ETV Bharat / entertainment

গ্ৰেমী বঁটা ২০২৪ত ভাৰতৰ বিজয় ধ্বজা, গ্ৰেমী বঁটা লাভ শংকৰ মহাদেৱন-জাকিৰ হুছেইনৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:12 AM IST

Grammy Awards 2024: গ্ৰেমী বঁটা ২০২৪ত ভাৰতৰ বিজয় । এই সন্মানীয় অনুষ্ঠানত ভাৰতে তিনিটা বঁটা লাভ কৰিছে । সবিশেষ জানক এই প্ৰতিবেদনত ৷

India Shines at Grammys as Shankar Mahadevan, Zakir Hussain Win Best Global Music Album Award
গ্ৰেমী বঁটা লাভ শংকৰ মহাদেৱন-জাকিৰ হুছেইনৰ

চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী: সংগীত জগতৰ অস্কাৰ হিচাপে গণ্য কৰা গ্ৰেমী বঁটাৰ ৬৬ সংখ্যক সংস্কৰণ দেওবাৰে লছ এঞ্জেলছত অনুষ্ঠিত হয় । এই বঁটা অনুষ্ঠানত বছৰৰ ৰেকৰ্ড, বছৰৰ এলবাম আৰু বছৰৰ গীতকে ধৰি বহুতো ভিন্ন শিতানত বঁটা প্ৰদান কৰা হয় ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ৬৬ সংখ্যক গ্ৰেমী বঁটাত ভাৰতে দুটা ডাঙৰ বিজয় অৰ্জন কৰিছে ।

হয়, ভাৰতীয় গায়ক শংকৰ মহাদেৱন আৰু বিখ্যাত তবলাবাদক জাকিৰ হুছেইনক গ্ৰেমী বঁটাৰে সন্মানিত কৰা হৈছে । তেওঁৰ বেণ্ড শক্তিৰ এলবাম ‘This Moment’ য়ে লাভ কৰিছে শ্ৰেষ্ঠ গ্ল'বেল মিউজিক এলবামৰ বঁটা । চুজানা বাকা, বোকান্টে, বুৰ্না বয়, ডেভিডোৰ দৰে শিল্পীৰ সৈতে গ্ৰেমী দৌৰত মনোনীত হৈছিল ।

ইয়াৰ লগে লগে জাকিৰ হুছেইনৰ নামত মুঠ তিনিটা গ্ৰেমী বঁটা, বাঁহীবাদক ৰাকেশ চৌৰাছিয়াৰ নামত মুঠ দুটা গ্ৰেমী বঁটা ইতিহাসৰ পাতত সন্নিৱিষ্ট হৈ পৰিছে ।

উল্লেখ্য যে, এই খবৰটো প্ৰথমে শ্বেয়াৰ কৰিছিল ভাৰতীয় সংগীত শিল্পী তথা গ্ৰেমী বিজয়ী ৰিকি কেজে, যিয়ে লছ এঞ্জেলছত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । দৰ্শকৰ সৈতে জয়ৰ মুহূৰ্তটো শ্বেয়াৰ কৰি কেজে লিখিছে, ‘‘শক্তিৰ জয় #GRAMMYs #GRAMMYs2024 ! ৪ জন প্ৰতিভাৱান ভাৰতীয় সংগীতজ্ঞই এই এলবামৰ জৰিয়তে গ্ৰেমী লাভ কৰিছে ! আচৰিত । প্ৰতিটো দিশতে জিলিকি আছে ভাৰত । শংকৰ মহাদেৱন, চেলবাগনেশ বিনায়ক্ৰম, গণেশ ৰাজগোপালন, উস্তাদ জাকিৰ হুছেইন । উস্তাদ জাকিৰ হুছেইনে প্ৰতিভাৱান বাঁহীবাদক ৰাকেশ চৌৰাছিয়াৰ সৈতে দ্বিতীয়টো গ্ৰেমী লাভ কৰে । চমৎকাৰ ! #IndiaWinsGrammys।"

গ্ৰেমীয়েও এই খবৰ শ্বেয়াৰ কৰি লিখিছে, "শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম - এই মুহূৰ্তৰ বাবে শক্তিক অভিনন্দন ।" #গ্ৰেমী।

অনুৰাগীসকলে ভাৰতৰ এই গৌৰৱৰ মুহূৰ্তটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আৰু অভিনন্দন জ্ঞাপন কৰিছে ।

জাকিৰ হুছেইনৰ ঐতিহাসিক জয়

ভাৰতৰ বাবে ই আছিল এক ডাঙৰ জয়, কিয়নো উস্তাদ জাকিৰ হুছেইনে ৰাকেশ চৌৰাছিয়াৰ সৈতে শ্ৰেষ্ঠ সমসাময়িক বাদ্যযন্ত্ৰ এলবামৰ লগতে শ্ৰেষ্ঠ বাদ্যযন্ত্ৰ ৰচনা শাখাতো জয়লাভ কৰে ।

ইয়াৰ লগে লগে তবলাবাদক জাকিৰ হুছেইনে তিনিটা গ্ৰেমী বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় শিল্পী হিচাপে গ্ৰেমীত ইতিহাস ৰচনা কৰিছে ।

লগতে পঢ়ক: সংগীতৰ জগতৰ ডাঙৰ এৱাৰ্ড শ্ব’ গ্ৰেমী ২০২৪, কেতিয়া ক’ত চাব পাৰিব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.