ETV Bharat / entertainment

দৰ্শকৰ মন হৰিবলৈ প্ৰস্তুতি চলোৱাত ব্যস্ত প্ৰস্তুতি পৰাশৰ - Abahan Theatre

Abahan Theatre 2024-25: আকৌ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু অসমৰ অন্যতম আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰ । ইতিমধ্যে দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে থিয়েটাৰখনৰ প'ষ্টাৰ, প্ৰম' । ইয়াৰ মাজতে নীলাভ নীতা আৰু নীল আকাশৰ কণ্ঠৰে প্ৰথমটো গীতৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ।

Producer Prastuti Parashar is busy in preparing for the upcoming theatrical year
দৰ্শকৰ মন হৰিবলৈ প্ৰস্তুতি চলোৱাত ব্যস্ত প্ৰস্তুতি পৰাশৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:13 PM IST

গুৱাহাটী,২৫ জুন: প্ৰতিটো বৰ্ষতে নতুন নতুন নাট্যশৈলীৰে অসমৰ ভ্ৰাম্যমাণপ্ৰেমীক মুগ্ধ কৰি আহিছে অসমৰ অন্যতম তথা আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰে । চলিত নাট্যবৰ্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো নাট্যগোষ্ঠী । ২০২৩-২৪ ৰ নাট্যবর্ষত তিনিখন ব্যতিক্ৰমী নাটকৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা আৱাহন থিয়েটাৰ সাজু হৈছে অহাটো নাট্যবৰ্ষৰ বাবে ।

এই সন্দৰ্ভত আৱাহন থিয়েটাৰৰ অভিনেত্ৰী তথা প্ৰস্তুতি পৰাশৰে কয়, "এইবর্ষও আমি তিনিখন ব্যতিক্ৰমী নাটেৰে সাজু হৈছো । নাট তিনিখনৰ এখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ 'মইনা কুশলে আছনে', 'মেডাম মেনকা', 'লেডী ম্যাকবেথ' । ইতিমধ্যে এই বর্ষৰ তিনিখন নাটৰ ভিতৰৰ অন্যতম 'মইনা কুশলে আছনে' নাটখনৰ প্ৰম' কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত মুক্তি দিয়া হয় । এই সন্দৰ্ভত এক প'ষ্ট দি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে উল্লেখ কৰে, "কিছু হৃদয়স্পৰ্শী কাহিনী, কিছু কৰুণ দৃশ্যাংশৰ সমাহাৰ ঘটিব এইবৰ্ষত আৱাহনৰ মঞ্চত, যেতিয়া 'মইনা কুশলে আছনে' নাটখনিয়ে ভুমুকি মাৰিব । বিগত বৰ্ষৰ 'অৰ্ধাঙ্গিনী' নাটখনিৰ ব্যাপক জনপ্ৰিয়তাৰ পিছত পুনৰবাৰ দৰ্শকৰ মাজলৈ আহি আছে এই বৰ্ষৰ অন্য এখনি পৰিয়ালকেন্দ্ৰিক নাট 'মইনা কুশলে আছনে" ।

ইফালে ২০২৩-২৪ নাট্যবৰ্ষৰ আৱাহন থিয়েটাৰৰ আটাইতকৈ জনপ্ৰিয় হোৱা গীতটোৰ নাম 'যা নামাতো নামাতো তোক' । নীল আকাশ আৰু পাপৰি গগৈৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত গীতটোৱে বৰ্তমানলৈকে প্ৰায় ১০ লাখ ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ ২০২৪-২৫ নাট্যবৰ্ষৰ 'আৱাহন থিয়েটাৰ'ৰ প্ৰথমটো গীতৰ শ্বুটিঙত ব্যস্ত হৈ পৰিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । উল্লেখযোগ্য যে গীতটোৰ নাম হৈছে 'প্ৰেমতে পৰিলোঁ' । গীতটিত কণ্ঠদান কৰিছে কণ্ঠশিল্পী নীল আকাশ আৰু নীলাভ নীতাই । 'যা নামাতো নামাতো তোক' গীতটিৰ দৰে এই নতুন গীতিও দৰ্শকে আদৰি ল'ব বুলি আশাবাদী আৱাহনগোষ্ঠী ।

লগতে পঢ়ক: ২০২৪-২৫ নাটবর্ষৰ বাবে কেনেদৰে সাজু প্ৰস্তুতি পৰাশৰ ? ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ - Interview With Prastuti Porasor

ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫ : কোনটো নাট্যদলত থাকিব আপোনাৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী ? - Assam Mobile Theatre

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.