ETV Bharat / entertainment

হত্যাৰ গোচৰত আটক কানাড়া অভিনেতা দৰ্শন - DARSHAN THOOGUDEEPA MURDER CASE

author img

By PTI

Published : Jun 11, 2024, 1:57 PM IST

Kannada film actor Darshan : কানাড়া চলচ্চিত্ৰ অভিনেতা দৰ্শন থুগুদীপাক ৰেণুকা স্বামীৰ হত্যাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে । স্বামীৰ মৃতদেহ কামক্ষীপল্যৰ এটা পানীৰ নলাত উদ্ধাৰ হয় ৷ আৰক্ষীৰ তদন্তৰ পিচত দৰ্শনকে ধৰি সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হয় ।

Kannada film actor Darshan
আটক কানাড়া অভিনেতা দৰ্শন (ETV Bharat)

চিটাৰা ডেস্ক, 11 জুন : আগশাৰীৰ কানাড়া চলচ্চিত্ৰ অভিনেতা দৰ্শন থুগুদীপাক এটা হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে, আৰক্ষী সূত্ৰই মঙলবাৰে জনায় । ৰেণুকা স্বামী নামৰ এজন লোকৰ হত্যাৰ সন্দৰ্ভত ৪৭ বছৰীয়া ব্যক্তিজনক মাইচুৰুৰ এখন হোটেলৰ পৰা উঠাই অনা হৈছিল ৷

এই হত্যাকাণ্ডৰ পিচত ফাৰ্মাচী কোম্পানীৰ সৈতে কাম কৰা আৰু জিলাৰ মুখ্য সদৰ চহৰ চিত্ৰ দুৰ্গাৰ বাসিন্দা স্বামীৰ মৃতদেহ কামক্ষীপল্যৰ এটা পানীৰ নলাত পেলাই দিয়া হয় । এইটো অভিযোগ কৰা হৈছে যে মৃতব্যক্তিজনে সামাজিক মাধ্যমৰ এটা পোষ্টত এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰীৰ বিৰুদ্ধে কিছু অপমানজনক মন্তব্য কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে, জিলা সদৰ চহৰ চিত্ৰদুৰ্গাৰ লোকজনে ছ’চিয়েল মিডিয়া পোষ্টত এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰীৰ বিৰুদ্ধে কিছু অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতে এই হত্যাকাণ্ড সংঘটিত হয় । বেংগালুৰু আৰক্ষী আয়ুক্ত বি দয়ানন্দই কয় যে, কামাক্ষীপল্য থানাত সংঘটিত হোৱা হত্যাকাণ্ডৰ গোচৰত কানাড়া অভিনেতা দৰ্শন থুগুদীপাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পাচতে তেওঁক জিম্মাত লোৱা হৈছে ।

স্থানীয় একাংশ বাসিন্দাই আৰক্ষীক খবৰ দিয়াৰ পিচতে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ বিষয়ে জানিবলৈ সক্ষম হয় । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু ফৰেনছিক প্ৰতিবেদনত তেওঁক হত্যা কৰা হৈছে বুলি নিশ্চিত কৰা হয়, আৰক্ষী সূত্ৰই এইদৰে জানিবলৈ দিয়ে । অধিক তদন্তৰ পাচত একাংশ সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয় ৷

তেওঁলোকৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে দৰ্শনক আটক কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে । সূত্ৰসমূহে লগতে কয় যে অভিনেতাজন হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল নে ষড়যন্ত্ৰৰ অংশ আছিল সেই সন্দৰ্ভত তদন্ত চলি আছে । আৰ আৰ নগৰত থকা দৰ্শনৰ ঘৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা প্ৰদান কৰিছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে, অভিনেতাগৰাকীৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা অভিনেত্ৰীগৰাকীয়ে যেতিয়াই তেওঁৰ আৰু দৰ্শনৰ ফটো আপলোড কৰিছিল, তেতিয়াই ৰেণুকাস্বামীয়ে ঠাট্টা-মস্কৰা আৰু অপমানজনক মন্তব্য কৰিছিল । এই কথাত ক্ষুব্ধ হৈ দৰ্শনে ৰেণুকা স্বামীক চিত্ৰদুৰ্গাৰ পৰা বেংগালুৰুলৈ লৈ গৈছিল । তাত বিনয় নামৰ এজন ব্যক্তিৰ ঘৰত ৰাখি নিৰ্যাতন চলাইছিল ।

এপাৰ্টমেণ্ট কমপ্লেক্সৰ নিৰাপত্তাৰক্ষীয়ে কুকুৰবোৰে মৃতদেহটো খাললৈ টানি নিয়া দেখিছিল আৰু দেওবাৰে আৰক্ষীক খবৰ দিছিল ৷ মৃতদেহটো চিনাক্ত কৰাৰ পিচত কামাক্ষীপল্য আৰক্ষীয়ে ৰেণুকাস্বামীৰ পিতৃ-মাতৃক অৱগত কৰে । আৰক্ষীৰ তদন্তৰ সময়ত দৰ্শনৰ কথা ওলাই পৰে । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে দৰ্শনে চিত্ৰদুৰ্গা ফেন এছ'চিয়েশ্যনৰ সভাপতিক ফোন কৰিছিল আৰু ৰেণুকাস্বামীৰ অৱস্থান বিচাৰিবলৈ আৰু তেওঁক বেংগালুৰুলৈ আনিবলৈ কৈছিল ।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে দৰ্শনেও ৰেণুকাস্বামীক আক্ৰমণ কৰিছিল । মৃত্যুৰ কাৰণ অস্ত্ৰৰে মূৰত আঘাত কৰা বুলি উল্লেখ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই গোচৰৰ অধিক তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : নুৰৰ আত্মহত্যা সন্দৰ্ভত পৰিয়ালে কি কয় ? - THE TRIAL ACTRESS NOOR MALABIKA DAS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.