ETV Bharat / entertainment

কৰ্মচাৰীক প্ৰহাৰ কৰা সন্দৰ্ভত ৰাহত ফাতেহ আলী খানে দিলে স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 2:59 PM IST

Rahat Fateh Ali Khan On Viral Video: শেহতীয়াকৈ ব্যাপক ট্ৰ’লৰ সন্মুখীন হৈছিল ৰাহত ফাতেহ আলী । তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত তেওঁ এজন যুৱকক জোতাৰে আঘাত কৰা দেখা গৈছিল । এতিয়া ৰাহতে এই বিষয়ত নিজৰ স্পষ্টীকৰণ দিছে ।

I am like his father: Rahat Fateh Ali Khan opens up on his viral video beating student
ৰাহত ফাতেহ আলীৰ স্পষ্টীকৰণ

চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী : শেহতীয়াকৈ ৰাহত ফাতেহ আলী খানৰ এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছিল । য’ত তেওঁ নৱীদ হাছনেইন নামৰ এজন কৰ্মচাৰীক জোতাৰে প্ৰহাৰ কৰা দেখা গৈছিল । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে ৰাহত ফাতেহ আলী খানক ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচনা কৰা হৈছিল । ইয়াৰ পিচতে এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই সন্দৰ্ভত স্পষ্টীকৰণ দিছিল কণ্ঠশিল্পীগৰাকীয়ে ৷ স্পষ্টীকৰণত তেওঁ কৈছিল যে এয়া গুৰু আৰু শিষ্যৰ মাজৰ কথা ৷ গুৰুৱে ভাল দেখিলে প্ৰশংসা কৰে আৰু বেয়া দেখিলে শাস্তিও দিয়ে ৷ এতিয়া এটা প’ডকাষ্টত হোৱা কথা-বতৰাত পাকিস্তানী গায়কগৰাকীয়ে এই ভিডিঅ’টোৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে ।

ঘটনা সন্দৰ্ভত কথা পাতি ৰাহত ফাতেহ আলী খানে কয়, "মই তেওঁৰ ওচৰত ক্ষমা খুজিছিলো ৷ তেওঁ কান্দিবলৈ ধৰিলে আৰু ক’লে, ‘উস্তাদ জী (ছাৰ) কিয় এনেকুৱা কৰিছে ?’ ৪৯ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘‘পিতৃৰ দৰেই ভূমিকা থাকে গুৰুৰ । মই কেৱল সেই ভূমিকা পালন কৰিছো ।’’

তেওঁ লগতে কয় যে নৱীদৰ চিকিৎসা আৰু বিয়াৰ খৰচ বহন কৰি পৰিয়ালকো সহায় কৰি আছে । উল্লেখ্য যে, ভাইৰেল ভিডিঅ’টোত ৰাহতে কৰ্মচাৰীজনক বাৰে বাৰে জোতাৰে কোবাই কোবাই প্ৰশ্ন কৰে ‘বটল ক’ত ?’। ট্ৰ’ল হোৱাৰ পিচত তেওঁ স্পষ্ট কৰি দিছিল যে ভিডিঅ’টোত পৱিত্ৰ পানীৰ কথা কৈছিল ।

ট্ৰলিং সন্দৰ্ভত কি ক’লে ৰাহত ফাতেহ আলী খানে ?

ট্ৰলিঙৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানী গায়কগৰাকীয়ে কয়, ‘‘তেওঁ মোৰ শিষ্য আৰু মই স্বীকাৰ কৰোঁ যে মই তেওঁৰ ওপৰত হাত তুলিছো আৰু অপমান কৰিছিলো । পিচত ক্ষমাও খুজিলোঁ । এতিয়ালৈকে ঠিকেই আছিল, যদিও মানুহে ঠাট্টা কৰি আছে । কিন্তু সত্যটো হ’ল তেওঁৰ হাতত মোৰ পবিত্ৰ পানী আছিল । পৰিস্থিতিৰ গভীৰতা মানুহে বুজি পোৱা নাই । এইটো মোৰ বাবে অতি গুৰুতৰ বিষয়, কাৰণ ইয়াত মোৰ আধ্যাত্মিক পথ প্ৰদৰ্শকসকল জড়িত হৈ আছে ।’’

লগতে পঢ়ক: ৰাহত ফাতেহ আলী খানক গৰিহণা চিন্ময়ী শ্ৰীপাদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.