ETV Bharat / entertainment

কেনেদৰে আৰম্ভ হৈছিল সুৰকাৰ-কণ্ঠশিল্পী জে পি দাসৰ সংগীত যাত্ৰা ? - J P Das special interview

Veteran singer J P Das Interview : জে পি দাসক হয়তো নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই ৷ কিন্তু আপুনি জানেনে জে পি দাসৰ সংগীত যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল ? তেওঁৰ বিষয়ে সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদনত ৷

ETV Bharat Assams special interview with Veteran singer composer J P Das
জে পি দাসৰ সাক্ষাৎকাৰ
author img

By ETV Bharat Assamese Team

Published : January 23, 2024 at 6:02 PM IST

Updated : January 23, 2024 at 6:10 PM IST

2 Min Read
জে পি দাসৰ সাক্ষাৎকাৰ

গুৱাহাটী, ২৩ জানুৱাৰী: ‘পৰিচয়বিহীন যাযাবৰ নগৰী’, ‘মোৰ মিনতি তৰা হয় যদি’, ‘সন্ধিয়াৰ আকাশত’, ‘ওৰে ৰাতি অন্ধকাৰত’, আদিকে ধৰি অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস । ডিব্ৰুগড় জিলাৰ বৰবাৰীত এটি সংস্কৃতিৱান পৰিয়ালত জন্ম লাভ কৰা জে পি দাস শৈশৱৰ পৰাই আৰম্ভ হৈছিল সংগীতৰ যাত্ৰা । শেহতীয়াকৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ পেছাগত জীৱনৰ সৈতে জড়িত বহু কথা প্ৰকাশ কৰে ৷

সংগীতৰ যাত্ৰাৰ সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়,‘‘মই বহুত সুখী মোৰ এই যাত্ৰাক লৈ, কাৰণ সংগীতত কোনো পাপ নাথাকে । সংগীতত মই সুৰ কৰো আৰু সুৰ কৰা বস্তুটো কোনেও দেখা নাপায় । সুৰটো এটা নেদেখা কলা ।’’

বৰ্তমান আৰু পূৰ্বৰ গীত বা গীতৰ সুৰৰ মাজত কেনে ধৰণৰ পাৰ্থক্য উপলব্ধি কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে কয়, ‘‘পূৰ্বৰ আৰু বৰ্তমানৰ গীত বা গীতৰ সুৰৰ মাজত বহুত পাৰ্থক্য আছে । কণ্ঠশিল্পী সকলৰো মাজত বহুত পাৰ্থক্য আছে । আগৰ গীতৰ সুৰবোৰ শ্ল’ আছিল, এতিয়াৰ সুৰবোৰত স্পীড আছে ।’’

সুৰ বাহিনীৰ সন্দৰ্ভত মন্তব্য কৰি শিল্পীগৰাকীয়ে কয়, ‘‘১৯৭৬ চনত প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰচেষ্টাত জন্ম হৈছিল । যিটো উদ্দেশ্যৰে শিল্পীগৰাকীয়ে সুৰবাহিনী জন্ম দিছিল সেইটো ধৰি ৰাখিব পৰা নগ’ল । এতিয়াৰ শিল্পীয়ে গীত গাই চান্দা তুলিব লাজ পায় । বহুতে সুৰ বাহিনীক গাঁৱলীয়া বুলি ভাৱে । ’’

সংগীত অনুষ্ঠান বা বিহুৰ মঞ্চত গীত পৰিৱেশনৰ মাজত কেনেধৰণৰ পার্থক্য পাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে কয়, ‘‘কলাটোক প্ৰচাৰ কৰাৰ বাবে আজিকালিৰ শিল্পীয়ে একো নকৰে, নিজক প্ৰচাৰ কৰাৰ বাবেহে কৰে ।’’

লগতে পঢ়ক: গুৱাহাটীত নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক

Last Updated : January 23, 2024 at 6:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.