ETV Bharat / entertainment

শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "জীয়া" - NEW ASSAMESE FILM RELEASE

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 4:04 PM IST

NEW ASSAMESE FILM: এগৰাকী অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰামৰ কিছু কাহিনীৰে ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "জীয়া"। অহা ১৭ মে'ত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে ।

NEW ASSAMESE FILM RELEASE
শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "জীয়া"

গুৱাহাটী, 13 এপ্ৰিল : ৰাজ্যৰ চলচিত্ৰপ্ৰেমীসকললৈ সুখবৰ ৷ এগৰাকী অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰাম আৰু জীৱনত সন্মুখীন হোৱা ভিন্ন যন্ত্ৰণা, সমাজৰ ককৰ্থনা আদিৰ পৰিস্থিতিসমূহক কাহিনী হিচাপে লৈ আহি আছে নতুন অসমীয়া ছবি "জীয়া"। অহা ১৭ মে'ত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে । ১১৫ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ পৰিচালনা কৰিছে কেনী বসুমতাৰীয়ে ।

আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু কেনী বসুমতাৰীৰ। ছবিখনত অভিনয় কৰিছে ক্ৰমে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ৰিকি শৰ্মা, ইপ্সিতা হাজৰিকা আৰু শিশু শিল্পী আৰাধ্যা মহন্তই । ছবিখনত আন বহুকেইখন চিনাকী মুখ আছে । উদয়ন দুৱৰা, মনোজ বৰকটকী, অমিতাভ ৰাজখোৱা, মালা গোস্বামী, সিদ্ধাৰ্থ মুখাৰ্জী, অড্ৰী হাতীবৰুৱা, পদ্মৰাগ গোস্বামী, আৰিফ আলী, পৰাণী চৌধুৰী, কৌশিক ভৰদ্বাজ, মিণ্টু বৰুৱা, অনুষ্কা কাশ্যপ, অশ্ৰুমণি বৰা, ৰেণু দেৱী চক্ৰৱৰ্তী, বিৰিণা পাঠক চক্ৰৱৰ্তী, ডেইজী বৰ্মন, জয়ীতা সেন আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ।

ইফালে ছবিখনৰ গীতত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ আদিকে ধৰি বহুকেইগৰাকী কন্ঠশিল্পীয়ে । শেহতীয়াকৈ ছবিখনৰ কেইটামান গীত মুক্তিৰ পিচতেই দৰ্শকৰ মাজত জনপ্ৰিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ সংগীত পৰিচালকৰ দায়িত্বত আছে অম্বৰ দাস ৷ গীতত কথা দিছে মৈত্ৰেয়ী পাটৰ, ৰাজদ্বীপ, চন্দনা পাঠক, ঠেংগাল জ্যোতি স্বপ্ন আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনকলৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: তৃপ্তি ডিমৰীয়ে পৰিয়ালৰ সৈতে উদযাপন কৰিছে জন্মদিন, লাভ কৰিলে বিশেষ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.