ETV Bharat / entertainment

ৰাষ্ট্ৰীয় বঁটাৰ পিচত এতিয়া কৃতি ছেননে লাভ কৰিলে আন এক সন্মান

Kriti Sanon Golden Visa: কৃতিয়ে লাভ কৰিছে আইকনিক ইউ এ ই গোল্ডেন ভিছাৰ সন্মান । বলীউডৰ আন চেলিব্ৰিটিৰ সৈতে এতিয়া এই তালিকাত অন্তৰ্ভুক্ত হৈছে কৃতিৰ নাম ।

Kriti Sanon receives the UAE Golden Visa
কৃতি ছেননে পালে আইকনিক ইউ এ ই গোল্ডেন ভিছা
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 6:16 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ২৬ জানুৱাৰী: বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেত্ৰী কৃতি ছেনন । কৃতিয়ে বৰ্তমানলৈকে নিজৰ কেৰিয়াৰত বহুকেইখন ছবিত উৎকৃষ্ট অভিনয়ৰে নাম উজলাবলৈ সক্ষম হৈছে ৷ যোৱা বছৰ কৃতিয়ে ‘মিমি’ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰ সন্মান লাভ কৰিছিল । এই সকলোবোৰৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীয়ে আন এক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ইউ এ ই গোল্ডেন ভিছা লাভ কৰিলে কৃতি ছেননে

আচলতে কৃতি ছেননক ইউ এ ইৰ আইকনিক গোল্ডেন ভিছাৰে সন্মানিত কৰা হৈছে । ইয়াৰ পূৰ্বে শ্বাহৰুখ খান, ৰণবীৰ সিং আৰু বহু জনপ্ৰিয় ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিয়ে এই সন্মান লাভ কৰিছে । এতিয়া কৃতিয়েও এই সন্মান লাভ কৰা তালিকাত যোগ দিছে । ইচিএইচ ডিজিটেলৰ চিইঅ’ ইকবাল মাৰ্ক’নিৰ পৰা কৃতি ছেননে লাভ কৰে গোল্ডেন ভিছা । এই সন্দৰ্ভত কৃতজ্ঞতা প্ৰকাশ কৰি অভিনেতাগৰাকীয়ে কয় যে ইউ এ ই গোল্ডেন ভিছা লাভ কৰাটো এক সন্মানৰ কথা । ডুবায়ে মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে আৰু ইয়াৰ সাংস্কৃতিক পৰিৱেশৰ অংশ হ’বলৈ পাই মই সুখী ।

সংযুক্ত আৰব আমিৰশ্বাহীত ২০১৯ চনত গোল্ডেন ভিছাৰ প্ৰৱৰ্তন কৰা হৈছিল । গোল্ডেন ভিছা ব্যৱস্থাই দীৰ্ঘম্যাদী বাসস্থানৰ সুবিধা প্ৰদান কৰে । এই ভিছা পোৱাৰ পিচত বিদেশীয়ে ৰাষ্ট্ৰীয় পৃষ্ঠপোষক অবিহনে আৰু ১০০ শতাংশ মালিকীস্বত্বৰে ইউ এ ইত থাকিবলৈ, কাম কৰিবলৈ আৰু পঢ়াৰ সুবিধা লাভ কৰে ।

কৃতিৰ পূৰ্বে এইসকল তাৰকাই গোল্ডেন ভিছা লাভ কৰিছে

উল্লেখ্য যে, কৃতি ছেননৰ পূৰ্বে, শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়াল, সঞ্জয় দত্ত, ছানিয়া মিৰ্জা, বনী কাপুৰ আৰু অৰ্জুন কাপুৰ, জাহ্নৱী কাপুৰ, খুশী কাপুৰ আৰু অংশুলা কাপুৰ, সঞ্জয় কাপুৰ, বৰুণ ধৱন, ৰণবীৰ সিং, কমল হাছান, মোহনলাল, মামূটীকে ধৰি বহু চেলিব্ৰিটিক এই ভিছা দিয়া হৈছে । ইফালে দুলকৰ ছলমান, মৌনি ৰয়, উৰ্বশী ৰাউটেলা, সুনীল শ্বেট্টী, নেহা কক্কৰ, ফাৰাহ খান, চনু ছুদ, টভিনো থমাছ আৰু অমালা পলেও লাভ কৰিছে গোল্ডেন ভিছা ।

লগতে পঢ়ক: পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে চিৰঞ্জীৱীয়ে