ETV Bharat / entertainment

দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত লিটআৰ্ট ফেষ্টিভেল

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:23 PM IST

LitArt Festival in Guwahati: ১৭-১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম লিটআৰ্ট ফেষ্টিভেল । অসমৰ লগতে সমগ্ৰ দেশৰ ১৫ গৰাকীতকৈ অধিক লেখকৰ লগতে চলচ্চিত্ৰ আৰু সংগীতৰ বিশিষ্ট ব্যক্তিয়ে শোভাবৰ্ধন কৰিব উক্ত অনুষ্ঠানৰ । সাহিত্য, শিল্প, চলচ্চিত্ৰ নিৰ্মাণ আৰু সংগীতক একেলগে উদযাপন কৰা দেশৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ উৎসৱ হ'ব অসম লিটআৰ্ট ফেষ্টিভেল ।

LitArt Festival for the first time in Guwahati
দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত লিটআৰ্ট ফেষ্টিভেল

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : শিল্প, সাহিত্য, সংগীত আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনক একেলগে একেখন মঞ্চত তুলি ধৰাৰ বৰ্ণিল প্ৰয়াসেৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব অসম লিটআৰ্ট ফেষ্টিভেলৰ প্ৰথম সংস্কৰণ । অহা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত এই মহোৎসৱটি অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে লিটআৰ্ট ফাউণ্ডেচনে ।

দুদিনীয়া মহোৎসৱটিত অসম তথা সমগ্ৰ দেশৰে সাহিত্য, শিল্প, সংগীত আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বলীউডৰ একশ্যন পৰিচালক শ্যাম কৌশলেও অংশগ্ৰহণ কৰিব । লগতে এই মহোৎসৱত কণ্ঠশিল্পী জুবিন গাৰ্গ, জয় বৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনৰ দৰে অসমৰ শিপা খামুচি থকা বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰি অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব ।

অসম লিটআৰ্ট ফেষ্টিভেলৰ প্ৰতিষ্ঠাপক তথা পৰিচালক প্ৰয়াসী বৰুৱাই কয়, "অসম লিটআৰ্ট ফেষ্টিভেলৰ লক্ষ্য হৈছে অসমৰ সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলক একত্ৰিতভাৱে সমগ্ৰ দেশৰ শিল্পকৰ্মীসকলৰ সৈতে সংযোজিত কৰি ধাৰণা বিনিময় আৰু সহযোগিতাৰ এক মঞ্চ আৰু স্থান সৃষ্টি কৰা । আমাৰ বাবে আনন্দদায়ক কথাটো হ'ল-সাহিত্য, শিল্প, চলচ্চিত্ৰ নিৰ্মাণ, সংগীত আৰু শিল্পকৰ্মক একেখন মঞ্চতে উদযাপন কৰা দেশৰ এইটোৱেই হৈছে প্ৰথম আৰু একমাত্ৰ উৎসৱ ।"

তেওঁ লগতে কয় "এই মহোৎসৱটি উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশক সামৰি লোৱা এক সৃষ্টিশীল নৱজাগৰণক প্ৰভাৱিত কৰাৰ এটি বিনম্ৰ প্ৰয়াস । মই আৰু মোৰ দলটো সঁচাকৈয়ে অতিশয় গৌৰৱাম্বিত যে এই নৱজাগৰণ আমাৰ মাতৃভূমি অসমৰ পৰাই আৰম্ভ হৈছে । অহা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱটিৰ প্ৰথম সংস্কৰণটোৰ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।"

অসম লিটআৰ্ট ফেষ্টিভেলৰ সহ-প্ৰতিষ্ঠাপক তথা যুটীয়া পৰিচালক জ্যোৎস্না নেওগে কয়, ''চলচ্চিত্ৰ নিৰ্মাণ হ'ল শিল্প আৰু সাহিত্যৰ সৈতে জড়িত এক কলা । ৰাজ্যৰ সাহিত্য, কলা-শিল্পক প্ৰচাৰ কৰি যদি আমি অসমীয়া মনোৰঞ্জন উদ্যোগটোক মূলসুঁতিলৈ আনিব পাৰোঁ, তেন্তে ই নিশ্চিতভাৱে সম্ভাৱনাৰ অসীম সাগৰলৈ পৰিণত হ'ব আৰু এয়াই হ'ব আমাৰ মূল প্ৰচেষ্টা।"

অসম লিটআৰ্ট ফেষ্টিভেলৰ এই প্ৰথম সংস্কৰণৰ বিষয়বস্তু হৈছে, অভিব্যক্তিৰ বৈচিত্ৰ্য উদযাপন । দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত বক্তা সন্মিলন, পেনেল আলোচনা, কৰ্মশালা, গ্ৰন্থ উন্মোচন, শিল্প প্ৰদৰ্শনী আৰু সংগীত আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ মিশ্ৰণ পৰিলক্ষিত হ'ব ।

লগতে পঢ়ক: মন্ত্রীকে ধৰি চৰকাৰী সকলো আৱাসত প্ৰি-পেইড মিটাৰ লগোৱাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.