবিখনত তেওঁক কেমিঅ’ চৰিত্ৰত দেখা যাব । কিন্তু আপুনি জানেনে এই ছবিখনৰ বাবে ৰজনীকান্তে কিমান পাৰিশ্ৰমিক লৈছে ? জানিলে হতবাক হ’ব আপুনি ৷

Rajinikanth Charges Rs 1 Cr Per Minute For the Role in Lal Salaam?
১ মিনিটৰ অভিনয়ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে ৰজনীকান্তে

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰে ৰজনীকান্তৰ প্ৰত্যেকখন ছবিৰ বাবে । তেওঁৰ যিকোনো ছবি মুক্তি পোৱাৰ আগতেই ছ’চিয়েল মিডিয়াত অনুৰাগীৰ ব্যাপক উচাহ দেখিবলৈ পোৱা যায় । তেওঁৰ আগন্তুক ছবি ‘লাল চালাম’ৰ ক্ষেত্ৰতো অনুৰাগীৰ মাজত একেধৰণৰ উচাহ দেখা পোৱা গৈছে ৷ শেহতীয়াকৈ ছবিখনৰ টিজাৰ মুক্তি পাইছে । অৱশ্যে লাল চালামত কেমিঅ’ চৰিত্ৰতহে দেখা যাব ৰজনীকান্তক । এই ছবিখন পৰিচালনা কৰিছে ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যই । ইফালে শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই ছবিখনত কেমিঅ’ কৰাৰ বাবে ৰজনীকান্তে ব্যাপক পাৰিশ্ৰমিক লৈছে বুলি কোৱা হৈছে ।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ‘লাল চালাম’ত ৰজনীকান্তৰ ৩০-৪০ মিনিটৰ ভূমিকা আছে । যাৰ বাবে তেওঁ প্ৰতি মিনিটৰ পাৰিশ্ৰমিক লৈছে । অৱশ্যে ৰজনীকান্তে কেৱল ছবিখনত অভিনয় কৰাই নহয়, ছবিখনৰ সংলাপতো সহায় কৰিছিল ।

১ মিনিটৰ বাবে ১ কোটি টকা

টলীউড ডট কমৰ খবৰ অনুসৰি ৰজনীকান্তৰ ছবিখনত 30-40 মিনিটৰ কেমিঅ’ আছে । যাৰ বাবে তেওঁ ১ মিনিটৰ বাবে ১ কোটি টকা লৈছে । অৰ্থাৎ তেওঁ প্ৰায় ৪০ কোটি টকাৰ পাৰিশ্ৰমিক লৈছে ছবিখনৰ বাবে। একে সময়তে এ আৰ ৰহমানেও ছবিখনৰ সংগীত মুকলি অনুষ্ঠানত কৈছিল যে তামিল ছুপাৰষ্টাৰগৰাকীয়ে সংলাপতো যথেষ্ট সহায় কৰিছে ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এ আৰ ৰহমানে কৈছিল - ‘‘ঐশ্বৰ্যই যেতিয়া তেওঁক ছবিখনৰ কাহিনী কৈছিল, তেতিয়া তেওঁ ভাবিছিল যে এই ছবিখন বিৰক্তিকৰ হ’ব । কিন্তু যেতিয়া এই ছবিখন চালো । যিবোৰ দৃশ্য হতাশাজনক আৰু প্ৰচাৰমূলক হ’ব বুলি ভাবিছিলো সেই দৃশ্যবোৰ অতি হৃদয়স্পৰ্শী আছিল । তাৰ পিচত মই তেওঁক ছবিখনৰ সংলাপ কোনে লিখিছে বুলি সুধিলোঁ, তেওঁ ক’লে, ‘মই লিখিছো আৰু আপ্পাই অলপ সলনি কৰিলে । মই বুজিলোঁ যে এইটোৱেই তেওঁৰ বুদ্ধিমত্তা । কাৰণ তেওঁ সকলোকে সন্মান কৰে ৷’’

লাল চালামৰ কথা ক’বলৈ গ’লে ই এখন ক্ৰীড়া নাটক ছবি য’ত বিষ্ণী আৰু বিক্ৰান্তক মুখ্য চৰিত্ৰত দেখা যাব । এই ছবিখন ৯ ফেব্ৰুৱাৰীত অৰ্থাৎ কাইলৈ চিনেমাগৃহত মুক্তি পাব ।

লগতে পঢ়ক: বিধু বিনোদ চোপ্ৰাই কিয় ক’লে মই এতিয়া শান্তিৰে মৃত্যুবৰণ কৰিব পাৰিম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.