ETV Bharat / entertainment

কণ্ঠশিল্পী অভিশ্রুতি বেজবৰুৱাৰ নতুন বিহুসুৰীয়া গীত মুকলি

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:21 PM IST

New Bihugeet released : কণ্ঠশিল্পী অভিশ্রুতি বেজবৰুৱাৰ নতুন বিহুগীত 'দীঘলতি দীঘল পাত'ৰ শুভমুক্তি । গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি দিয়া হয় গীতটি । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী চেতনা দাস ।

New Bihugeet released
নতুন অসমীয়া বিহুসুৰীয়া গীত

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : আজি মুক্তি লাভ কৰিলে 'দীঘলতি দীঘল পাত' নামৰ এটি নতুন অসমীয়া বিহুসুৰীয়া গীত । জনপ্ৰিয় কণ্ঠশিল্পী অভিশ্রুতি বেজবৰুৱাৰ কন্ঠত নতুন অসমীয়া বিহুসুৰীয়া গীত 'দীঘলতি দীঘল পাত' মুকলি কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত । শুকুৰবাৰে এই নতুন অসমীয়া বিহুসুৰীয়া গীতটি মুকলি কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী চেতনা দাস । লগতে উপস্থিত থাকে বিশিষ্ট গীতিকাৰ-সুৰকাৰ তথা সংগীত শিল্পী দিগন্ত ভাৰতী আৰু সাংস্কৃতিক কৰ্মী সমুজ্জ্বল কাশ্যপ ।

পৰম্পৰাগত বিহুনামৰ সৈতে তিৱা জনগোষ্ঠীয় সুৰৰ মধুৰ সংমিশ্রণেৰে সুন্দৰ ৰূপত 'দীঘলতি দীঘল পাত' উপস্থাপন কৰা হৈছে । 'দীঘলতি দীঘলপাত' মূলতঃ গৰু বিহুৰ প্ৰেক্ষাপটত সৃষ্টি কৰা এটা গীত । এই বিহুগীতটিত ৰাভাসকলৰ নলকাৰা, বাডুমডুঙা, জাপকাৰা আৰু গুগুমেলা নামৰ থলুৱা বাদ্য ব্যৱহাৰ কৰা হৈছে । গুগুমেলা হৈছে এবিধ মাটিৰে নির্মিত সৰু বাদ্য যি মূলতঃ তিনিটা স্বৰত বজোৱা হয় । সেই স্বৰকেইটা ক্রমে- বাদুং দুংগা, বাদুং দুষ্কা আৰু জাপ কাৰা । এই স্বৰে গীতটি শ্ৰাব্যমধুৰ হোৱাত সুকীয়া মাত্ৰা প্ৰদান কৰিছে।

আজি মুক্তিলাভ কৰা এই গীতটিৰ সুৰ দিগন্ত ভাৰতীৰ । সংগীত কৰিছে ইবচন লাল বৰুৱাৰ আৰু ব্যৱস্থাপনা পৰাণ বৰকটকীয়ে। গীতটিৰ ভিডিঅ' পৰিচালনা কৰিছে সমুজ্জল কাশ্যপে । আনহাতে, গীতটোত অভিনয় কৰিছে নাট্যকাৰ-অভিনেতা তথা পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে ভালেকেইগৰাকী প্ৰতিভাৱান শিল্পীয়ে । কণ্ঠশিল্পী গৰাকীৰ ৰৈ ৰৈ ৰতি, এছাটি বতাহ, ওৰে ৰাতি, কেৰুমণি থুৰীয়া, কৰ্দৈ চকলা আদি গীতৰ দৰে 'দীঘলতি দীঘল পাত' গীতটিও ৰাইজে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে অভিশ্রুতি বেজবৰুৱাই ।

লগতে পঢ়ক:ছবিগৃহলৈ সমকামিতাৰ আধাৰত নিৰ্মিত ছবি 'সত্য The Truth'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.