জয় হনুমান নহয় এইবাৰ কওক "জয় হনুমেন" - Jai Hanuman

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 10:14 AM IST

Updated : Apr 22, 2024, 2:51 PM IST

Himanshu Prasad Das's new film Jai Hanuman will release in 18th October
জয় হনুমান নহয় এইবাৰ কওক "জয় হনুমেন" ()

Jai Hanuman : বকুলতলৰ ছাকিৰাৰ বিহু চাই শেষ হৈছিলহে, এইবাৰ হাতত গদা লৈ এন্ট্ৰি মাৰিছে হনুমেনে ৷ পিচে এই হনুমেন কোন জানেনে ?

চিটাৰা ডেস্ক, 22 এপ্ৰিল : জয় হনুমান, অ’ নহয় ৰ’ব ভুল হৈছে, জয় হনুমেন... আকৌ এবাৰ কওক জয় হনুমেন ৷ অতি শীঘ্ৰেই আমাৰ মাজলৈ আহি আছে "জয় হনুমেন"। এই জয় হনুমেন শুনি আপুনিও চাগে বিভ্ৰান্ত হৈছে ৷ ইতিমধ্যে সকলোৰে ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছ এপত হনুমেনে কিছু চৰ্চা লাভ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কিছু লোকে আকৌ হনুমেনৰ বানান শুধৰাবলৈ নোযোৱাও নহয় ৷ কিন্তু এইবাৰ বানান শুধৰাবলৈ নাযাব ৷ এই ধৰাত হনুমানৰ সলনি আগমন ঘটিছে হনুমেনৰ ৷

প্ৰকৃততে গৰু, বুলু ফিল্মৰ পাচত পুনৰ অন্য এক ব্যতিক্ৰমী চিন্তাৰে নাট্যকাৰ, পৰিচালক হিমাংশু প্ৰসাদ দাসৰ অন্য এখন নতুন অসমীয়া ছবি জয় হনুমেনে অচিৰেই মুক্তি লাভ কৰিব ৷ চলিত বৰ্ষৰ 18 অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে ৷

হিমাংশু প্ৰসাদ দাসৰ ‘ছাকিৰা আহিব বুকলতলৰ বিহুলৈ, গৰু, বুলু ফিল্মে ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছিল । এতিয়া জয় হনুমেনৰ প্ৰথম টীজাৰ মুক্তিৰ পাচতেই সমাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । টীজাৰ মুক্তিৰ লগতেই ছবিখনৰ মুক্তিৰ দিনটোও প্ৰকাশ কৰা হৈছে ৷

ইফালে ছবিখনৰ প্ৰথমটো টীজাৰ সামাজিক মাধ্যমত মুক্তি দিয়া হৈছে যদিও ছবিখনৰ মুখ্য চৰিত্ৰত কোনে অভিনয় কৰিব সেয়া এতিয়ালৈকে জানিব পৰা নাই হোৱা নাই । লগতে অন্যান্য চৰিত্ৰসমূহত কোনে কোনে অভিনয় কৰিছে সেয়াও জানিব পৰা নাই হোৱা । যাক লৈ এতিয়া বহুতৰে মাজত কৌতুহল সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে ।

অৱশ্যে কিছুসংখ্যক লোকে পৰিচালক তথা নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ অন্যান্য ছবিসমূহৰ দৰে এই ছবিখনৰ মূল চৰিত্ৰত তেওঁ নিজেই অভিনয় কৰিব বুলি ধাৰণা কৰি লৈছে । নাট্যকাৰ-পৰিচালক হিমাংশু প্ৰসাদ দাসৰ প্ৰতিখন ছবিয়ে সমাজ জীৱনৰ আধাৰত নিৰ্মিত । দাসৰ অন্য ছবিসমূহৰ দৰে আহিবলগীয়া নতুন ছবিখনো ৰাইজে আকোঁৱালি ল'ব বুলি আশাবাদী "জয় হনুমেন"ৰ কলা-কুশলীসকল ।

লগতে পঢ়ক: ক’লৈ গ’ল মাইনি ? আজিয়েই বিচাৰি যাওক এইকেইটা ছবিগৃহলৈ - New Assamese Film 2024

Last Updated :Apr 22, 2024, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.