ETV Bharat / entertainment

লাল সিং চাড্ডা ফ্লপ হোৱাত কেনেকুৱা আছিল আমিৰ খানৰ প্ৰতিক্ৰিয়া ?

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 4:49 PM IST

Laal Singh Chaddha Failure: কিৰণ ৰাও,‘‘লাল সিং চাড্ডাৰ বিফলতাই আমিৰ খানক বেয়াকৈ প্ৰভাৱিত কৰিছিল । এইটো আছিল তেওঁৰ সপোনৰ প্ৰজেক্ট ৷’’

Kiran Rao says failure of Laal Singh Chaddha affected Aamir Khan
আমিৰ খানৰ সপোনৰ প্ৰজেক্ট আছিল লাল সিং চাড্ডা

চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী: চলচ্চিত্ৰ নিৰ্মাতা তথা আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও এইকেইদিন তেওঁৰ আগন্তুক ছবি ‘লাপতা লেডিজ’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে । এই ছবিখন ২০২৪ চনৰ মাৰ্চ মাহত মুক্তি পাব । ছবিখনৰ ট্ৰেইলাৰে অনুৰাগীৰ পৰা ভাল সঁহাৰি লাভ কৰিছে ।

ইফালে, শেহতীয়াকৈ এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কিৰণ ৰাৱে আমিৰ খানে কিয় লাপাতা লেডিজত কাম কৰা নাই সেই বিষয়ে প্ৰকাশ কৰে । কিৰণে লগতে কয় যে লাল সিং চাড্ডাৰ ব্যৰ্থতাই আমিৰক যথেষ্ট প্ৰভাৱিত কৰিছে ।

কিৰণে কয়, ‘‘এয়া হতাশাজনক আছিল, যেতিয়া আপুনি কিবা এটা কামৰ বাবে আপোনাৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰে, কিন্তু তথাপিও আশানুৰূপ ফল নাপায়, যেনেকৈ লাল সিং চাড্ডা ছবিখনৰ লগত হৈছিল । এইটোৱে আমিৰ খানক বহুত প্ৰভাৱিত কৰিছিল । আমি সকলোৱে ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিলো । কাৰণ এই প্ৰজেক্টটোৰ বহুতো স্তৰ আছিল । ইয়াক ক’ভিড 19-ৰ ৰোলাৰ-কোষ্টাৰ যাত্ৰাৰ সময়ত তৈয়াৰ কৰা হৈছিল । এইটো আমিৰৰ সপোনৰ প্ৰজেক্ট আছিল । এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিবলৈ, আমি এটা দশক ধৰি ফৰেষ্ট গাম্প চলচ্চিত্ৰখনৰ অধিকাৰ লোৱাত ব্যস্ত আছিলোঁ ।’’

কিৰণে ক’লে, ‘‘ই অতি নিৰাশাজনক আছিল । ছ’চিয়েল মিডিয়াত মানুহে ভাল সঁহাৰি দিয়াত মই সুখী হৈছিলো । মই অনুভৱ কৰিছিলো যে ছবিখনে ইমান সুযোগ নাপালে আৰু কামো নহ’ল । আমি এই কথাটো মানি ল’ব লাগিব যে মানুহে ভাল নাপালে আৰু চাব নিবিচাৰিলে ।’’

উল্লেখ্য যে, লাল সিং চাড্ডা ছবিখন ২০২২ চনত মুক্তি লাভ কৰিছিল । ইয়াৰ পৰিচালনা কৰিছিল অদ্বৈত চন্দনে । এয়া আছিল ১৯৯৪ চনৰ হলিউডৰ ছবি ফৰেষ্ট গাম্পৰ অফিচিয়েল হিন্দী ৰিমেক । এই ছবিখনত আমিৰ খানৰ উপৰিও কৰীণা কাপুৰ খান, নাগ চৈতন্য আৰু মোনা সিঙেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । কিন্তু ছবিখনে বৰ্জনৰ সন্মুখীন হৈছিল । যাৰ বাবে বক্স অফিচত বেয়াকৈ বিফল হৈছিল ৷

ইফালে ‘লাপাতা লেডিজ’ৰ কথা ক’বলৈ গ’লে ইয়াৰ পৰিচালনা কৰিছে কিৰণ ৰাৱে । ছবিখনত অভিনয় কৰিছে অতিশয় জৈন অখিল, শিৱম ঘাৱাৰিয়া, ৰবি কিষাণ, দুৰ্গেশ কুমাৰে । ছবিখনত এগৰাকী নৱবিবাহিত কইনা ৰে’লৰ পৰা নিৰুদ্দেশ হোৱা দেখুওৱা হয় । স্বামীৰ হাতত নকইনাৰ মাত্ৰ এখন ফটো থাকে, য’ত কইনাৰ মুখখন ভালকৈ দেখা নাযায় । সেই কইনাক বিচাৰিবলৈ ব্যস্ত হৈ পৰে আৰক্ষী । পৰিদৰ্শকৰ ভূমিকাত আছে ৰবি কিষাণ ।

লগতে পঢ়ক: ৩১০০ কোটি টকা সম্পত্তিৰ মালিক, তথাপিও তেওঁ আটাইতকৈ ধনী অভিনেতা নহয়, কোন সেইজন অভিনেতা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.