ETV Bharat / entertainment

কোন কোন দেশত নিষিদ্ধ হ’ল ফাইটাৰ ? নিষিদ্ধ হোৱাৰ কাৰণ কি ?

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 1:43 PM IST

Fighter banned in Gulf countries: ফাইটাৰ মুক্তিৰ অতি ওচৰ চাপিছে । ২৫ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব ফাইটাৰ ৷ এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব হৃত্বিক-দীপিকাক । কিন্তু মুক্তিৰ পূৰ্বেই ছবিখনে সন্মুখীন হৈছে কিছু বিপৰ্যয়ৰ । দৰাচলতে উপসাগৰীয় দেশসমূহত এই ছবিখন নিষিদ্ধ কৰা হৈছে । কিন্তু কিয় নিষিদ্ধ কৰা হৈছে সেয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Hrithik Roshan-starrer Fighter banned in Gulf countries, Know the reason
পসাগৰীয় দেশসমূহত নিষিদ্ধ হ’ল ফাইটাৰ

চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: দীপিকা পাডুকন আৰু হৃত্বিক ৰোশন অভিনীত ছবি ‘ফাইটাৰ’ মুক্তিৰ অতি ওচৰ চাপিছে । অৱশ্যে মুক্তিৰ পূৰ্বেই ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে । অগ্ৰিম বুকিঙৰ ক্ষেত্ৰতো ছবিখনে অভিলেখ ভংগ কৰি আছে । ইফালে চেন্সৰ ব’ৰ্ডেও ছবিখনৰ কিছুমান দৃশ্যত আপত্তি দৰ্শাইছে আৰু সেইসমূহ দৃশ্য কাটিবলৈ নিৰ্দেশ দিছে । কিন্তু ছবিখনৰ ট্ৰেইলাৰে লাভ কৰা প্ৰশংসাৰ মাজতে ছবিখনৰ নিৰ্মাতাই ডাঙৰ বিপদৰ সন্মুখীন হৈছে। সংযুক্ত আৰব গণৰাজ্য (ইউ এ ই)ৰ বাহিৰে উপসাগৰীয় সকলো দেশতে এই ছবিখন নিষিদ্ধ কৰা হৈছে । গতিকে জানো আহক নিষিদ্ধ কৰাৰ কাৰণ কি ৷

আচলতে The Gulf Cooperation Council ত বাহৰেইন, কুৱেইট, কাটাৰ, চৌদি আৰব, ওমান আৰু সংযুক্ত আৰব গণৰাজ্য দৰে দেশ অন্তৰ্ভুক্ত আছে । এনে বহু দেশত বলীউডৰ চিনেমা বহুত ভাল পায় । কিন্তু, হৃত্বিক আৰু দীপিকাৰ ফাইটাৰ মুক্তিৰ বাবে নিৰ্মাতাই লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি উপসাগৰীয় দেশত মুক্তি লাভ নকৰে ছবিখন । এই খবৰটো নিৰ্মাতাসকলৰ বাবে নিশ্চিতভাৱে এক বেয়া খবৰ ।

পুলৱামা আক্ৰমণৰ কাহিনীয়েই নেকি ইয়াৰ আঁৰৰ কাৰণ ?

উপসাগৰীয় দেশসমূহত ছবিখন নিষিদ্ধ কৰাৰ কাৰণ ইয়াৰ বিষয়বস্তু বুলি কোৱা হৈছে । ফাইটাৰৰ কাহিনীত ভাৰতীয় সেনাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিচত পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলায় । এই কাহিনীটো পুলৱামা আক্ৰমণৰ ওপৰত আধাৰিত, যিয়ে প্ৰতিগৰাকী ভাৰতীয়ক ছবিখন চাবলৈ বাধ্য কৰাব । কিন্তু, উপসাগৰীয় দেশসমূহত এই বিষয়টো দেখুওৱা নহ’ব । উল্লেখ্য যে, অহা ২৫ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব ফাইটাৰ ।

অগ্ৰিম বুকিঙত ভাল ফলাফল দেখুৱাইছে ছবিখনে

অগ্ৰিম বুকিঙৰ কথা ক’বলৈ গ’লে ফাইটাৰে মুক্তিৰ পূৰ্বেই ভাল উপাৰ্জন কৰিছে । Sacnilk ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এই ছবিখনে এতিয়ালৈকে ভাৰতৰ সকলো ভাষাতে ৫.২৯ কোটি টকা উপাৰ্জন কৰিছে । বিশ্বজুৰিও এই ছবিখনে ভাল প্ৰদৰ্শন আগবঢ়াইছে । প্ৰথমবাৰৰ বাবে দীপিকা আৰু হৃত্বিকক একেলগে দেখা যাব এই ছবিখনত । এই দুগৰাকীৰ উপৰিও ছবিখনত অনিল কাপুৰ, কৰণ সিং গ্ৰ’ভাৰ আৰু সঞ্জীদা শ্বেখকো দেখা যাব ।

লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই হৃত্বিক-দীপিকাৰ ফাইটাৰে উপাৰ্জন কৰিলে ৩.৬৭ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.