ETV Bharat / entertainment

নিজৰ ছবিৰ উপাৰ্জনৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে হৃত্বিকৰ ফাইটাৰে

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 12:32 PM IST

Fighter BO Collection: ২৫ জানুৱাৰীত ছবিগৃহত মুকলি হৈছে ফাইটাৰ ৷ এতিয়া প্ৰকাশ পাইছে ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জন সংখ্যা ৷ জানো আহক ছবিখনে প্ৰথম দিনা কিমান উপাৰ্জন কৰিছে ৷

Fighter box office collection on Day 1, Hrithik Roshan could not break his film record
ফাইটাৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২৬ জানুৱাৰী: ছবিগৃহত মুক্তি পালে হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ ছবি ‘ফাইটাৰ’ । প্ৰথমবাৰৰ বাবে দৰ্শকে এই ছবিখনৰ জৰিয়তে উপভোগ কৰিছে এৰিয়েল একশ্যন । সমালোচক আৰু দৰ্শক উভয়ৰে পৰা ফাইটাৰে ভাল সঁহাৰি লাভ কৰিছে যদিও ছবিখনৰ উপাৰ্জন আশা কৰা ধৰণে হোৱা নাই । কেৱল এয়াই নহয়, হৃত্বিকৰ শেষ মুক্তি পোৱা ছবিৰ অভিলেখো ভংগ কৰিব পৰা নাই ফাইটাৰে ।

ফাইটাৰত হৃত্বিক ৰোশন, দীপিকা পাডুকনৰ লগতে অনিল কাপুৰ, কৰণ সিং গ্ৰ’ভাৰ আৰু অক্ষয় ওবেৰয়ক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে । একশ্যনেৰে ভৰা এই ছবিখনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰা দেখা গৈছে ।

ফাইটাৰৰ প্ৰথম দিনৰ সংগ্ৰহ কিমান ?

সেকনিল্কৰ প্ৰতিবেদন অনুসৰি ফাইটাৰে প্ৰথম দিনা মাত্ৰ ২২ কোটি টকাহে উপাৰ্জন কৰিছে। ছবিখনে ৩০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰিব বুলি আশা কৰা হৈছিল যদিও আশা কৰা ধৰণে নহ’ল উপাৰ্জন । অৱশ্যে আজি গণৰাজ্য দিৱস উপলক্ষে ছবিখনে ভাল সংগ্ৰহ কৰিব পাৰে বুলি আশা কৰা হৈছে ।

ৱাৰৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে ফাইটাৰে

ফাইটাৰৰ জৰিয়তে মুকলি দিনটোত নিজৰ ছবিৰ অভিলেখ ভংগ নোৱাৰিলে হৃত্বিক ৰোশনে । হৃত্বিকৰ ছবি ৱাৰে মুকলিৰ দিনা ৫৩ কোটি টকা সংগ্ৰহ কৰিছিল । আনহাতে বেং বেঙৰ কথা ক’বলৈ গ’লে ২৭ কোটি টকা উপাৰ্জন কৰিছিল । প্ৰথম দিনা কৃষ ৩ য়ে ২৩.৫০ কোটি আৰু অগ্নিপথে ২৩ কোটি টকা উপাৰ্জন কৰিছিল ।

নিজৰ বহু ছবিৰ সংগ্ৰহৰ অভিলেখ ভংগ কৰিব পৰা নাই হৃত্বিকে । এতিয়া লক্ষণীয় হ’ব যে ফাইটাৰে মুঠ উপাৰ্জন কৰি এই ছবিবোৰৰ অভিলেখ ভংগ কৰিব পাৰিব নে নোৱাৰে ।

উপসাগৰীয় দেশত মুক্তি পোৱা নাই ফাইটাৰ

ফাইটাৰৰ উপাৰ্জনত প্ৰভাৱ পৰাৰ এটা ডাঙৰ কাৰণ হৈছে উপসাগৰীয় দেশসমূহত ইয়াক মুকলি কৰিবলৈ দিয়া হোৱা নাই । চেন্সৰৰ কাৰণত ভাৰত আৰু পাকিস্তানৰ পটভূমিত নিৰ্মিত এই ছবিখন মুক্তিৰ বাবে অস্বীকাৰ কৰা হৈছিল । কেৱল ইউ এ ইত মুকলি কৰা হৈছে ফাইটাৰ ।

লগতে পঢ়ক: দৰ্শকে কেনেকুৱা পালে হৃত্বিক-দীপিকাৰ ফাইটাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.