ETV Bharat / entertainment

AI ৰ সহায়ত প্ৰয়াত গায়কৰ কণ্ঠ পুনৰ সৃষ্টি ৰহমানৰ

আগন্তুক ছবি লাল চালামৰ বাবে প্ৰয়াত গায়ক বাম্বা বক্য আৰু শ্বাহুল হামিদৰ কণ্ঠক পুনৰুজ্জীৱিত কৰিলে এ আৰ ৰহমানে । সংগীত সুৰকাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াত স্পষ্ট কৰি দিয়ে যে নিৰ্মাতাসকলে এআই মডেলৰ জৰিয়তে কণ্ঠসমূহ পুনৰ সৃষ্টি কৰাৰ অনুমতি বিচাৰিছিল ৷ প্ৰয়াত গায়কসকলৰ পৰিয়াললৈ পাৰিশ্ৰমিকো প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ।

Lal Salaam
প্ৰয়াত গায়কৰ কণ্ঠ পুনৰ সৃষ্টি
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 8:12 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 30 জানুৱাৰী : অস্কাৰ বিজয়ী সংগীত সুৰকাৰ এ আৰ ৰহমানে প্ৰকাশ কৰিছে যে তেওঁৰ দলটোৱে ৰজনীকান্তৰ আগন্তুক ছবি লাল চালামৰ এটা গীতৰ বাবে প্ৰয়াত গায়ক বাম্বা বক্য আৰু শ্বাহুল হামিদৰ কণ্ঠ পুনৰ সৃষ্টিৰ ক্ষেত্ৰত এ আই ছফ্টৱেৰ ব্যৱহাৰ কৰিবলৈ উপযুক্ত অনুমোদন লাভ কৰিছে ।

থিমিৰি য়েজুদা (Thimiri Yezhuda) শীৰ্ষক ট্ৰেকটোত বাম্বা বক্য আৰু শ্বাহুল হামিদৰ মন্ত্ৰমুগ্ধ কণ্ঠস্বৰ শুনিবলৈ পোৱা যাব ৷ সংগীতৰ উদ্যোগটোত ইয়াক এক যুগান্তকাৰী সাফল্য বুলি অভিহিত কৰিব পাৰি ৷ সোমবাৰে চ’নী মিউজিক চাউথে ঘোষণা কৰা অনুসৰি এআই মডেলৰ জৰিয়তে প্ৰয়াত কিংবদন্তিৰ কণ্ঠস্বৰ পুনৰুত্থান কৰাৰ এয়ে প্ৰথম উদাহৰণ ।

"#LalSalaam ছবিখনত #ThimiriYezhuda ত বাম্বা বক্য আৰু শ্বাহুল হামিদৰ মন্ত্ৰমুগ্ধকৰ কণ্ঠ @timelessvoicesx AI কণ্ঠ মডেলৰ দ্বাৰা সম্ভৱ কৰা হৈছে ।" এই উদ্যোগত প্ৰথমবাৰৰ বাবে কোনো প্ৰয়াত কিংবদন্তিৰ কণ্ঠক পুনৰ জীৱন্ত কৰি তোলা হৈছে- চ’নী মিউজিক চাউথৰ অফিচিয়েল হেণ্ডেলৰ এটা পোষ্টত এইদৰে লিখা আছে ৷

ষ্টুডিঅ’ৰ এই ঘোষণাৰ প্ৰতি সঁহাৰি জনাই ৰহমানে লগতে কয় যে তেওঁৰ দলটোৱে গীতটোৰ বাবে তেওঁলোকৰ কণ্ঠ এলগৰিদম ব্যৱহাৰ কৰাৰ পূৰ্বে বক্য আৰু হামিদৰ পৰিয়ালৰ পৰা অনুমতি বিচাৰিছিল । #respect আৰু #nostalgia হেচটেগ ব্যৱহাৰ কৰি তেওঁ কয় যে দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিলে প্ৰযুক্তি কোনো ভাবুকি নহয় ৷

মাইক্ৰ' ব্লগিং চাইটত তেওঁ লিখিছে, "আমি তেওঁলোকৰ পৰিয়ালৰ পৰা অনুমতি লৈ তেওঁলোকৰ ভইছ এলগৰিদম ব্যৱহাৰ কৰাৰ বাবে প্ৰাপ্য পাৰিশ্ৰমিক পঠিয়াইছিলো ..প্ৰযুক্তি কোনো ভাবুকি আৰু আমনি নহয় যদি আমি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰো#respect #nostalgia।"

মণিৰত্নমৰ Ponniyin Selvanত 'Ponni Nadhi'ৰ দৰে জনপ্ৰিয় গীতত কণ্ঠদানৰ বাবে জনাজাত বাম্বা বাক্যৰ ২০২২ চনৰ ছেপ্টেম্বৰত ৪২ বছৰ বয়সত মৃত্যু হয় । তেওঁ ৰজনীকান্তৰ ২.০, বিজয়ৰ বিগিল আৰু চৰকাৰৰ ট্ৰেকসমূহত কণ্ঠদান কৰিছিল ।

জেন্টলমেন, জিনছ আৰু কাধলানৰ দৰে চলচ্চিত্ৰত ৰহমানৰ সৈতে ব্যাপকভাৱে সহযোগিতা কৰা শ্বাহুল হামিদৰ ১৯৯৮ চনত মৃত্যু হয় । ঐশ্বৰ্য ৰজনীকান্তৰ দ্বাৰা পৰিচালিত লাল চালামত অভিনেতা বিষ্ণু বিশাল আৰু বিক্ৰান্ত আছে আৰু ছবিখন ৯ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ কথা ৷

লগতে পঢ়ক : ৭ বছৰৰ পাচত পুনৰ বলীউডলৈ ঘূৰি আহিব আতিফ আছলাম