ETV Bharat / entertainment

বিগ বছ ১৭ৰ গ্ৰেণ্ড ফিনালেৰ পূৰ্বে ভগ্নী মন্নাৰা চোপ্ৰাৰ সমৰ্থনত নামিল প্ৰিয়ংকা চোপ্ৰা

author img

By ANI

Published : Jan 24, 2024, 1:48 PM IST

Bigg boss 17 : বিগ বছ ১৭ৰ গ্ৰেণ্ড ফিনালেৰ কাউণ্টডাউন আৰম্ভ হৈছে । এনে পৰিস্থিতিত সকলোৱে নিজৰ প্ৰিয় প্ৰতিযোগীক সমৰ্থন কৰা পৰিলক্ষিত হৈছে । প্ৰিয়ংকা চোপ্ৰাইও নিজৰ সম্পৰ্কীয় ভগ্নী মন্নাৰাক সমৰ্থন কৰা দেখা গৈছে ।

"Give it your best": Priyanka Chopra roots for cousin Mannara Chopra ahead of 'Bigg Boss 17' Finale
বিগ বছ ১৭ আপডেট

চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: ছলমান খানৰ আটাইতকৈ বিতৰ্কিত ৰিয়েলিটি শ্ব’ৰ গ্ৰেণ্ড ফিনালেলৈ মাত্ৰ কেইটামান দিন বাকী আছে । শেহতীয়া খণ্ডটোত বিগ বছৰ প্ৰতিযোগী বিকি জৈন বাহিৰ হোৱাৰ পিচতে অৱশেষত শ্ব’টোৱে লাভ কৰিছে পাঁচগৰাকী চূড়ান্ত প্ৰতিযোগী । ইয়াৰ লগে লগে এতিয়া বিগ বছ ট্ৰফীৰ দৌৰত আগবাঢ়িছে অংকিতা লোখাণ্ডে, মুনাৱাৰ ফাৰুকী, মন্নাৰা চোপ্ৰা, অভিষেক কুমাৰ আৰু অৰুণ মাশ্বেট্টী । এনে পৰিস্থিতিত এই প্ৰতিযোগীসকলৰ অনুৰাগীসকলেও ছ’চিয়েল মিডিয়াত তেওঁলোকক ভোট দিবলৈ আহ্বান জনাইছে । এই সকলোবোৰৰ মাজতে প্ৰিয়ংকা চোপ্ৰাইও নিজৰ সম্পৰ্কীয় ভগ্নী মন্নাৰা চোপ্ৰাৰ সমৰ্থনত ওলাই আহিছে ।

বুধবাৰে পুৱা প্ৰিয়ংকা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি ভগ্নী মন্নাৰা চোপ্ৰাৰ বাবে উচাহ দেখুৱাইছে । প্ৰিয়ংকাই বিগ বছ ১৭ৰ পৰা মন্নাৰাৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, "নিজৰ শ্ৰেষ্ঠখিনি দিয়া আৰু বাকীখিনি পাহৰি যোৱা । কাৰ্পে ডিয়েম মন্নাৰা চোপ্ৰা ৷’’ লগতে ৰেড হাৰ্ট ইমোজি পোষ্ট কৰি মন্নাৰাৰ ভগ্নী মিতালী হাণ্ডাকো টেগ কৰিছে ।

উল্লেখ্য যে, প্ৰিয়ংকা চোপ্ৰাই মন্নাৰাৰ বাবে ব্যৱহাৰ কৰা কাৰ্পে ডিয়েম এটা বাক্য, যিটো ৰোমান কবি হৰেচৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল যেতিয়াই সুযোগ পোৱা বস্তুবোৰ উপভোগ কৰা ।

প্ৰিয়ংকাৰ মাতৃয়েও মন্নাৰাক সমৰ্থন কৰিছে

কিছুদিন পূৰ্বে প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰাইও বিগ বছ ১৭ৰ প্ৰতিযোগী মন্নাৰাৰ বাবে এটা বাৰ্তা শ্বেয়াৰ কৰিছিল । মন্নাৰাৰ মামীয়েক অৰ্থাৎ প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰাই তেওঁৰ বাৰ্তাত কৈছিল, “হাই মন্নাৰা । অভিনন্দন তুমি ফাইনেলত প্ৰৱেশ কৰিছে । তোমাক লৈ গৌৰৱ অনুভৱ কৰিছো । সাহসী হওক । তুমি চোপ্ৰা গাৰ্ল আৰু তুমি সঁচাকৈয়ে শক্তিশালী । বেষ্ট উইচছ ।"

মন্নাৰা চোপ্ৰা প্ৰিয়ংকা আৰু পৰিণীতিৰ সম্পৰ্কীয় ভগ্নী

আম্বালাৰ বাসিন্দা মন্নাৰা চোপ্ৰা বলীউডৰ ডিভা পৰিণীতি আৰু প্ৰিয়ংকা চোপ্ৰাৰ মোমায়েকৰ ছোৱালী । মন্নাৰাৰ দেউতাক অধিবক্তা হোৱাৰ বিপৰীতে মিতালী নামৰ এগৰাকী সৰু ভনীয়েকো আছে । মন্নাৰা বহু তেলুগু, তামিল, হিন্দী আৰু কানাড়া ছবিত কাম কৰিছে ।

এতিয়া ২৮ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিগ বছ ১৭ৰ গ্ৰেণ্ড ফিনালেত ছলমান খানে কাক বিজয়ী ঘোষণা কৰিব সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: চিনি পাইছে নে ফটোখনত থকা ছুপাৰষ্টাৰগৰাকীক ? যদি নাই তেন্তে পঢ়ক এই প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.