ছবিগৃহত অগ্নিসংযোগ কৰিলে পৱন কল্যাণৰ অনুৰাগীয়ে, চাওক ভিডিঅ’
Pawan Kalyan fans light fire inside theatre: দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণৰ ২০১২ চনৰ ছবি ‘কেমেৰামেন গংগাথো ৰামবাবু’ৰ পুনৰ ছবিগৃহত মুক্তি পাইছে ৷ কিন্তু পুনৰ ছবিগৃহত মুক্তি পোৱাত পৱন কল্যাণৰ অনুৰাগীয়ে ছবিগৃহত কৰিলে অদ্ভুত কাণ্ড ৷ চাওক ভিডিঅ’ ৷

Published : February 9, 2024 at 1:13 PM IST
চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: ২০১২ চনত মুক্তি পোৱা ছুপাৰষ্টাৰ পৱন কল্যাণৰ ছবি ‘কেমেৰামেন গংগাথো ৰামবাবু’ পুনৰবাৰ ছবিগৃহত মুক্তি পালে । এই ছবিখন পৰিচালনা কৰিছে বিখ্যাত পৰিচালক পুৰী জগন্নাধে ৷ আনহাতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তমন্না ভাটিয়া আৰু পৱন কল্যাণে । ইফালে ছুপাৰষ্টাৰ পৱন কল্যাণ অভিনীত ছবি ‘কেমেৰামেন গংগাথো ৰামবাবু’ৰ পুনৰ মুক্তি দি বিপদত পৰিছে নন্দিয়ালাৰ এটা থিয়েটাৰৰ মালিক ৷ আচলতে নিজৰ প্ৰিয় তাৰকাগৰাকীৰ পুনৰ মুক্তি উদযাপনৰ বাবে একাংশ অনুৰাগীয়ে থিয়েটাৰৰ ভিতৰতে লগাই দিলে জুই, যাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
অনুৰাগীয়ে চিনেমাহলত লগাই দিলে জুই
এএনআইয়ে এক্সত একাউন্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘‘পৱন কল্যাণৰ ছবি কেমেৰামেন গংগাথো ৰামবাবু পুনৰ মুক্তিৰ সময়ত অনুৰাগীয়ে নন্দিয়ালাৰ এটা থিয়েটাৰৰ ভিতৰত কাগজৰ টুকুৰা জ্বলাই দিয়ে ।’’ ভিডিঅ’টোত অনুৰাগীয়ে কাগজৰ টুকুৰাবোৰ জ্বলাই চিঞৰি উদযাপন কৰা দেখা যায় । জুই লগাই পৱন কল্যাণক উল্লাস কৰা দেখা যায় । ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
ইয়াত চাওক ভিডিঅ’টো -
উল্লেখ্য যে, পৱনৰ অনুৰাগীয়ে ছবিগৃহত হুলস্থুলৰ সৃষ্টি কৰা এইটোৱেই প্ৰথম নহয় । ২০২১ চনত যেতিয়া তেওঁৰ এখন ছবি কাৰিকৰী বিজুতিৰ বাবে এখন থিয়েটাৰত ৰখাই দিয়া হৈছিল, তেতিয়া অনুৰাগীয়ে জোগুলাম্বা গাডৱালৰ এখন থিয়েটাৰ ভাঙি লণ্ডভণ্ড কৰি পেলাইছিল । ইফালে ২০২৩ চনত বিজয়াৱাড়াত মদ্যপান কৰা একাংশ অনুৰাগীয়ে এখন থিয়েটাৰ ভাঙি লণ্ডভণ্ড কৰিছিল, তেতিয়া তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কঠোৰ সতৰ্কবাণী দিছিল ।
কেমেৰামেন গংগাথো ৰামবাবুৰ বিষয়ে
উল্লেখ্য যে, ‘কেমেৰামেন গংগাথো ৰামবাবু’ এখন ৰাজনৈতিক-একশ্যন ছবি, য’ত পৱন কল্যানে ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক ৰামবাবুৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনত প্ৰকাশ ৰাজেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

