ETV Bharat / entertainment

ইলন মাস্কক সমৰ্থন কংগনাৰ, দেৱতা-ঋষিৰ বিষয়ে ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:47 PM IST

Kangana Ranaut on Elon Musk: ইলন মাস্কৰ নিউৰালিংক কৰ্প প্ৰযুক্তিৰ জগতত এক নতুন কৃতিত্ব । এই প্ৰযুক্তিৰে মানুহৰ মাজত মগজু ৰোপণ কৰিব, যাতে তেওঁলোকে ফোন আৰু কম্পিউটাৰৰ দৰে যন্ত্ৰবোৰক নিজৰ মনেৰে নিয়ন্ত্ৰণ কৰিব পাৰে । এতিয়া ইলন মাস্কৰ এই কথাত সমৰ্থন কৰিছে কংগনা ৰনৌতে ৷

It is not impossible: Kangana Ranaut reacts to Elon Musk's idea of implanting brain chip in humans
ইলন মাস্কৰ নতুন কৃতিত্ব

চিটাৰা ডেস্ক, ৩০ জানুৱাৰী: ছ’চিয়েল মিডিয়াৰ জগতখনত কংগনা ৰনৌত নিজৰ স্পষ্টবাদী মতামতৰ বাবে পৰিচিত । প্ৰায়ে যিকোনো বিষয়ত অভিনেত্ৰীগৰাকীক মতামত আগবঢ়োৱা দেখা যায় ৷ এতিয়া পুনৰ অভিনেত্ৰীগৰাকীয়ে এটা পোষ্টৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কংগনাই পোষ্টটোত ইলন মাস্কক সমৰ্থন কৰিছে । ঘটনাৰ সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷

মঙলবাৰে ইলন মাস্কে এক্সত তেওঁৰ নিউৰালিংক কৰ্প’ৰেশ্যনৰ বিষয়ে তথ্য দিছিল । এতিয়া কংগনা ৰনৌতে এই কথা সমৰ্থন কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

  • Satyug was primarily called so because of this technology/ability of communication without speaking, if we see this in our lifetime then it’s not impossible to imagine technology Devtas and Rishis and many other celestial beings use in our scriptures, because for most of these so… https://t.co/U6T2NbuQNn

    — Kangana Ranaut (@KanganaTeam) January 30, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথম জানি লওক, Neuralink Corp কি ?

প্ৰযুক্তিৰ জগতখনত Neuralink এক নতুন কৃতিত্ব । এই কৰ্প’ৰেশ্যনৰ সামগ্ৰীয়ে মানুহৰ শৰীৰত মগজু ৰোপণ কৰিব, যাতে তেওঁলোকে ফোন আৰু কম্পিউটাৰৰ দৰে যন্ত্ৰক নিজৰ মগজুৰে নিয়ন্ত্ৰণ কৰিব পাৰে। Neuralink Corp সম্পৰ্কে তথ্য দি ইলন মাস্কে কয় যে Neuralink Corp ৰ প্ৰথম প্ৰডাক্টটোৰ নাম হ’ব টেলিপেথী ।

ইলন মাস্কে কি কৈছিল ?

ইলন মাস্কে এক্সত পোষ্টযোগে কয়, "ফোন বা কম্পিউটাৰকে ধৰি যিকোনো ডিভাইচ কেৱল চিন্তা কৰি নিয়ন্ত্ৰণ কৰিব পাৰি । প্ৰথম কথা, এই সুবিধা যিসকলে হাত-ভৰি হেৰুৱাইছে তেওঁলোকৰ বাবে উপলব্ধ হ’ব । কল্পনা কৰকচোন যদি ষ্টিফেন হকিঙৰ টাইপিষ্ট বা নিলামকাৰীতকৈ বেছি খৰকৈ কথা পাতিব পাৰো । সেইটোৱেই একমাত্ৰ উদ্দেশ্য ।"

কংগনাই দেৱ-ঋষিৰ লগত কৰিলে তুলনা

ইলন মাস্কৰ এই টুইটৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কংগনাই কয়, “সত্যযুগ মূলতঃ এই প্ৰযুক্তি/কথা নোকোৱাকৈ যোগাযোগ কৰাৰ ক্ষমতাৰ বাবেই তেনেকুৱা বুলি কোৱা হৈছিল । যদি আমি আমাৰ জীৱনকালত চাওঁ দেৱতা, ঋষি আৰু আন বহুতো স্বৰ্গীয় লোকে আমাৰ গ্ৰন্থত যি কৌশল ব্যৱহাৰ কৰিছিল সেয়া কল্পনা কৰাটো অসম্ভৱ নহয় ।"

অভিনেত্ৰীগৰাকীয়ে লগতে লিখিছে, "বেছিভাগ তথাকথিত নাস্তিকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল তেওঁলোকে নজনা/বা নেদেখা কথাবোৰ বুজি পোৱা, কাৰণ তেওঁলোকে কয় যে আমাৰ শাস্ত্ৰত লিখা সকলো কথা ইমানেই অতিৰঞ্জিত, ভাল এতিয়া ই বহু দূৰত নহয় ।"

লগতে পঢ়ক: শ্বাহৰুখ-অনুৰাগীৰ মাজৰ এটা ভিডিঅ’, যিটো দেখিলে আপোনাৰো চকুলো বৈ আহিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.