ETV Bharat / entertainment

স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পুনম পাণ্ডেই

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 1:29 PM IST

Poonam Pandey passed away, Poonam Pandey speak up against domestic violence in Lock Upp
পুনম পাণ্ডে আৰু নাই

Poonam Pandey Allegations on Husband: মডেল তথা অভিনেত্ৰী পুনম পাণ্ডে আৰু নাই ৷ শেহতীয়াকৈ ৰিয়েলিটি শ্ব’ লকআপত দেখা গৈছিল পুনম পাণ্ডেক ৷ য’ত তেওঁ ঘৰুৱা হিংসাৰ বলি হোৱা বুলি অভিযোগ কৰিছিল ৷ সবিশেষ জানক এই প্ৰতিবেদনত ৷

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী : মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু । শুকুৰবাৰে পুৱা ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে ৩২ বছৰীয়া পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ । পুনম পাণ্ডেৰ আকস্মিক মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে অনুৰাগীক আৰু এতিয়াও বহুতে বিশ্বাস কৰিব পৰা নাই যে পুনম আৰু নাই ।

ইনষ্টাগ্ৰামত সক্ৰিয়া আছিল পুনম পাণ্ডে । প্ৰায়ে নিজৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল পুনমে ৷ বল্ড চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত আছিল পুনম । অৱশ্যে পুনম পাণ্ডে বিবাহিত আছিল আৰু এই কথা হয়তো বহুতে গম নাপায় ৷ কিন্তু স্বামী ছেম বম্বেৰ সৈতে বিচ্ছেদ হৈছিল পুনমৰ । স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

শেহতীয়াকৈ ৰিয়েলিটি শ্ব’ লকআপত দেখা গৈছিল পুনম পাণ্ডেক । তাতেই পুনমে ছেম বম্বেৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰিছিল । মডেল অভিনেত্ৰীগৰাকীয়ে এটা খণ্ডত দাবী কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক ইমানেই বেয়াকৈ প্ৰহাৰ কৰিছিল যে তেওঁৰ ব্ৰেইন্ হেমৰেজ হৈছিল । ব্ৰেইন্ হেমৰেজ অৰ্থাৎ মগজুৰ ৰক্তক্ষৰণ কি ? মগজুৰ ৰক্তক্ষৰণৰ ফলত মূৰত হোৱা গুৰুতৰ ৰোগ ৷

ছেম বম্বেৰ সৈতে নিজৰ অশান্ত সম্পৰ্কৰ কথা পুনমে কৈছিল যে তেওঁৰ স্বামীয়ে তেওঁক বৰ বেয়াকৈ প্ৰহাৰ কৰিছিল আৰু এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল । স্বামী ছেম বম্বেৰ সৈতে বিচ্ছেদৰ কথা কওঁতে আৱেগিক হৈ পৰিছিল পুনম পাণ্ডে।

ছেম বম্বেই অস্বীকাৰ কৰিছিল এই অভিযোগ

২০২০ চনৰ ছেপ্টেম্বৰ মাহত দুয়োৰে বিবাহ হৈছিল । ছেমৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল পুনমে । ইয়াৰ পাচতে ছেম বম্বেয়ে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে পুনমে হিংসাৰ অৰ্থ কি নাজানে ।

লগতে পঢ়ক: পুনম পাণ্ডে আৰু নাই, কেনেকৈ মৃত্যু হৈছে পুনমৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.