ETV Bharat / entertainment

শিল্পী হ’বলৈ হ’লে লক্ষ্যজয়ী হ’ব লাগিব; পৃথ্বীৰাজ ৰাভা - Bishnu Rabha song controversy

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 6:23 PM IST

Updated : May 13, 2024, 7:26 PM IST

Bishnu Rabha song controversy: শেহতীয়াকৈ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ সাহাই এটি টিভি ৰিয়েলিটি শ্ব'ত কলাগুৰুৰ এটি গীতক ৰাভা জনগোষ্ঠীৰ গীত বুলি মন্তব্য কৰাত ক্ষুব্ধ হৈ বিষ্ণু প্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ক’লে এনেদৰে-

prithviraj-rabha-reacts-on-the-controversy-surrounding-bishnu-rabhas-sangeet-following-singer-debojit-sahas-comments
শিল্পী হ’বলৈ হ’লে ঝঞ্জাজয়ী হ’ব লাগিব; পৃথ্বীৰাজ ৰাভা (ETV BHARAT ASSAM)

বিধায়ক পৃথ্বীৰাজ ৰাভা (ETV BHARAT ASSAM)

তেজপুৰ, ১৩ মে': শিল্পী হ’বলৈ হ’লে বহু গুণৰ প্ৰয়োজন আৰু বহুতো অধ্যয়নৰ আৱশ্যক । শুদ্ধকৈ এটি গীত পৰিবেশন কৰিলেই শিল্পী হ’ব নোৱাৰে । এই মন্তব্য আমাৰ নহয় এই মন্তব্য কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ । তেওঁ কয় যে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই কৈছিল যে শিল্পী হ’বলৈ হ’লে ঝঞ্জাজয়ী হ’ব লাগিব, শিল্পী সমাজেহে কৰে নিজে নহয় । ৰাভাই কয় যে, যি গান গায় তেওঁ গায়ক, যি অভিনয় কৰে তেওঁ অভিনেতা আৰু যি ছবি আঁকে তেওঁ চিত্ৰকৰ ঠিক সেইদৰে দেৱজিৎ সাহাই গানহে গায় আৰু তেওঁ গায়ক, তেওঁ শিল্পী নহয় । শিল্পী হ’বলৈ হ’লে গানটোৰ অন্তৰালত কি আছে বা সমাজত কি প্ৰভাৱ বিস্তাৰ কৰে সেয়া জনাটো দৰকাৰ ।

তাহানিতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই লিখি থৈ গৈছিল ‘‘পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা ৷’’ বিষ্ণুপ্ৰসাদ ৰাভাৰ এই কালজয়ী গীতটি আজিও সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায় ৷ এই গীতটি পিচলৈ ড৹ ভূপেন হাজৰিকাৰ কন্ঠত মুক্তিলাভ কৰে ৷

কিছুদিন পূৰ্বে দেৱজিৎ সাহাই এটি টিভি ৰিয়েলিটি শ্ব'ত কলাগুৰুৰ "পৰজনমৰ শুভ লগনত..." এই গীতটোৰ এটি কলি গাই তাক ৰাভা জনগোষ্ঠীলৈ সন্মান জনোৱা বুলি তেওঁ মন্তব্য কৰিছিল ৷ যাৰ পিচতে এতিয়া স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ৷ বিশুদ্ধ অসমীয়া ভাষাৰ গীতটো কেনেকৈ ৰাভা জনগোষ্ঠীৰ হ'ব পাৰে বুলিও প্ৰশ্ন কৰিছে কলাগুৰুৰ পুত্ৰই ৷

তেওঁ কয় যে, এগৰাকী শিল্পীয়ে কেৱল গীত গোৱাই নহয় সংগীতৰ ওপৰত অধ্যয়ন কৰাটো খুবেই জৰুৰী আৰু নজনাকৈ কোনো মন্তব্য কৰিব নালাগে ৷

ইফালে, দেৱজিৎ সাহাৰ বিশুদ্ধ অসমীয়া ভাষাৰ গীতটো কেনেকৈ ৰাভা জনগোষ্ঠীৰ গীত হ’ব পাৰে বুলি প্ৰশ্ন কৰে । তেওঁ এগৰাকী বিখ্যাত কণ্ঠশিল্পী হোৱাৰ পিচতো এনে ভুল কৰাটো খুবেই দুখৰ বিষয় বুলি কয় ৷

তেওঁ কয় যে, দেৱজিৎ সাহাই যেতিয়া জিকি আহিছিল আৰু তেওঁ আহি মোক লগ ধৰিছিল ,তেতিয়া মই কৈছিলো যে "তোমাৰ এতিয়া দায়িত্ব বহুত এতিয়া তুমি দেৱজিৎ সাহা হৈ থকা নাই , সমাজৰ দায়িত্ব পালন কৰিব লাগিব," ৰাভাই এইদৰে কয় ।

আনহাতে, কেইদিনমান আগতে "মা আফিয়াৰ " এটা ফেচবুক পেজত বিষ্ণু প্ৰসাদ ৰাভাৰ এটি কালজয়ী গীত বিকৃত ৰূপ দি পৰিৱেশন কৰাৰ সন্দৰ্ভত ৰাভাই মন্তব্য প্ৰকাশ কৰি কয় যে, তেওঁ সেই গীত বোধ হয় ভালদৰে নাজানে ,কিন্তু "পৰজনমৰ শুভ লগনত" গীতটো সম্পূৰ্ণ দেৱজিৎ সাহাৰ লগত জড়িত হৈ পৰিল বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: ‘জিয়া’ক জীয়াবলৈ আপুনি যাবনে চিনেমা হললৈ ? - New Assamese Movie

Last Updated :May 13, 2024, 7:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.