ETV Bharat / entertainment

অচিৰেই আহি আছে প্ৰণৱ ভৰালীৰ 'চুপা-চুপি' - Chupa Chuppi

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 8:31 PM IST

Updated : Apr 24, 2024, 10:40 PM IST

Chupa Chuppi : শীঘ্ৰেই আহি আছে নৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ দ্বিতীয়খন ৱেব চিৰিজ "চুপা-চুপি"। দেওবাৰে সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয় ছিৰিজখনৰ ট্ৰেইলাৰ ।

Chupa Chuppi
অচিৰেই আহি আছে প্ৰণৱ ভৰালীৰ 'চুপা-চুপি'

চিটাৰা ডেস্ক, 22 এপ্ৰিল : "কৃষ্ণচূড়া.কম"ৰ সফলতাৰ পাচত নৱ প্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে আহি আছে দ্বিতীয়খন ৱেব চিৰিজ "চুপা-চুপি"। অসমৰ গ্রাম্য জীৱনৰ পটভূমিত নিৰ্মাণ কৰা এই নতুন ৱেব ছিৰিজখনৰ প্ৰথমটো ট্ৰেইলাৰ দেওবাৰে সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয় ।

আহিবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ প্ৰযোজনা কৰিছে হৃষিকেশ পাটগিৰিয়ে । ছিৰিজখনৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰণৱ ভৰালীৰ । ছিৰিজখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জ্যোতিষ্মান শৰ্মা । ATLAS creation YT channel ত শীঘ্ৰেই উপলব্ধ হ'ব এই নতুন অসমীয়া ৱেব চিৰিজখন ।

আহিবলগীয়া এই নতুন ৱেবচিৰিজ "চুপা-চুপি"ত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, বৈভৱী গোস্বামী, বেদব্ৰত বৰা আদিকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে । ফটোগ্ৰাফীৰ পৰিচালক হিচাপে আছে ৰক্তিম হাজৰিকা আৰু জ্ঞান গৌতমে । সহকাৰী চিত্ৰগ্ৰহণকাৰী হিচাপে আছে চুপ্ৰান্তা হাজৰিকা । সম্পাদনা আৰু গ্ৰাফিক্সৰ কাম কৰিছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যই ।

উল্লেখ্য যে, পৰিচালক প্ৰণৱ ভৰালীৰ প্ৰথমখন ৱেব ছিৰিজ "কৃষ্ণচূড়া.কম" মুক্তিৰ পাচতেই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । OTT প্লেটফৰ্ম ৰীল ড্ৰামাত সৰ্বাধিক প্লে’ হোৱা এখন ৱেব ছিৰিজ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছিল "কৃষ্ণচূড়া.কম" । যুৱপ্ৰজন্মৰ বিশেষকৈ ছাত্ৰ জীৱনৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰা ৱেব ছিৰিজখনত অভিনয় কৰিছে প্ৰায় ২০০০ কলা-কুশলীয়ে ৷ কৃষ্ণচূড়া. কমত অভিনয় কৰিছিল যুৱ অভিনেতা কমল লোচন, প্ৰীতি প্ৰিয়দৰ্শিনী আৰু কুইন শিৱম ৷

'কৃষ্ণচূড়া.কম'ক যিদৰে ৰাইজে আঁকোৱালি লৈছিল ঠিক তেনেদৰে তেওঁৰ আহিবলগীয়া এই নতুন ৱেব চিৰিজ "চুপা-চুপি"কো ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী হৈছে পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: ক’লৈ গ’ল মাইনি ? আজিয়েই বিচাৰি যাওক এইকেইটা ছবিগৃহলৈ - New Assamese Film 2024

Last Updated : Apr 24, 2024, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.