আকৌ এবাৰ জেকলিনলৈ প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰিছে সুকেশে
Sukesh letter to Jacqueline: প্ৰৱঞ্চনাৰ গোচৰত জেইলত বন্দী হৈ থৰা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে প্ৰতিদিনে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ প্ৰেমৰ চিঠি প্ৰেৰণ কৰে । এতিয়া আকৌ এবাৰ সুকেশে জেকলিন ফাৰ্নাণ্ডেজলৈ এখন চিঠি প্ৰেৰণ কৰিছে ।

Published : February 20, 2024 at 11:41 AM IST
চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ বৰ্তমান তেওঁৰ ছবিতকৈ অধিক প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বাবেহে বাতৰিৰ শিৰোনামত থাকে । প্ৰতিদিনে জেইলৰ পৰা জেকলিন ফাৰ্নাণ্ডেজলৈ প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰে সুকেশে ৷ চিঠিৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে প্ৰৱঞ্চক সুকেশে ৷ এতিয়া আকৌ এবাৰ সুকেশ চন্দ্ৰশেখৰে জেকলিনৰ বাবে ভেলেণ্টাইন ডে’ৰ চিঠি প্ৰেৰণ কৰিছে, যাৰ ফটো ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে । এই চিঠিখনত সুকেশে জেকলিনৰ বাবে বহু কথা প্ৰকাশ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ অভিনেত্ৰীগৰাকীৰ বাবে এটা বিশেষ গীতো ডেডিকেট কৰিছে । এই প্ৰতিবেদনত জানো আহক চিঠিখনত সুকেশে কি লিখিছে ৷
জেকলিন ফাৰ্নাণ্ডেজক ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনাই সুকেশ চন্দ্ৰশেখৰে চিঠিখনত নিজৰ অনুভৱ প্ৰকাশ কৰি লিখিছে,‘‘ভেলেন্টাইন ডে’ৰ এই সুন্দৰ আৰু বিশেষ দিনটোত মই তোমাক ক’ব বিচাৰো যে মই তোমাক পাগলৰ দৰে ভাল পাওঁ আৰু তুমি মোৰ হৃদয়ৰ হৃদস্পন্দন কৰাৰ কাৰণ ৷ ভেলেণ্টাইন ডে’ উইকৰ প্ৰথম দিনাৰ পৰাই তোমাক মিছ কৰা আৰু প্ৰতিটো চেকেণ্ডতে মই কেৱল তোমাৰ কথাই ভাবি আহিছো । এইটো আমাৰ দ্বিতীয় ভেলেণ্টাইন ডে’ যিটো আমি ইগৰাকীয়ে সিগৰাকীৰ পৰা বহু দূৰত আছো, কিন্তু এতিয়া আৰু এনে নহয় । এইটো আমাৰ বছৰ, যিয়ে আমাৰ চৌপাশৰ সকলো নেতিবাচকতা আৰু বাধা ভাঙি পেলাব ।’’
সুকেশ চন্দ্ৰশেখৰে চিঠিখনত লগতে লিখিছে, ‘‘আৰু এটা কথা, এই সময়চোৱাত আমাৰ মাজত কিছু ঘটনা ঘটিছিল, সেই সময়ত আমি চিনি পোৱা বহু লোকে, আমাৰ মাজত বুজাবুজিৰ ভুল হোৱাটো চাই সিহঁতে মজা লৈছিল, বিশেষকৈ মই "গোল্ড ডিগাৰ" বুলি কোৱাজনক যিজনে আমাৰ লগত মজা কৰি নাচি আছিল । আনকি তেওঁ মোলৈ পৰোক্ষভাৱে এটা মেছেজ পঠিয়াইছিল, মোক তোমাৰ বিৰুদ্ধে উচটনি দিছিল, কিন্তু গোল্ড ডিগাৰজনে গম পোৱা নাছিল যে মই যে তেওঁ চিনি পোৱা সেই মানুহবোৰৰ মাজৰ এজন নহয়, যিবোৰক প্ৰলোভিত কৰা হয় ।’’
উল্লেখ্য যে, শেহতীয়াকৈ জেকলিন ফাৰ্নাণ্ডেজে সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে বিভিন্ন মাধ্যমৰ জৰিয়তে হাৰাশাস্তি আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে দাখিল কৰা এই আবেদন প্ৰত্যাহাৰ কৰে জেকলিনে ৷
ইফালে জেকলিন ফাৰ্নাণ্ডেজৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে তেওঁ অক্ষয় কুমাৰৰ সৈতে ‘ৱেলকাম টু দ্য জংগল’ ছবিখনত কাম কৰি আছে । জেকলিনক শেষবাৰৰ বাবে দেখা গৈছিল অক্ষয় কুমাৰৰ ছবি ‘চেলফি’ত । বৰ্তমান অভিনেত্ৰীগৰাকী ব্যস্ত হৈ আছে ‘ফাতেহ’ ছবিখনৰ শ্বুটিঙত ।
লগতে পঢ়ক: সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিলে জেকলিনে

