ETV Bharat / entertainment

মুক্তিৰ দিনা কিমান কোটি টকা উপাৰ্জন কৰিব ফাইটাৰে ? সবিশেষ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:02 AM IST

Fighter Advance Booking: আজি ছবিগৃহত মুক্তি পালে হৃত্বিক-দীপিকাৰ ফাইটাৰ । প্ৰথম দিনাই ছবিখনে কিমান উপাৰ্জন কৰিব পাৰে জানি লওক এই প্ৰতিবেদনত ৷

Fighter release in cinemas now, Know Advance Booking report of Fighter
ছবিগৃহত মুকলি ফাইটাৰ

চিটাৰা ডেস্ক, ২৫ জানুৱাৰী: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ ছবি ফাইটাৰলৈ । কিন্তু এতিয়া অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ কিয়নো আজি ছবিগৃহত মুক্তি পালে ছবিখন । ছবিখন মুক্তিৰ দিনাই বক্স অফিচত আলোড়ন সৃষ্টি কৰাৰ সম্ভাৱনা আছে । ফাইটাৰৰ অগ্ৰিম বুকিঙত ইতিমধ্যেই লাখ লাখ টিকট বিক্ৰী হৈছিল । সিদ্ধাৰ্থ আনন্দৰ এৰিয়েল একশ্যন ছবিখনে প্ৰথম দিনাই বৃহৎ ধন উপাৰ্জন কৰিব পাৰে । ছবিখনৰ অগ্ৰিম বুকিঙৰ সবিশেষ জানি লওক এই প্ৰতিবেদনত ৷

হৃত্বিক ৰোশন, দীপিকা পাডুকন, অনিল কাপুৰৰ উপৰিও ফাইটাৰত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে কৰণ সিং গ্ৰ’ভাৰে । ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা ছবিখনক লৈ অনুৰাগীৰ মাজত উচাহ দেখা পোৱা গৈছিল ৷ এতিয়া অনুৰাগীৰ উচাহ দেখা পোৱা যাব ছবিগৃহত ৷

অগ্ৰিম বুকিঙত কিমান টিকট বিক্ৰী হৈছে ?

ফাইটাৰ ছবিখন ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ এদিন পূৰ্বে মুকলি হৈছে ৷ গতিকে ছবিখনে ২৬ জানুৱাৰীত বৃহৎ ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে ৷ যিহেতু এইখন দেশপ্ৰেমমূলক ছবি, সেয়েহে গণতন্ত্ৰ দিৱসত এই ছবিখন বৃহৎ সংখ্যক লোকে উপভোগ কৰিব বুলি আশা কৰিছে নিৰ্মাতাই । ছবিখনৰ অগ্ৰিম বুকিঙৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি মুকলিৰ দিনটোত পিভিআৰ আৰু চিনেপলিছে ১৪ লাখ টিকট বিক্ৰী কৰিছে । ইয়াৰ উপৰিও ৪৩০০ খন মুভি মেক্সৰ টিকট বিক্ৰী হৈছে । অৰ্থাৎ ছবিখনে প্ৰথম দিনাই অগ্ৰিম বুকিঙৰ জৰিয়তে ৭.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।

প্ৰতিবেদন অনুসৰি ফাইটাৰে প্ৰথম দিনা প্ৰায় ২৫ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে । যিটো হৃত্বিক-দীপিকাৰ যুটিটোৰ মতে কম যদিও দ্বিতীয় দিনা এই সংগ্ৰহ বৃদ্ধি পাব পাৰে ৷ দ্বিতীয় দিনা ছবিখনে ৩৫-৪০ কোটি পৰ্যন্ত উপাৰ্জন কৰিব পাৰে । গণৰাজ্য দিৱসৰ বাবে লাভৱান হ’ব পাৰে ফাইটাৰে ।

উল্লেখ্য যে, ফাইটাৰ ২০২৪ চনৰ প্ৰথমখন ডাঙৰ বলীউড ছবি । য’ত হৃত্বিক আৰু দীপিকাৰ অনুৰাগীয়ে একশ্যনৰ পৰা আৰম্ভ কৰি ৰোমাঞ্চলৈকে সকলো একেলগে চাবলৈ পাব ।

লগতে পঢ়ক: কোন কোন দেশত নিষিদ্ধ হ’ল ফাইটাৰ ? নিষিদ্ধ হোৱাৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.