ETV Bharat / entertainment

পাঠানৰ পিচত এইবাৰ বেদাত দেখা যাব জন আব্ৰাহামৰ একশ্যন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:30 PM IST

Vedaa Poster: জন আব্ৰাহামে নিজৰ নতুন ছবিৰ কথা ঘোষণা কৰিছে । অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে নিজৰ লুক । ছবিখনৰ নাম ‘বেদা’ ।

John Abraham and Sharvari Wagh's Actioner Vedaa Gets Release Date
বেদাৰ পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: পুনৰ একশ্যনৰ সৈতে উভতি আহিছে জন আব্ৰাহাম । ঘোষণা কৰিলে অভিনেতাগৰাকীৰ নতুন ছবি । নতুন ছবিখনৰ পৰা আজি জনৰ লুক প্ৰকাশ পাইছে । জনৰ উপৰিও মুখ্য অভিনেত্ৰীগৰাকীৰ লুকো প্ৰকাশ পাইছে ।

শেহতীয়াকৈ পাঠানত দেখা পোৱা গৈছিল জন আব্ৰাহামক, য’ত অভিনেতাগৰাকীক জোৰদাৰ একশ্যন কৰা দেখা গৈছিল ৷ এতিয়া পাঠানৰ পিচত জনক আকৌ এবাৰ বিস্ফোৰক একশ্যন কৰা দেখা যাব । অভিনেতাগৰাকীয়ে নিজৰ আগন্তুক ছবিখনৰ পোষ্টাৰ ইনষ্টাগ্ৰামত মুকলি কৰিছে ।

ছবিখনৰ পৰা দুটা পোষ্টাৰ মুকলি কৰিছে । ছবিখনৰ শিৰোনাম হৈছে ‘বেদা’ ৷ ইফালে ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে অভিনেতাজনৰ একশ্যন অৱতাৰটো ভাল পাইছে । ‘বেদা’ৰ প্ৰথম পোষ্টাৰত জনক পিঠি দি থিয় হৈ থকা দেখা গৈছে । লগতে জনক হাতত বন্দুক লৈ থকা দেখা গৈছে ।

দ্বিতীয় পোষ্টাৰত জনৰ মুখৰ আধা অংশ দেখা গৈছে ৷ আধা অংশ অস্ত্ৰৰ দ্বাৰা লুকুৱাই ৰখা হৈছে । এই পোষ্টাৰখনত টি-চাৰ্ট পৰিধান কৰা দেখা গৈছে ৷ লগতে ডিঙিত তাবিজ পৰিধান কৰা দেখা গৈছে জনক । ইফালে এই ফটোখনত জনৰ পিচফালে দেখা গৈছে শৰ্বাৰী ৱাগক ৷ মুখত আঘাতৰ চিন আৰু চকুলো বৈ থকা দেখা গৈছে শৰ্বাৰী ৱাগৰ ।

কেতিয়া ছবিগৃহত মুক্তি পাব বেদা ?

পাঠানৰ পিচত দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে জনৰ আগন্তুক ছবিখনলৈ । অভিনেতাগৰাকীয়ে বেদা ছবিখন ঘোষণা কৰাৰ পিচৰে পৰা অনুৰাগীয়ে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এই ছবিখন পৰিচালনা কৰিছে নিখিল আদৱানীয়ে ৷

উল্লেখ্য যে, জন আব্ৰাহাম আৰু শৰ্বাৰী ৱাগ অভিনীত ছবি বেদা ২০২৪ চনৰ ১২ জুলাইত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: ফাইটাৰৰ নিৰ্মাতালৈ অসমত নিযুক্ত উইং কমাণ্ডাৰৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.