ETV Bharat / entertainment

ৰজনীকান্তৰ যাদু দেখা নগ’ল লাল চালামত, প্ৰথম দিনাৰ বক্স অফিচ উপাৰ্জন জানি লওক

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:53 AM IST

Lal Salaam Box Office Prediction Day 1: আজি ছবিগৃহত মুক্তি পালে ৰজনীকান্তৰ ছবি লাল চালাম । ছবিখনে প্ৰথম দিনা কেনেকুৱা উপাৰ্জন কৰিব জানি লওক এই প্ৰতিবেদনত ৷

Lal Salaam Box Office collection Prediction Day 1
ছবিগৃহত মুক্তি পালে ৰজনীকান্তৰ ছবি লাল চালাম

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰে ৰজনীকান্তৰ প্ৰত্যেকখন ছবিলৈ । ইয়াৰ মাজতে আজি ছবিগৃহত মুক্তি পালে ৰজনীকান্তৰ ছবি ‘লাল চালাম’ । এই ছবিখন পৰিচালনা কৰিছে ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যই । ছবিখনত বিষ্ণু বিশাল আৰু বিক্ৰান্তক মুখ্য চৰিত্ৰত দেখা গৈছে আৰু ছবিখনত ৰজনীকান্তক কেমিঅ’ চৰিত্ৰত দেখা গৈছে ।

যিহেতু ৰজনীকান্তৰ অনুৰাগীসকলে গম পাইছে যে এই ছবিখনত ৰজনীকান্তৰ কেৱল কেমিঅ’ আছে, সেইবাবেই ছবিখনৰ বিষয়ে যিমান আলোচনা বা অনুৰাগীৰ উচাহ দেখিবলৈ পাব লাগিছিল সিমান কিন্তু দেখিবলৈ পোৱা নাই । ইয়াৰ বাবেই হয়তো প্ৰথম দিনা লাল চালামৰ উপাৰ্জনত প্ৰভাৱ পৰিব পাৰে । খবৰ পোৱা অনুসৰি এই ছবিখনে প্ৰথম দিনা বক্স অফিচত একো ভাল ফল দেখুৱাব নোৱাৰিব ।

লাল চালামৰ কথা ক’বলৈ গ’লে বিষ্ণু বিশাল আৰু বিক্ৰান্তৰ লগতে ভিগনেশ, লিভিংষ্টন, সেনথিল, জীৱিতা, কে এছ ৰবিকুমাৰ আৰু থাম্বি ৰমায়াক ছবিখনত সহযোগী চৰিত্ৰত দেখা গৈছে । এই ছবিখন এখন ক্ৰীড়া নাটক । ক্ৰীড়াৰ আৱৰণত ক্ষমতাৰ খেল দেখুওৱা হৈছে ছবিখনত ।

প্ৰথম দিনা ছবিখনে কিমান উপাৰ্জন কৰিব ?

প্ৰযোজক তথা চলচ্চিত্ৰ ব্যৱসায় বিশেষজ্ঞ, বলীউড লাইফৰ সৈতে হোৱা এক বাৰ্তালাপত লাল চালামৰ উপাৰ্জনৰ বিষয়ে কয় । তেওঁ কয়, ‘‘ৰজনীকান্তৰ প্ৰতিখন ছবিয়ে নিজস্ব হাইপ লৈ আহে । অৱশ্যে লাল চালাম সম্পূৰ্ণ ৰজনীকান্তৰ ছবি নহয় । অনুৰাগীয়ে জানে যে ছবিখনত তেওঁৰ কেমিঅ’ আছে । চাউথ চিনেমাৰ এই সপ্তাহৰ আটাইতকৈ ডাঙৰ ছবি এইখন । ছবিখনৰ মুক্তিৰ তাৰিখ সন্দৰ্ভত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছিল আৰু এইটো অতি খৰখেদাকৈ লোৱা সিদ্ধান্ত । ছবিখনৰ সংগ্ৰহো নিৰ্ভৰ কৰে অভিনেতাৰ ওপৰত । ছবিখনে প্ৰথম দিনাই ৮-১০ কোটি টকা সংগ্ৰহ কৰিব পাৰিব ।’’

উল্লেখ্য যে, ৰজনীকান্তৰ লাল চালাম ছবিখনে বিদেশৰ কিছুমান ঠাইত অতি কম শ্ব’ লাভ কৰিছে, যাৰ বাবে বিদেশত যথেষ্ট চাহিদা দেখিবলৈ পোৱা গৈছে । ইয়াৰ বাবেই আনকি টিকটৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাইছে ।

লগতে পঢ়ক: কন্যাৰ ছবিত অভিনয়ৰ বাবে মোটা অংকৰ ধন লৈছে ৰজনীকান্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.