ETV Bharat / entertainment

শ্বাহৰুখ খানক আই পি এল দলৰ শ্ৰেষ্ঠ স্বত্বাধিকাৰী বুলি প্ৰশংসা গৌতম গম্ভীৰৰ - Gautam Gambhir Shah Rukh Khan

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 2:20 PM IST

Gautam Gambhir Shah Rukh Khan
শ্বাহৰুখ খানক আই পি এল দলৰ শ্ৰেষ্ঠ স্বত্বাধিকাৰী বুলি প্ৰশংসা গৌতম গম্ভীৰৰ

Gautam Gambhir Shah Rukh Khan: দেশত এতিয়া আই পি এলৰ জ্বৰ ৷ KKR ৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানৰ প্ৰশংসাত পঞ্চমুখ ক্ৰিকেটাৰ গৌতম গম্ভীৰ ৷ তেওঁ শ্বাহৰুখ খানৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ সন্দৰ্ভত এইদৰে কয়.....

চিটাৰা ডেস্ক, 21 এপ্ৰিল : বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰখ্যাত অভিনেতা শ্বাহৰুখ খানে । শেহতীয়াকৈ, ক্ৰিকেটাৰ গৌতম গম্ভীৰে এক সাক্ষাৎকাৰত অভিনেতা তথা কলকাতা নাইট ৰাইডাৰ (KKR) ৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানক শ্ৰেষ্ঠ স্বত্বাধিকাৰী বুলি প্ৰশংসা কৰিছিল ।

গৌতম গম্ভীৰে শ্বাহৰুখ খানৰ সৈতে একেলগে এক সাক্ষাৎকাৰত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কয়, "মই কাম কৰা লোকসকলৰ ভিতৰত তেওঁক মই সকলোতকৈ বেছি সন্মান কৰো ৷ ইয়াৰ কাৰণ এইটো নহয় যে মই কে কে আৰ দলৰ এক সদস্য ৷ মোৰ অধিনায়কত্বৰ সাত বছৰৰ ভিতৰত মই তেওঁৰ লগত 7 মিনিটো ক্ৰিকেটৰ কথা পতা মোৰ মনত নাই ৷ মই যিখিনি সময়ত জীৱনৰ কঠিন সময়খিনি পাৰ কৰি আছিলো, সেই সময়তো মই তেওঁৰ লগত কথা পাতিছিলো ৷ এনেকুৱা এটা সময় আছিল য’ত মই প্ৰায় সকলো এৰি দিছিলো, মই হতাশাত ভুগিছিলো ৷"

"তেওঁ মোক একমাত্ৰ কৈছিল যে, আপুনি ইয়াত থকালৈকে, অথবা আপুনি ইয়াত থাকিব বিচৰালৈকেহে ইয়াত থাকিব ৷ আপুনি নিজকে হেৰুৱাই নিদিব । ক্ৰিকেটৰ ক্ষেত্ৰখনৰ বিষয়ে তেওঁৰ সৈতে মই যোৱা সাত বছৰত মাত্ৰ এইখিনিহে কথোপকথন কৰিছিলো ।" গৌতম গম্ভীৰে এইদৰে মত প্ৰকাশ কৰে ৷

"এজন ইমান ডাঙৰ মানুহ হৈও, এজন স্বত্বাধিকাৰী হিচাপেও তেওঁ আনকি ক্ৰিকেটৰ বিষয়েও কথা নকয়, তেওঁ সকলোৰে সিদ্ধান্তক সন্মান কৰিছিল ৷ তেওঁৰ আমাৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস কৰিছিলো ৷ মই এইটো কোৱা নাই যে মই সেই সাত বছৰত সকলোবোৰ সঠিক সিদ্ধান্তই লৈছো, কিন্তু তেওঁ কেতিয়াও ইয়াক লৈ মোক প্ৰশ্ন কৰা নাছিল ৷ এয়াই আমাৰ বণ্ডিং, তেওঁ মোক বিশ্বাস কৰিছিল ৷" লগতে গৌতম গম্ভীৰে এইদৰে কয় ৷

লগতে পঢ়ক: সুখে-দুখে 17 টা বৰ্ষ পাৰ কৰিলে ঐশ্বৰ্য-অভিষেকে - Aishwarya Abhishek Bachchan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.