ETV Bharat / entertainment

অভিনয় ত্যাগ কৰিলে পৰিণীতিয়ে ! বাছি লৈছে নতুনৰ কেৰিয়াৰৰ পথ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 2:02 PM IST

Parineeti Chopra To Start Her Music Career : পৰিণীতি চোপ্ৰাই নিজৰ কেৰিয়াৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিছে । বিয়াৰ পিচত এতিয়া জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব ওলাইছে অভিনেত্ৰীগৰাকীয়ে ।

Parineeti Chopra officially announced that she starts her career in music industry
বিয়াৰ পিচত ছবিজগতক বিদায় দিলে নেকি পৰিণীতিয়ে

চিটাৰা ডেস্ক, ২৫ জানুৱাৰী: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাক লৈ এটা ডাঙৰ খবৰ আহিছে ৷ যিটোৱে হয়তো কিছু আচৰিত কৰিব অনুৰাগীক । দৰাচলতে আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিচত অভিনেত্ৰীগৰাকীৰ চলচ্চিত্ৰ কেৰিয়াৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল । আনকি বহুতে ভাবিছিল যে পৰিণীতি ৰাজনীতিত যোগদান কৰিব ।

অৱশ্যে এতিয়া এই সকলোবোৰ খবৰক লৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিয়াৰ পিচত এতিয়া জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব অভিনেত্ৰীগৰাকীয়ে । হয়, অভিনেত্ৰীগৰাকী এতিয়া অভিনয়ৰ উপৰিও নিজৰ কণ্ঠৰে মোহিত কৰিব অনুৰাগীক ৷

এই কথা খোদ পৰিণীতিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আনুষ্ঠানিক ঘোষণা কৰিছে । এটা ভিডিঅ’ শ্বেয়াৰ কৰি সংগীত জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব ওলাইছে বুলি ঘোষণা কৰিছে অভিনেত্ৰীগৰাকীয়ে । অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে এটা দীঘলীয়া কেপশ্যন । পৰিণীতি চোপ্ৰাই নিজৰ নতুন যাত্ৰাক লৈ অতিশয় উৎসাহিত ।

অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘‘সংগীত মোৰ বাবে সদায় এক সুখৰ কথা । বছৰ বছৰ ধৰি মঞ্চত বহু সংগীতজ্ঞৰ কণ্ঠদান চাই আহিছো । এতিয়া মইও এই পৃথিৱীৰ অংশ হ’বলৈ ওলাইছো । মই নিজকে বৰ ভাগ্যৱান বুলি গণ্য কৰোঁ । মোৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো’’ ।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে দেশৰ বিখ্যাত গায়কসকলক প্ৰতিনিধিত্ব কৰা টি এম ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড আৰু টি এম টেলেণ্ট মেনেজমেণ্টৰ সৈতে হাত মিলাইছে । অৰিজিত সিং, সুনিধি চৌহান, বাদশ্বাহ, অমিত ত্ৰিবেদীকে ধৰি ২৫ জনতকৈও অধিক বৃহৎ শিল্পীৰ নাম এই কোম্পানীৰ সৈতে জড়িত ।

লগতে পঢ়ক: OTT ত আহিব এনিমেল, মুক্তিৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.