গুৱাহাটী, 11 ফেব্ৰুৱাৰী: চৰকাৰী আৱাসত বিদ্যুৎ ব্যৱহাৰ কৰি সময়মতে আৰু সমপৰিমাণৰ বিল আদায় নিদিয়াৰ দিন উকলিল ৷ এইবাৰ সকলো চৰকাৰী আৱাসত লগোৱা হ'ব প্ৰি-পেইড মিটাৰ ৷ প্ৰতিটো চৰকাৰী আৱাসত ব্যক্তিগত প্ৰি-পেইড মিটাৰ লগোৱাৰ বাবে শক্তি বিভাগক নিৰ্দেশনা দিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনকি মন্ত্ৰীৰ চৰকাৰী আৱাসতো প্ৰি-পেইড মিটাৰ লগোৱাৰ বাবে শক্তি বিভাগক নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে ৷
মন্ত্ৰী আৰু চৰকাৰী বিষয়াৰ আৱাসৰ পৰা বিদ্যুতৰ বিলৰ নামত মাহেকত দৰমহাৰ পৰা অতি কম পৰিমাণৰ বিল আদায় হোৱাৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশনা দিছে ৷ শক্তি বিভাগক অতি শীঘ্ৰে মিনিষ্টাৰ ক'লনীৰ আৱাসকে ধৰি সকলো চৰকাৰী আৱাসত প্ৰি-পেইড মিটাৰ লগোৱাৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে ৷ যাতে মন্ত্ৰীকে ধৰি কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৰেহাই মূল্যত বিদ্যুৎ লাভ কৰিব নোৱাৰে ৷ এই সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
সামাজিক মাধ্যমত প্ৰকাশ কৰা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ শক্তি বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁলোকে জনোৱা মতে মন্ত্ৰী আৰু বিষয়াৰ দৰমহাৰ পৰা অতি নামমাত্ৰ পৰিমাণৰ বিদ্যুৎ বিল আদায় কৰা হৈছে ৷ এই বিষয়টো অৱগত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগক সকলো চৰকাৰী আৱাসত ব্যক্তিগত প্ৰি-পেইড মিটাৰ লগোৱাৰ নিৰ্দেশ দিয়ে ৷ মন্ত্ৰীৰ চৰকাৰী আৱাসতো প্ৰি-পেইড লগোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে বিভাগক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে এই ব্যৱস্থা এই বাবেই কৰিবলৈ দিয়া হৈছে যাতে মন্ত্ৰীকে ধৰি চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে ৰাজ সাহাৰ্যযুক্ত বিদ্যুৎ উপভোগ কৰিব নোৱাৰে ৷
মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ নিসন্দেহে প্ৰসংশনীয় যদিও চৰকাৰী বিভাগ সমূহৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে ৷ কাৰণ চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধেও বিদ্যুতৰ বুজন পৰিমাণৰ বিল অনাদায় হৈ থকাৰ অভিযোগ আছে আৰু এই অভিযোগ নতুন নহয় ৷ লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে বিদ্যুতৰ অনাদায় বিল আদায় কৰাৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছিল ৷
বিদ্যুৎ চুৰিত লিপ্ত থকা সকলৰ বিৰুদ্ধে শক্তি বিভাগে এক প্ৰকাৰে জেহাদ ঘোষণা কৰিছিল ৷ আনকি বিদ্যুৎ চুৰি ৰোধ কৰাৰ বাবে এ পি ডি চি এল আৰু অসম আৰক্ষীয়ে যৌথভাৱে উদ্যোগ গ্ৰহণ কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত শক্তি বিভাগে যথেষ্ট সফলতা লাভ কৰিছিল ৷ এ পি ডি চি এলে যথেষ্ট পৰিমানে জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছিল ৷ তদুপৰি অনাদায় বিদ্যুৎ মাছুলো আদায় কৰিবলৈ সক্ষম হৈছিল ৷
- " class="align-text-top noRightClick twitterSection" data="">
এইবাৰ মুখ্যমন্ত্ৰীৰ চকু পৰিল মন্ত্ৰীৰ চৰকাৰী আৱাসকে ধৰি বিষয়া-কৰ্মচাৰীৰ চৰকাৰী আৱাসত ৷ উল্লেখ্য যে মন্ত্ৰীৰ আৱাসকে ধৰি চৰকাৰী আৱাসৰ বিদ্যুতৰ বিল অনাদায় হৈ থকাৰ বিষয়টো বছৰ বছৰ ধৰি চলি আহিছিল ৷ কিন্তু অৱশেষত মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ শক্তি বিভাগক নিৰ্দেশ প্ৰদান কৰিলে ৷ ইয়াৰ দ্বাৰা চৰকাৰী আৱাসৰ পৰা সময়মতে সমপৰিমাণৰ বিদ্যুতৰ বিল আদায় হোৱাৰ উপৰিও চৰকাৰী আৱাসত বিদ্যুতৰ অযথা ব্যৱহাৰৰ অভিযোগো দূৰ হ'ব ৷
লগতে পঢ়ক : শংকৰ সংঘৰ মঞ্চলৈ আজমলক নিমন্ত্ৰণ নজনাবলৈ কৰযোৰে অনুৰোধ মুখ্যমন্ত্ৰীৰ