ETV Bharat / entertainment

সঁচাকৈ ছানী দেওলৰ লাহোৰ ১৯৪৭ৰ সৈতে পুনৰ ছবিজগতলৈ উভতিব নেকি প্ৰীতি জিন্টা ?

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:46 AM IST

Lahore 1947: প্ৰীতি জিন্টা বহুদিনৰ পৰা ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছে । অৱশ্যে শেহতীয়া খবৰ অনুসৰি অভিনেত্ৰীগৰাকী ছানী দেওলৰ আগন্তুক ছবিৰ জৰিয়তে পুনৰ বলীউডত উভতিব পাৰে । সবিশেষ জানক এই প্ৰতিবেদনত ৷

Is Preity Zinta making a comeback into films with Sunny Deol, Know the truth
পৰ্দাত আকৌ দেখা পাব প্ৰীতি-ছানীৰ ৰোমাঞ্চ !

চিটাৰা ডেস্ক, ২৫ জানুৱাৰী: বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা ছানী দেওল । কেইবাবছৰৰ ব্যৱধানৰ অন্তত ২০২৩ চনত ‘গদৰ ২’ৰ জৰিয়তে পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছিল ছানী দেওল আৰু ছবিখন ব্লকবাষ্টাৰ হৈছিল । ব্লকবাষ্টাৰ ছবি ‘গদৰ ২’ৰ পিচত ছানী দেওলে লাভ কৰিছে বহু ডাঙৰ ডাঙৰ ছবিৰ অফাৰ ৷

শেহতীয়াকৈ অভিনেতাগৰাকীক ‘ছাফৰ’ ছবিখনৰ শ্বুটিং কৰা দেখা গৈছিল । ইয়াৰ লগতে অভিনেতাগৰাকীৰ আন এখন আটাইতকৈ প্ৰত্যাশিত ছবি ‘লাহোৰ: ১৯৪৭’ৰ শ্বুটিং অতি সোনকালেই আৰম্ভ কৰিব পাৰে ৷ এই ছবিখনৰ সহ-প্ৰযোজক হ’ব আমিৰ খান প্ৰডাকশ্যন ।

এতিয়া খবৰ আহিছে যে লাহোৰ: ১৯৪৭ ছবিখনৰ জৰিয়তে বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰী পুনৰ ছবিজগতলৈ কামবেক কৰিব । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি যোৱা ২৪ জানুৱাৰীত প্ৰীতি জিন্টাক মুম্বাইৰ এটা ষ্টুডিঅ’ৰ পৰা ওলাই অহা দেখা গৈছিল, য’ত তেওঁ লুক টেষ্টৰ বাবে গৈছিল ।

এক সূত্ৰৰ পৰা পোৱা তথ্য লাভ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে ছানী দেওলৰ আগন্তুক ছবি লাহোৰ: ১৯৪৭ৰ বাবে লুক টেষ্ট দিছিল । এই ছবিখনৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে ৰূপালী পৰ্দাত কামবেক কৰিব বুলিও বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।

ছানী আৰু প্ৰীতিৰ যুটি বহু ছবিত দেখা গৈছিল

উল্লেখ্য যে, প্ৰীতি জিন্টা আৰু ছানী দেওলৰ যুটি ইতিমধ্যে বহু ছবিত দেখা গৈছে । দুয়োগৰাকীয়ে একেলগে ‘হিৰো: লাভ ষ্ট’ৰী অৱ এ স্পাই’, ‘ফাৰ্জ’ আৰু ‘ভাইয়াজী ছুপাৰহিট’ৰ দৰে বহু ছবিত কাম কৰিছে । যোৱা বছৰ গদৰ ২ৰ সৈতে ছানি দেওলে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছিল । ছবিখনে বক্স অফিচত লাভ কৰিছিল ব্যাপক সফলতা । ফলত আমিৰ খানে তেওঁক ‘লাহোৰ ১৯৪৭’ ছবিখনৰ প্ৰস্তাৱ আগবঢ়ায় ।

লাহোৰ : ১৯৪৭ ৰ কেতিয়া মুক্তি পাব ?

প্ৰতিবেদন অনুসৰি, “লাহোৰ: ১৯৪৭ ৰাজকুমাৰ সন্তোষীয়ে লিখা এখন পক্ষপাতমূলক নাটক য’ত ছানী দেওলক মুখ্য চৰিত্ৰত দেখা যাব । ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত মুক্তি পাব ছবিখন ।

লগতে পঢ়ক : মুক্তিৰ দিনা কিমান কোটি টকা উপাৰ্জন কৰিব ফাইটাৰে ? সবিশেষ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.