ETV Bharat / entertainment

৭ বছৰৰ পাচত পুনৰ বলীউডলৈ ঘূৰি আহিব আতিফ আছলাম

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 12:39 PM IST

Atif Aslam to return to Bollywood: হিন্দী চলচ্চিত্ৰ জগতত বহু হিট গীত দিছে আতিফ আছলামে । তেওঁৰ কণ্ঠৰ কোটি কোটি অনুৰাগী আছে । বহু বছৰ আগতে পাকিস্তানী শিল্পীক হিন্দী চিনেমাত কাম কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । নিষেধাজ্ঞাৰ পিচতে হিন্দী চিনেমাৰ পৰা অন্তৰ্ধান হৈছিল আতিফ আছলাম । এতিয়া আতিফৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ আহিছে । কি ভাল খবৰ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Pakistani singer Atif Aslam to return to Bollywood music after 7 years
আতিফ আছলামৰ অনুৰাগীৰ বাবে ভাল খবৰ

চিটাৰা ডেস্ক, ৩০ জানুৱাৰী: আতিফ আছলাম কোন সেয়া হয়তো নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই ৷ হিন্দী চিনেমাক বহু ছুপাৰহিট সংগীত দিছে আতিফ আছলামে । অৱশ্যে বহু বছৰ ধৰি বলীউডত নিষেধ কৰা হৈছে আতিফ আছলামক ৷ কিন্তু, তেওঁৰ গীতবোৰ এতিয়াও মানুহৰ মনত সজীৱ হৈ আছে । কোটি কোটি অনুৰাগী আছে আতিফ আছলামৰ। এতিয়া শেহতীয়াকৈ তেওঁৰ অনুৰাগীৰ বাবে আহিছে এটা ডাঙৰ খবৰ । আচলতে কণ্ঠশিল্পীগৰাকীয়ে আকৌ এবাৰ বলীউডত কামবেক কৰিবলৈ ওলাইছে । আগন্তুক এখন ছবিৰ বাবে কণ্ঠদান কৰিব আতিফে।

দৰাচলতে আতিফ আছলাম এগৰাকী পাকিস্তানী কণ্ঠশিল্পী ৷ কেইবছৰমান আগতে পাকিস্তানী শিল্পীসকলক ভাৰতত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । অৱশ্যে পিচত বম্বে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞাৰ আৱেদন নাকচ কৰে । ইয়াৰ পিচত বলীউডেও এতিয়া আতিফৰ বাবে সকলো দুৱাৰ মুকলি কৰি দিছে । এনে পৰিস্থিতিত বহু বছৰ পিচত বলীউডত কামবেক কৰিবলৈ যোৱা এই তালিকাৰ প্ৰথম নাম আতিফ আছলামৰ। ৭ বছৰৰ বিৰতিৰ অন্তত পুনৰ বলীউডলৈ উভতি আহিছে আতিফ। অমিত কছাৰিয়াৰ ছবি ‘লাভ ষ্ট’ৰী অৱ নাইনটিজ’ৰ জৰিয়তে পুনৰ বলীউডলৈ উভতি আহিছে আতিফ।

আতিফে এনেদৰে আৰম্ভ কৰিছিল কেৰিয়াৰ-

নিষেধাজ্ঞাৰ পিচতে হিন্দী চিনেমাৰ পৰা অন্তৰ্ধান হৈছিল আতিফ আছলাম । কিন্তু, এতিয়া তেওঁ পুনৰ হিন্দী চিনেমাত গান গোৱাৰ সিদ্ধান্ত লৈছে । ২০০২ চনত জাল নামৰ এটা বেণ্ডৰ সৈতে আতিফে গায়কী জীৱন আৰম্ভ কৰিছিল। এই ছবিখনৰ Woh Lamhe গীতটো মানুহে বহুত ভাল পাইছিল। এই গীতটিয়ে আতিফ আছলামক জনপ্ৰিয়তাৰ সোৱাদ দিছিল । ইয়াৰ পিচত তেওঁ বহুতো হিট গীত গাইছিল, যিবোৰ এতিয়াও মানুহে নিজৰ প্লেলিষ্টত ৰাখে । হিন্দী ছবিত বহু গীত গাইছে, যেনে তু জানে না, পেহলী নজৰ মে, তেৰা হনে লগা হু, বদলাপুৰৰ “জীনা জীনা” গীত । ইয়াৰ পিচত ২০১৭ চনত টাইগাৰ জিন্দা হেৰ ‘দিল দিয়া গল্লা’ গীতটি ৰাইজে অতিশয় ভাল পাইছিল।

লগতে পঢ়ক: পাঠানৰ পূৰ্বে ৪ বছৰৰ দীঘলীয়া বিৰতি লোৱাৰ কাৰণ ক’লে শ্বাহৰুখ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.