ETV Bharat / entertainment

মুক্তিৰ পূৰ্বেই হৃত্বিক-দীপিকাৰ ফাইটাৰে উপাৰ্জন কৰিলে ৩.৬৭ কোটি টকা

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:17 PM IST

Fighter Advance Booking Day 1: হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ ছবি ‘ফাইটাৰ’ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীয়ে । এনে পৰিস্থিতিত ছবিখনৰ অগ্ৰিম বুকিং পূৰ্ণগতিত কৰা হৈছে । ছবিখনে অগ্ৰিম বুকিঙৰ পৰা কিমান উপাৰ্জন কৰিলে জানো আহক ৷

Fighter advance booking: Over 1 lakh tickets sold before release
ফাইটাৰ অগ্ৰিম বুকিং

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত 'ফাইটাৰ' ২০২৪ চনৰ অন্যতম প্ৰত্যাশিত ছবি । ছবিখনৰ ট্ৰেইলাৰ আৰু পোষ্টাৰ মুক্তি পোৱাৰ পিচৰে পৰা অনুৰাগীয়ে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । কিন্তু এতিয়া অতি শীঘ্ৰেই অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব ৷ কাৰণ ছবিখনৰ মুক্তিৰ মাজত বাকী আছে মাত্ৰ দুটা দিন ৷ হয়, ছবিখন অহা ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব । এনে পৰিস্থিতিত ছবিখনৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে । গতিকে জানো আহক প্ৰথম দিনাৰ বাবে অগ্ৰিম টিকট বুকিং কৰি এতিয়ালৈকে কিমান কোটি টকা উপাৰ্জন কৰিছে ‘ফাইটাৰ’এ ।

প্ৰথম দিনটোৰ বাবে অগ্ৰিম বুকিং কৰি কিমান উপাৰ্জন কৰিলে ‘ফাইটাৰ’এ ?

প্ৰথমবাৰৰ বাবে দেখা যাব সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘ফাইটাৰ’ ছবিখনত হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ অনস্ক্ৰীণ ৰোমান্টিক কেমিষ্ট্ৰী । ডাঙৰ পৰ্দাত এই যুটিটোক একেলগে দেখিবলৈ অতি আগ্ৰহী হৈ আছে অনুৰাগী ৷ এনে পৰিস্থিতিত ছবিখনৰ প্ৰথম দিনটোৰ বাবে অগ্ৰিম বুকিং কৰা হৈছে । ছবিখনৰ অগ্ৰিম বুকিং সংগ্ৰহৰ বিষয়ে জানো আহক ৷

  • সেকনিল্কৰ এক প্ৰতিবেদন অনুসৰি "ফাইটাৰ"এ এই পৰ্যন্ত অগ্ৰিম বুকিং কৰি ৩.৬৭ কোটি টকা সংগ্ৰহ কৰিছে ।
  • ছবিখনৰ প্ৰথম দিনটোৰ বাবে এই পৰ্যন্ত মুঠ ১ লাখ ১৩ হাজাৰ ৪৮৭ টিকট বিক্ৰী হৈছে ।
  • ‘ফাইটাৰ’ৰ ২ডি সংস্কৰণৰ ৪৫ হাজাৰ ২২৬ টিকট বিক্ৰী হৈছে ।
  • থ্ৰীডি সংস্কৰণৰ বাবে ৬০ হাজাৰ ৬৯৩ টিকট বিক্ৰী হৈছে ।
  • ইমাৰ্চিভ আইমেক্স থ্ৰীডিৰ বাবে ৫ হাজাৰ ৯৯৭ টিকট বিক্ৰী হৈছে ।
  • 4DX 3D ৰ ১ হাজাৰ ৫৭১ টা টিকট বিক্ৰী হৈছে ৷

ফাইটাৰৰ ৰানটাইম কিমান ?

‘ফাইটাৰ’ৰ গীত আৰু ট্ৰেইলাৰে এই পৰ্যন্ত ভাল সঁহাৰি লাভ কৰিছে । এতিয়া সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে অৰ্থাৎ চিবিএফচিয়ে ছবিখনৰ কিছুমান দৃশ্যত পৰিৱৰ্তন কৰিবলৈ কোৱাৰ লগতে ইয়াক ইউ/এ চাৰ্টিফিকেট প্ৰদান কৰিছে । লগতে ছবিখনৰ ৰান টাইম ১৬৬ মিনিট হ’ব বুলি প্ৰতিবেদনত কোৱা হৈছে । এই ছবিখন ২৫০ কোটি টকাৰ বৃহৎ বাজেটত নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক: ফাইটাৰৰ প্ৰচাৰত দীপিকা নথকাৰ কাৰণ প্ৰকাশ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.