ETV Bharat / entertainment

নৱবিবাহিতা দম্পতী ৰকুল-জেকীক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:53 AM IST

PM Modi Congratulates Rakul-Jackky: ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হয় ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী । এই নৱবিবাহিতা দম্পতীক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

Prime Minister Narendra Modi congratulates newlyweds Rakul Preet Singh and Jackky Bhagnani
ৰকুল-জেকীক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰায়ে ভাৰতীয় চিনেমাক উৎসাহিত কৰা দেখা যায় । তেওঁ দেশৰ প্ৰতিটো বিষয়তে আলোকপাত কৰে ৷ সেয়া লাগিলে ক্ৰিড়াৰ ক্ষেত্ৰতেই হওক নাইবা মনোৰঞ্জনৰ ক্ষেত্ৰতেই হওক । এতিয়া শেহতীয়াকৈ অভিনেত্ৰী ৰকুল প্ৰীত সিং আৰু জেকী ভগনানীক বিয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এখন অভিনন্দন পত্ৰ প্ৰেৰণ কৰি এই নৱবিবাহিতা দম্পতীক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে দুয়োৰে বিবাহৰ সন্দৰ্ভত কিছু কথাও লিখিছে তেওঁ ৷ ৰকুল-জেকীক বিশেষভাৱে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

এতিয়া প্ৰধানমন্ত্ৰীগৰাকীৰ এই চিঠিখন ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পত্ৰখনত ৰকুল আৰু জেকীৰ বাবে কি লিখিছে জানো আহক ৷

ৰকুল-জেকীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীৰ পত্ৰখন আইএনএছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে । ইয়াৰ কেপচনত লিখা আছে, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱবিবাহিত দম্পতী জেকী ভগনানী আৰু ৰকুল প্ৰীত সিঙক অভিনন্দন জনাইছে ।’’ ইয়াৰ লগতে এখন দীঘলীয়া লিখিত চিঠিও শ্বেয়াৰ কৰা কৰিছে । য’ত প্ৰধানমন্ত্ৰীয়ে ৰকুল-জেকীক অভিনন্দন জনাই কিছু কথা লিখিছে ।

পূজা ভগনানী আৰু বাসু ভগনানীৰ পুত্ৰক বিবাহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে চিঠিখনত লিখিছে, ‘‘জেকী আৰু ৰকুলে আজীৱন আস্থা আৰু একেলগে থকাৰ যাত্ৰা আৰম্ভ কৰিছে । তেওঁলোকৰ বিবাহ উপলক্ষে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আগন্তুক বছৰকেইটো এই দম্পতীৰ বাবে ভাল হওক আৰু নতুন সুযোগ বিচাৰি উলিওৱাত সফল হওক । দম্পতীৰ হৃদয়, মন আৰু কৰ্ম একত্ৰিত হ’ব লাগে । সকলো সময়তে ইগৰাকীয়ে সিগৰাকী লগত থাকক, নিজৰ সপোন আৰু আকাংক্ষাবোৰো বাস্তৱত পৰিণত কৰক । অধিক চিন্তাশীলভাৱে দায়িত্ববোৰ সামৰি লওক ।’’

উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীত জেকী আৰু ৰকুল নিজ নিজ পৰিয়ালৰ সৈতে গোৱালৈ গৈছিল । গোৱাৰ এখন বিলাসী হোটেলত তেওঁলোকৰ বিয়া সম্পন্ন হয় আৰু বলীউডৰ বহু চেলিব্ৰিটিও এই বিয়াত অংশ লয় । ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হোৱাৰ পিচত ছ’চিয়েল মিডিয়াত দুয়োৱে বিয়াৰ ফটোও শ্বেয়াৰ কৰে ৷ য’ত দুয়োকে বৰ মৰমলগা দেখা যায় ৷

লগতে পঢ়ক: বিবাহপাশত আৱদ্ধ হ’ল ৰকুল প্ৰীত-জেকী ভগনানী, চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.