অভিলেখ ভংগ কৰি ইউটিউবত 106 মিলিয়ন ভিউজ অতিক্ৰম পুষ্পা 2 ৰ টীজাৰৰ - Pushpa 2 teaser crosses 100M views

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 1:10 PM IST

Pushpa 2 teaser crosses 100M views
অভিলেখ ভংগ কৰি ইউটিউবত 106 মিলিয়ন ভিউজ অতিক্ৰম পুষ্পা 2 ৰ টীজাৰৰ ()

Pushpa 2 teaser crosses 100M views : যোৱা 8 এপ্ৰিলত মুক্তি লাভ কৰিছিল আল্লু অৰ্জুনৰ 'পুষ্পা 2 দ্য ৰুল'ৰ টীজাৰ ৷ টীজাৰ মুক্তি হোৱাৰ 4 দিনৰ পিচতেই সৰ্বকালৰ অভিলেখ ভংগ কৰি 106 মিলিয়ন ভিউজেৰে ট্ৰেণ্ডিং নম্বৰ 1 ত স্থান লাভ কৰিছে ৷

চিটাৰা ডেস্ক, 12 এপ্ৰিল : শেহতীয়াকৈ দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত আহিবলগীয়া ছবি পুষ্পা 2 দ্য ৰুলৰ টীজাৰটোৱে ব্যাপক সঁহাৰি লাভ কৰিছে ৷ যোৱা 8 এপ্ৰিলত আল্লু অৰ্জুনৰ 42 তম জন্মদিনৰ দিনা মুক্তি দিয়া হৈছিল পুষ্পা 2ৰ টীজাৰটো ৷ টীজাৰটো মুক্তি লাভ কৰাৰ প্ৰায় 101 মিনিটৰ পিচতে অভিলেখ ভংগ কৰি 5 লাখতকৈ অধিক লাইকছ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

অনুৰাগীসকলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ টীজাৰটো মুকলি হোৱাৰ লগে লগে ইউটিউবত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল ৷ শেহতীয়াকৈ পুষ্পা 2 দ্য ৰুলৰ টীজাৰটোৱে 106 মিলিয়ন ভিউজ অতিক্ৰম কৰি ট্ৰেণ্ডিঙত 1 নম্বৰ আছে ৷

লগতে টীজাৰটোৱে ইউটিউবত 1 নিযুতৰো অধিক লাইক লাভ কৰিছে । শেহতীয়াকৈ পুষ্পা 2 দ্য ৰুলৰ নিৰ্মাতাসকলে এই ভাল খবৰটো ইনষ্টাগ্ৰামযোগে অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে । ইউটিউবত ছবিখনৰ টীজাৰে এতিয়াও সঁহাৰি লাভ কৰি আছে ৷ লগতে অবিৰতভাৱে টীজাৰটোৰ দৰ্শকৰ সংখ্যা বৃদ্ধি হৈ আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পুষ্পা 2 দ্য ৰুলৰ টীজাৰত আল্লু অৰ্জুনক শাৰী-ব্লাউজ পৰিধান কৰা এগৰাকী দেৱীৰ অৱতাৰৰ দৰে দেখা গৈছে ৷ ইয়াৰ পূৰ্বে আল্লু অৰ্জুনৰ এনে অৱতাৰ কোনো চলচ্চিত্ৰত দেখা পোৱা নাই । টীজাৰটোত অভিনেতাগৰাকীৰ লুকছে অনুৰাগীসকলক ছবিখন চাবলৈ অধিক আগ্ৰহী কৰি তুলিছে ৷

পুষ্পা 2 ছবিখন সুকুমাৰে পৰিচালনা কৰিছে । ছবিখনত এইবাৰো আল্লু অৰ্জুনক ৰশ্মিকা মন্দনাৰ সৈতে দেখা যাব । একে সময়তে, ফাহাহ ফাছিলক পুনৰ ছবিখনত খলনায়ক হিচাপে দেখা যাব ৷ ছবিখন 2024 চনৰ 15 আগষ্টত মুক্তি লাভ কৰিব ৷ পুষ্পা 2 ছবিখনে বক্স অফিচত অজয় দেৱগানৰ সিংঘম এগেইনৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব ।

লগতে পঢ়ক: 101 মিনিটত অভিলেখ ভংগ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে - Pushpa 2 The Rule Teaser

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.