ETV Bharat / entertainment

সন্দেহৰ আৱৰ্তত সাতজন লোক, পংকজ ত্ৰিপাঠীয়ে উদঙাব হত্যাকাৰীৰ মুখ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:35 PM IST

Murder Mubarak Teaser: পংকজ ত্ৰিপাঠী, কৰিশ্মা কাপুৰ, ছাৰা আলী খান অভিনীত ‘মাৰ্ডাৰ মুবাৰক’ ছবিখনৰ টিজাৰ মুকলি । ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে ।

Murder Mubarak teaser out now
মাৰ্ডাৰ মুবাৰকৰ টিজাৰ মুকলি

চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী: ‘মাৰ্ডাৰ মুবাৰক’ৰ মুক্তিৰ তাৰিখ ঘোষণা ৷ এই ছবিখনৰ সৈতে পুনৰ ছবিজগতলৈ উভতি আহিছে কৰিশ্মা কাপুৰ ৷ সোমবাৰে নেটফ্লিক্স ইণ্ডিয়াই টিজাৰৰ সৈতে ‘মাৰ্ডাৰ মুবাৰক’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । ছাৰা আলী খান, কৰিশ্মা কাপুৰ, পংকজ ত্ৰিপাঠী, সঞ্জয় কাপুৰ, টিস্কা চোপ্ৰা, বিজয় বাৰ্মা আৰু চুহাইল নায়াৰ অভিনীত এই ছবিখন পৰিচালনা কৰিছে হোমী আদজানীয়াই ।

'মাৰ্ডাৰ মুবাৰক'ৰ টিজাৰ মুকলি

টিজাৰটোত পংকজ ত্ৰিপাঠীক হত্যাকাণ্ডৰ তদন্ত কৰি থকা আৰক্ষী চোৰাংচোৱাৰ চৰিত্ৰত দেখা গৈছে । তেওঁৰ দৃষ্টি সাতজন সন্দেহযুক্ত লোকৰ ওপৰত - ‘দক্ষিণ দিল্লীৰ ৰাজকুমাৰী’ ছাৰা আলী খান, ‘চান্দনী চ’কৰ ভয়ংকৰ প্ৰেমিক বিজয় বাৰ্মা, ‘ছাচপেন্স ছবিৰ ড্ৰিৰ্ম গাৰ্ল’ কৰিশ্মা কাপুৰ, ডিম্পল কাপাডিয়া, সঞ্জয় কাপুৰ আৰু টিস্কা চোপ্ৰা ।

পংকজ ত্ৰিপাঠীয়ে টিজাৰটোত কোৱা দেখা গৈছে, ‘‘হত্যা কৰা সকলক কেনেকুৱা দেখা যায় ? যেনেকৈ দক্ষিণ দিল্লীৰ ৰাজকুমাৰী, বা চান্দনী চ’কৰ বিধ্বস্ত প্ৰেমিক, ছাচপেন্স ছবিৰ পুৰণি ড্ৰীৰ্ম গাৰ্ল বা কোনোবা ৰঙীন উন্মাদ শিল্পী, যাৰ শৰীৰত আছে ৰজাৰ তেজ । সদায় হত্যাকাৰীক ভয়ংকৰ যেন দেখা নাযায় ৷ সাধাৰণ মানুহৰ দৰেই দেখা যায় ৷ এতিয়া হয়তো আপোনাৰ কাষতো বহি থাকিব পাৰে ৷ ’’

কোনদিনা মুক্তি পাব ‘মাৰ্ডাৰ মুবাৰক’ ?

মাৰ্ডাৰ মুবাৰকৰ এই টিজাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে । ১৫ মাৰ্চত নেটফ্লিক্স ইণ্ডিয়াত মুক্তি পাব এই ছবিখন । এইখন হৰৰ কমেডী আৰু থ্ৰিলাৰ ছবি । ইয়াৰ পৰিচালক হোমী আদজানীয়া আৰু প্ৰযোজক দীনেশ বিজান । হোমীয়ে ককটেল আৰু ফাইণ্ডিং ফেনীৰ দৰে ছবিও পৰিচালনা কৰিছে ।

লগতে পঢ়ক: এটলীৰ VD18 ৰ টিজাৰ মুকলি, ভয়ংকৰ অৱতাৰত বৰুণ ধাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.