ETV Bharat / entertainment

জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান বাতিলৰ আঁৰৰ মাষ্টাৰমাইণ্ড সত্যৰঞ্জন বৰা ! - Jubin Nautiyal Music Concert

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 10:26 PM IST

Jubin Nautiyal Music Concert: ৰাজ্যজুৰি চৰ্চাত জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠানৰ বিতৰ্ক ৷ সমগ্ৰ ঘটনাত সাঙোৰ খাইছে সত্যৰঞ্জন বৰাৰো নাম ৷ অনুষ্ঠানটোৰ উদ্যোক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অনুষ্ঠানটোৰ কৰ্মকৰ্তাৰ ৷

JUBIN NAUTIYAL MUSIC CONCERT
জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান বাতিলৰ আঁৰৰ মাষ্টাৰমাইণ্ড সত্যৰঞ্জন বৰা !

জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান বাতিলৰ আঁৰৰ মাষ্টাৰমাইণ্ড সত্যৰঞ্জন বৰা !

গুৱাহাটী, 5 এপ্ৰিল : শেষ হোৱা নাই জুবিন নৌটিয়ালৰ অনুষ্ঠান বাতিলৰ বিতৰ্ক । দিন পাৰ হৈ যোৱাৰ লগে লগে জুবিন নৌটিয়ালৰ অনুষ্ঠানৰ নামত এতিয়া পোহৰলৈ আহিছে এটাৰ পাচত আনটো বিতৰ্ক । সমগ্ৰ ঘটনাত সাঙোৰ খাইছে সত্যৰঞ্জন বৰাৰো নাম । শুকুৰবাৰে মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি অনুষ্ঠানটোৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে অনুষ্ঠানটোৰ লগত জড়িত বহুকেইগৰাকী কৰ্মকতাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ লগতে উদ্যোক্তা মৌচুমী বৰাৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ ৷ উদ্যোক্তা বৰাই কৰ্মকৰ্তাসকলক পাবলগীয়া ধন নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷

ইফালে সংবাদমেলত অনুষ্ঠান বাতিলৰ লগতে এই বিতৰ্কত সাঙোৰ খাইছে সত্যৰঞ্জন বৰা আৰু তেওঁৰ আশ্ৰম "চাণক্যৰ" নাম। "চাণক্যৰ" পৰাই সকলো পৰিকল্পনা চলোৱাৰো অভিযোগ উত্থাপন কৰিছে কৰ্মকৰ্তাসকলে ।

উল্লেখ্য যে, যোৱা ২৯ মাৰ্চত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান । অনুষ্ঠান আৰম্ভ হোৱাৰ ঠিক কিছু ঘণ্টাৰ পূর্বেই অনুষ্ঠান বাতিল কৰিছিল আয়োজকপক্ষই । ইয়াৰ পাচতেই আৰম্ভ হৈছিল অনুষ্ঠানক লৈ ইটোৰ পাচত সিটো বিতৰ্ক ।

অনুষ্ঠানটোৰ লগত জড়িত ইমদাদ আলিয়ে সংবাদমেল যোগে মন্তব্য কৰি কয়, 'অনুষ্ঠানৰ নামত আমাক ৰাইজৰ পৰা পইচা তুলিবলৈ নিৰ্দেশ দিয়া হৈছিল । আমি খবৰ পোৱা অনুসৰি জুবিন নৌটিয়ালৰ নামত বিমান টিকট কটা হোৱা নাই । এতিয়া আমি টকা খুজিলে মৌচুমী বৰাই আমাক ওলোটাই ভাবুকি প্ৰদান কৰে।"

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে কৰ্মকৰ্তাসকলে । লগতে এই সংবাদমেল যোগে ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত বিচাৰি এক গোচৰো ৰুজু কৰা হ'ব বুলি অৱগত কৰে কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: জুবিন নৌটিয়ালৰ শ্ব’ বাতিলৰ বিতৰ্ক : স্পষ্টীকৰণ দিলে উদ্যোক্তাই - Jubin Nautiyal music concert

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.