ETV Bharat / entertainment

অনুৰাগীসকলৰ বাবে পদ্মভূষণ বঁটা উৎসৰ্গা মিথুন চক্ৰৱৰ্তীৰ

Mithun Chakraboty: পদ্মভূষণ বঁটাৰ বাবে নিৰ্বাচিত হ’ল অভিনেতা তথা ৰাজনীতিবিদ মিথুন চক্ৰৱৰ্তী ৷ ইয়াৰ পিচতে অভিনেতাজনে এই সন্মানীয় বঁটা অনুৰাগী আৰু শুভাকাংক্ষীসকলক উছৰ্গা কৰিছে ।

Mithun Chakraborty
অনুৰাগীসকলৰ বাবে পদ্মভূষণ বঁটা উৎসৰ্গা কৰে মিথুন চক্ৰৱৰ্তীয়ে
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 8:16 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : পদ্মভূষণ বঁটাৰ বাবে নিৰ্বচিত হৈছে প্ৰবীণ অভিনেতা তথা ৰাজনীতিবিদ মিথুন চক্ৰৱৰ্তী ৷ অভিনয় জগতৰ পৰা ৰাজনীতিত যোগদান কৰা অভিনেতাসকলৰ ভিতৰত অন্যতম অভিনেতা মিথুন চক্ৰৱৰ্তী ৷ শেহতীয়াকৈ বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ে পদ্ম বঁটা ঘোষণা কৰে, য'ত চলচ্চিত্ৰ উদ্যোগৰ বহু অভিনেতাৰ সৈতে মিথুন চক্ৰৱৰ্তীৰ নাম অন্তৰ্ভুক্ত হৈছে ।

এই বাতৰি প্ৰকাশ হোৱাৰ পিচতে মিথুন চক্ৰৱৰ্তীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি তেওঁ পদ্ম বঁটা লাভ কৰাৰ বাবে তেওঁৰ অনুৰাগীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে তেওঁ এই সন্মানীয় বঁটাটো অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ নামত উছৰ্গা কৰিছে।

73 বছৰীয়া অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ঐতিহাসিক চলচ্চিত্ৰ মৃগয়াৰ দ্বাৰা তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰে, যাৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেতা শিতানত ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰা হয়। তাৰ পিচত চক্ৰৱৰ্তীয়ে 1982 চনত ডিস্ক’ ডান্সাৰ চলচ্চিত্ৰৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷ এই ছবিখনে বক্স অফিচতো ভাল প্ৰদৰ্শন কৰিছিল । তেওঁক শেষবাৰৰ বাবে বঙালী চলচ্চিত্ৰ কাবুলিৱালাত দেখা গৈছিল ।

লক্ষণীয় যে, বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ে পদ্ম বঁটা ঘোষণা কৰে, যাৰ ভিতৰত আছে 5 টা পদ্মভূষণ, 17 টা পদ্মভূষণ, 110 টা পদ্মশ্ৰী । বঁটা লাভ কৰা চেলিব্ৰিটীসকলৰ ভিতৰত চলচ্চিত্ৰ শিল্পীসকলৰ নাম আছে, এই শিল্পীসকলৰ ভিতৰত আছে দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱী ৷ তেওঁক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হ'ব । তাৰ লগতে প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী পদ্ম সুব্ৰমনিয়াম আৰু প্ৰবীণ অভিনেত্ৰী বৈজয়ন্তীমালাকো পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হ'ব । পদ্মভূষণ বিজয়ীসকলৰ ভিতৰত আছে অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা মিথুন চক্ৰৱৰ্তী আৰু কণ্ঠশিল্পী ঊষা উথুপ ।

লগতে পঢ়ক: পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে চিৰঞ্জীৱীয়ে