ETV Bharat / entertainment

সামৰণি পৰিল ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:27 PM IST

Foothills National Drama Festival: অসমীয়া আৰু নগাসকলে একত্ৰিতভাৱে অংশগ্ৰহণ কৰে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত । দুয়োখন ৰাজ্যৰে বিভিন্ন শিল্পীয়ে মঞ্চস্থ কৰিছে নাট ।

Foothills National Drama Festival 2024
ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱ

ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱ

যোৰহাট, ৫ ফেব্ৰুৱাৰী : বিগত কেইবা দশক ধৰি নগাৰ আগ্ৰাসন, অসমীয়া আৰু নগাৰ সংঘাত আদি বিভিন্ন বিষয়ক লৈ অসম-নাগালেণ্ড সীমান্ত প্ৰায়ে উত্তেজনাপূৰ্ণ হৈ আহিছে । অসম আৰু নাগালেণ্ডৰ ভূমি বিবাদক লৈ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈয়ে আছে । একপ্ৰকাৰ সীমান্ত অঞ্চল অশান্তজৰ্জৰ বুলি ক'লেও অত্য়ুক্তি কৰা নহয় । কিন্তু বিগত তিনিদিন সংঘাতৰ বিপৰীতে সম্প্ৰীতিৰ এক আকৰ্ষণীয় দৃশ্য প্ৰতিফলিত হ'ল অসম-নাগালেণ্ড সীমান্তত । অসম-নাগালেণ্ডৰ সমন্বয় বাৰ্তাৰে দ্বিতীয়বাৰৰ বাবে তিনিদিনীয়াকৈ আয়োজন কৰা ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱৰ সফলভাৱে সামৰণি পৰে ।

নগা পাহাৰৰ পাদদেশত সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত নৰা আৰু বাঁহেৰে তৈয়াৰি মুকলি মঞ্চত প্ৰদৰ্শন হোৱা নাটক উপভোগ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাগালেণ্ডৰ বহুসংখ্যক নাট্য ৰসিকে । দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা নাট মহোৎসৱত প্ৰদৰ্শিত হয় নাট পৰিচালক হিমাংশু প্ৰসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে গুৱেৰ্নিকা নাট্য গোষ্ঠীৰ The great investigation, বিনয় শইকীয়াৰ ৰচনা আৰু মনিষা ৰাগিনীৰ পৰিচালনাৰে ৰাগিনী ক্ৰিয়েচন নাট্য গোষ্ঠীৰ 'আইধন ' নাটকখনৰ লগতে গিৱন কুশীলৱৰ নাট্য গোষ্ঠীৰ' যুঁজাৰু দ্য ফাইটাৰ', নাট্য ৰংগৰ 'বেৰ', নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ 'কমলা কুঁৱৰী', জৌ থিয়েটাৰৰ Our home, my Helth নাটককে ধৰি ন খন নাটক । নাট মহোৎসৱৰ অন্তিম দিনাৰ নাট উদ্ধোধন কৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই।

এইবাৰ অসমীয়া আৰু নাগাৰ সম্প্ৰীতিৰ দৃশ্য দেখা গ'ল অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নীত । নগা আৰু অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰী সাতাম পুৰুষীয়া । কেতিয়াবা সেই এনাজৰীত ঘূণে ধৰিলেও তাক পুনৰ কটকটীয়া কৰাৰ প্ৰয়াস কৰিছে একাংশ সমাজহিতৈষী ব্যক্তিয়ে । নগা-অসমীয়াৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীক ধৰি ৰখাৰ প্ৰয়াসৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি আৰু সমন্বয় সুদৃঢ় কৰাৰ লক্ষ্যৰে মৰিয়নীৰ সীমান্তৱৰ্তী ভৱানীপুৰৰ পাহাৰৰ নামনিত অনুষ্ঠিত হৈছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ । ২ ৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ বাবে ভৈয়ামত অসমীয়া আৰু পাহাৰৰ নগা লোকসকল একত্ৰিত হৈ নগা পাহাৰৰ নামনিত নাট মঞ্চস্থ কৰে ।

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.