শীঘ্ৰেই ছবিগৃহলৈ আহিব ব্যংগ অসমীয়া ছবি ফাইণ্ডিং মাইনি
New Assamese film Finding Maini : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে বিজন বিকাশ ব্ৰহ্মৰ পৰিচালনাৰে নতুন ব্যংগ অসমীয়া ছবি ‘ফাইণ্ডিং মাইনি’।

Published : January 24, 2024 at 5:20 PM IST
গুৱাহাটী, ২৪ জানুৱাৰী: ২০২৪ বৰ্ষত মুক্তি পাব বহুকেইখন অসমীয়া ছবিখন ৷ এতিয়া এই তালিকাত যোগ হৈছে আন এখন ছবিৰ নাম ৷ সেয়া হৈছে ‘ফাইণ্ডিং মাইনি’। এক্স ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে বিজন বিকাশ ব্ৰহ্মই । তিনিগৰাকী বন্ধুৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু টিজাৰ মুকলি কৰা হৈছে ।
ফাইণ্ডিং মাইনি ছবিখনৰ কাহিনী কি ?
তিনিগৰাকী বন্ধুৰ আলৈ-আথানি, শোক, দুখ, হাঁহি আৰু কান্দোন সংমিশ্ৰিত অনুভূতিত হাস্যৰস সানি নিৰ্মাণ কৰা হৈছে ছবিখন । এদল নৱপ্ৰজন্মৰ কলা-কুশলীক লৈ দৰ্শকৰ বাবে এটা সুন্দৰ কাহিনীৰ মাজেৰে হাঁহিৰ খোৰাক দিয়াৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে ফাইণ্ডিং মাইনি ছবিখন।
উল্লেখ্য যে, আহিবলগীয়া এই নতুন ব্যংগ অসমীয়া ছবি "ফাইণ্ডিং মাইনি"ৰ প্ৰযোজনা কৰিছে কুশল কুমাৰ ব্ৰহ্মই । ছবিখনৰ সহ প্ৰযোজক হিচাপে আছে বিজন বি ব্ৰহ্ম, দীপাংকৰ কলিতা, পাপলু চৌধুৰী । সহ পৰিচালক- কিশলয় এম বি বৰুৱা, অলকেশ পাঠক । আনহাতে ছবিখনত অভিনয় কৰিছে অতনু মহন্ত, দীপাংকৰ কলিতা, বনি দেউৰী, দৰথী ভৰদ্বাজ, নন্দিনী দাস, শশাংক দাস, সাগৰিকা গোস্বামী, সুৰুজ কুমাৰ কলিতা, কিশলয় এম বি বৰুৱা, ঋষৱ শৰ্মা, জ্যোতি বৰা, ভাস্কৰ কলিতা আৰু জুবীন ফুকন । ইফালে ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে সুৰজ শেখৰ শৰ্মাই । চিত্ৰনাট্য কিশলয় এম বি বৰুৱাৰ । ৰূপসজ্জা কৰিছে পলি গগৈ, ৰিম্পী বৰগোহাঁইয়ে । শব্দ উদ্বীপ্ত ডেকা, চুমন কাশ্যপ, পাপলু চৌধুৰীৰ । লগতে শব্দৰ ডিজাইন কৰিছে পাপলু চৌধুৰীয়ে । ছবিখনত সংগীত কৰিছে হাৰ্জিত ডিয়াজে ।
কেতিয়া মুক্তি পাব ছবিখন ?
জানিব পৰা অনুসৰি এই ছবিখন চলিত বর্ষৰ ১৯ এপ্ৰিলত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি দিয়া হ’ব । ছবিখনক অন্যান্য ছবিসমূহৰ দৰেই দৰ্শকে আদৰি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।
লগতে পঢ়ক: কেনেদৰে আৰম্ভ হৈছিল সুৰকাৰ-কণ্ঠশিল্পী জে পি দাসৰ সংগীত যাত্ৰা ?

