ETV Bharat / entertainment

শেষ মুহূৰ্তত ভাৰতত বিয়া হোৱাৰ সিদ্ধান্ত ৰকুল-জেকীৰ, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই ল‘লে এই সিদ্ধান্ত !

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 4:35 PM IST

Rakul Preet Singh Jackky Bhagnani Wedding: ২১ ফেব্ৰুৱাৰীত গোৱাত বিবাহপাশত আৱদ্ধ হ’ব ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী । ৰকুল-জেকীৰ বিবাহ প্ৰথম অৱস্থাত ভাৰতত নহয়, মধ্যপ্ৰাচ্যতহে হোৱাৰ কথা আছিল । কিন্তু শেষ মুহূৰ্তত নিজৰ পৰিকল্পনা সলনি কৰি বিয়াৰ স্থান গোৱালৈ স্থানান্তৰিত কৰে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Last-Minute Twist: Rakul Preet Singh and Jackky Bhagnani Alter Wedding Venue. Read Why
ৰকুল-জেকীৰ বিয়া

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: বি-টাউনৰ অন্যতম প্ৰেমিক যুগল ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী বৰ্তমান চৰ্চাত ৷ আচলতে দুয়োৰে বিবাহৰ বিষয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে । ইণ্টাৰনেটত ভাইৰেল হোৱা বহু বাতৰিত ২০২৪ চনৰ ২১ ফেব্ৰুৱাৰীত গোৱাত ৰকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিবাহ হ’ব বুলিও দাবী কৰা হৈছে । ৰকুল আৰু জেকীৰ বিয়াৰ খবৰৰ মাজতে এতিয়া এটা নতুন খবৰ আহিছে । খবৰ অনুসৰি পূৰ্বে ৰকুল আৰু জেকীয়ে ভাৰতত নহয়, বিদেশত বিয়া হোৱাৰ পৰিকল্পনা কৰিছিল । কিন্তু এতিয়া শেষ মুহূৰ্তত এই প্ৰেমিক যুগলে নিজৰ পৰিকল্পনা সলনি কৰিছে ।

ৰকুল প্ৰীত সিং আৰু জেকী ভগনানীক লৈ যিটো খবৰ ওলাইছে সেই অনুসৰি, ইয়াৰ পূৰ্বে ভাৰতত নহয়, বিদেশত বিয়াৰ পৰিকল্পনা কৰিছিল দুয়োৱে ৷ কিন্তু তাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেষ্টিনেচন ৱেডিং স্থান ভাৰতৰ সন্দৰ্ভত দিয়া বক্তব্যৰ পিচতে এই যুটিটোৱে বিয়াৰ স্থান সলনি কৰাৰ সিদ্ধান্ত লয় ।

ৰকুল-জেকীৰ ঘনিষ্ঠ সূত্ৰৰ মতে, ৰকুল আৰু জেকীয়ে পূৰ্বে মধ্যপ্ৰাচ্যত বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল । ৬ মাহৰ পৰিকল্পনা কৰাৰ পিচত সকলো সাজু হৈ উঠিছিল । তাৰ পিচত ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে মানুহে ভাৰতক বিয়াৰ গন্তব্যস্থান হিচাপে বাছি লোৱাৰ পৰামৰ্শ দিয়াৰ পিচতে ৰকুল আৰু জেকীয়ে নিজৰ দেশতে বিয়া হোৱাৰ সিদ্ধান্ত লয় ।

উল্লেখ্য যে, ২০২১ চনৰ অক্টোবৰ মাহত ছ’চিয়েল মিডিয়াত ৰকুল প্ৰীত সিং আৰু জেকী ভগনানীয়ে তেওঁলোকৰ সম্পৰ্ক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল । ইয়াৰ পিচত প্ৰায়ে পাৰ্টি আৰু অনুষ্ঠানত একেলগে দেখা গৈছিল ৰকুল-জেকীক । ৰকুল জেকীৰ বিয়াৰ কথা ক’বলৈ গ’লে এতিয়া ২১ ফেব্ৰুৱাৰীত গোৱাত অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিব ৷ অৱশ্যে এতিয়ালৈকে বিবাহৰ খবৰত ৰকুল বা জেকীৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই ।

লগতে পঢ়ক: চেম্পিয়নছ অৱ চেঞ্জ বঁটাৰ সন্মান লাভ শিল্পা শ্বেট্টীৰ, ফটো শ্বেয়াৰ কৰি ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.