ETV Bharat / entertainment

মুখত ‘বিড়ি’লৈ হেঙুলত কি কৰিছে কমল লোচনে ? - HENGOOL THEATRE

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 11:52 AM IST

HENGOOL THEATRE 2024-25 : ৩৭ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী । বৃহস্পতিবাৰে মুকলি কৰা হয় এইবর্ষৰ হেঙুল থিয়েটাৰৰ অন্যতম নাটক ‘বিড়ি’ৰ ট্ৰেইলাৰ ।

HENGOOL THEATRE 2024-25
৩৭ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী

গুৱাহাটী, ২৭ এপ্ৰিল : ২০২৩-২৪ বৰ্ষৰ নাট্যবর্ষ সমাপ্ত হোৱাৰ লগে লগে আগন্তুক নাট্যবর্ষৰ বাবে সাজু হৈছে ভ্ৰাম্যমাণগোষ্ঠীসমূহ । ইতিমধ্যে বহুকেইটা ভ্ৰাম্যমাণগোষ্ঠীয়ে প্ৰকাশ কৰিছে ২০২৪-২৫ ৰ নাটসমূহ । আগন্তুক নাট্যবর্ষৰ বাবে প্ৰস্তুত হৈছে হেঙুলগোষ্ঠীও । তিনিখন নাটকেৰে এদল যুৱ প্ৰতিভাৰ কলা-কুশলীকলৈ ৩৭ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী ।

এইবর্ষৰ হেঙুলৰ নাট কেইখন হৈছে - প্ৰণৱ ভৰালীৰ নাটক ‘‘মছজিদ ৰোড নামঘৰ পথ’’, নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ‘চিলনী’ আৰু অভিজিৎ ভট্টাচাৰ্যৰ ‘বিড়ি’ । ইতিমধ্যে তিনিখন নাটকৰে পোষ্টাৰ মুকলি কৰিছে হেঙুলগোষ্ঠীয়ে ।

বৃহস্পতিবাৰে মুকলি কৰা হয় এইবর্ষৰ হেঙুল থিয়েটাৰৰ অন্যতম নাটক ‘বিড়ি’ৰ ট্ৰেইলাৰ । সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয় ট্ৰেইলাৰটো । জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা আৰু সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আগন্তুক আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুল থিয়েটাৰ ৷

আনহাতে আগন্তুক নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন আৰু হিমাংশু গগৈ আদিকে ধৰি কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীক । প্ৰথমবাৰৰ বাবে এইবাৰ ভ্ৰাম্যমাণৰ মঞ্চত দেখা যাব অভিনেতা কলম লোচনক ।

ইফালে ‘‘বিড়ি’ৰ ট্ৰেইলাৰ মুকলিৰ পাচতেই সামাজিক মাধ্যমত চর্চা লাভ কৰা পৰিলক্ষিত হৈছে । সমান্তৰালভাৱে আন দুখন নাট মছজিদ ৰোড নামঘৰ পথ, চিলনীক লৈয়ো চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । অতি সোনকালেই মুকলি হ'ব নাটকখনৰ প্ৰম' ৷ এই কথা উল্লেখ কৰিছে হেঙুল থিয়েটাৰৰ বিষয়-ববীয়াসকলে ৷

এতিয়া নাট্যপ্ৰেমী ৰাইজৰ শুভাশীষ বিছাৰিছে হেঙুল গোষ্ঠীয়ে ।

লগতে পঢ়ক : অচিৰেই আহি আছে প্ৰণৱ ভৰালীৰ 'চুপা-চুপি' - Chupa Chuppi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.