ETV Bharat / entertainment

OTT ত আহিব এনিমেল, মুক্তিৰ তাৰিখ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 1:15 PM IST

Animal OTT Release : বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল ৰণবীৰ কাপুৰৰ ছবি Animal এ । এতিয়া OTT প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈছে এনিমেল ।

Animal OTT release,  Netflix Announced Date
OTT ত মুক্তি পাব এনিমেল

চিটাৰা ডেস্ক, ২৫ জানুৱাৰী : ৰণবীৰ কাপুৰৰ সম্পূৰ্ণ বেলেগ শৈলী দেখা গৈছিল Animal ছবিখনত । এই ছবিখনত তেওঁৰ অভিনয়ে সকলোকে আপ্লুত কৰিছিল । ৰণবীৰৰ লগতে ৰশ্মিকা মন্দন্না, অনিল কাপুৰ আৰু তৃপ্তি ডিমৰীকো এনিমেলত মুখ্য চৰিত্ৰত দেখা গৈছিল । অৱশ্যে মুক্তিৰ পিচত ছবিখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল যদিও বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ বক্স অফিচত বহু ছবিৰ অভিলেখ ভংগ কৰি কোটি কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ছবিখনে ৷

ছবিগৃহৰ পিচত এতিয়া অ’টিটিত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে এনিমেলে ৷ শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মত এনিমেল মুক্তিৰ সন্দৰ্ভত চৰ্চা হৈছিল, কিন্তু অ’টিটিত মুক্তি নিষিদ্ধ কৰা হৈছিল ছবিখনৰ ৷ কিন্তু এতিয়া অ’টিটিত মুক্তিৰ বাবে সাজু হৈছে এনিমেল ।

২৬ জানুৱাৰীত নেটফ্লিক্সত মুক্তি পাব ৰণবীৰ কাপুৰৰ এনিমেল । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নেটফ্লিক্সে দিলে এই তথ্য ।

এনিমেলৰ টিজাৰ শ্বেয়াৰ কৰি নেটফ্লিক্সে লিখিছে - বতাহৰ গতিবেগ আৰু তাপমাত্ৰা বৃদ্ধি পাইছে । এনিমেলত তেওঁৰ বন্য ক্ৰোধৰ সাক্ষী হওক । ২৬ জানুৱাৰীত নেটফ্লিক্সত হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব ।

নেটফ্লিক্সৰ পোষ্টটো দেখি অনুৰাগীসকল অতি সুখী হৈছে । পোষ্টটোত এজন অনুৰাগীয়ে লিখিলে- অৱশেষত আহিব । আনহাতে আন এজনে লিখিছে – কিন্তু ছবিগৃহত চোৱাটো অধিক ভাল লাগিছিল । এজনে লিখিছে- ধন্যবাদ নেটফ্লিক্স ।

উল্লেখ্য যে, কেইদিনমান আগতে চিনে ১ ষ্টুডিঅ’ই টি-ছিৰিজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । য’ত তেওঁলোকে কৈছিল যে টি-ছিৰিজে প্ৰচাৰৰ বাবে বহু ধন খৰচ কৰিছে আৰু চুক্তি অনুসৰি তেওঁলোকে লাভৰ ভাগৰ ধন লাভ কৰা নাই । আনহাতে টি-ছিৰিজে কয় যে তেওঁলোকে চিনে ১ ষ্টুডিঅ’ক ২.৬ কোটি টকা দিছে । অৱশ্যে এই বিষয়টো আদালতৰ বাহিৰত নিষ্পত্তি কৰা হৈছিল । এতিয়া ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি দিয়া হ’ব ।

বক্স অফিচত এনিমেলৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে বিশ্বব্যাপী ছবিখনে ৯০০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে ।

লগতে পঢ়ক : দৰ্শকে কেনেকুৱা পালে হৃত্বিক-দীপিকাৰ ফাইটাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.